عَنْ أَبِي الحَوْرَاءِ السَّعْدِيِّ قَالَ: قُلْتُ لِلْحَسَنِ بْنِ عَلِيٍّ رضي الله عنهما: مَا حَفِظْتَ مِنْ رَسُولِ اللهِ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ؟ قَالَ: حَفِظْتُ مِنْ رَسُولِ اللهِ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ:
«دَعْ مَا يَرِيبُكَ إِلَى مَا لاَ يَرِيبُكَ، فَإِنَّ الصِّدْقَ طُمَأْنِينَةٌ، وَإِنَّ الكَذِبَ رِيبَةٌ».
[صحيح] - [رواه الترمذي والنسائي وأحمد] - [سنن الترمذي: 2518]
المزيــد ...
আবুল হাওৰা আচ-ছা'দীয়ে কৈছেঃ মই হাছান বিন আলী ৰাদ্বিয়াল্লাহু আনহুমাক সুধিলোঁঃ আপুনি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা একো মুখস্থ কৰা নাইনে? তেওঁ ক'লেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা এইটো হাদীছ মুখস্থ কৰিছোঁ।
"সন্দেহযুক্ত বিষয় পৰিত্যাগ কৰি যিটোত সন্দেহ নাই সেইটো গ্ৰহণ কৰা। কাৰণ সত্যই হৈছে শান্তি তথা স্বস্তি, আনহাতে মিছা হৈছে সন্দেহ তথা সংশয়।"
[ছহীহ] - [رواه الترمذي والنسائي وأحمد] - [ছুনান তিৰমিজী - 2518]
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে প্ৰত্যেক এনেকুৱা কথা আৰু কৰ্ম পৰিত্যাগ কৰিবলৈ নিৰ্দেশ দিছে যিটোৰ ক্ষেত্ৰত সন্দেহ তথা সংশয় আছে যে, এইটো নিষিদ্ধ হয় নে নহয়, তথা এইটো হাৰাম নে হালাল। পক্ষান্তৰে সেইটো গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে যিটো নিশ্চিতভাৱে হালাল তথা পছন্দনীয়। কাৰণ ইয়াৰ দ্বাৰা অন্তৰে প্ৰশান্তি লাভ কৰে, পক্ষান্তৰে সন্দেহযুক্ত বিষয়ত অন্তৰ অস্বস্তিত থাকে তথা দ্বিধাগ্ৰস্ত হৈ থাকে।