হাদীছৰ তালিকা

হালাল স্পষ্ট আৰু হাৰামো স্পষ্ট, আৰু এই দুটাৰ মাজত আছে কিছুমান সন্দেহজনক বিষয়- যিবোৰ বহুতেই নাজানে। যি ব্যক্তিয়ে সেই সন্দেহজনক বিষয়সমূহৰ পৰা আঁতৰি থাকিব, সি তাৰ দ্বীন আৰু মর্যাদা ৰক্ষা কৰিব পাৰিব। আৰু যিয়ে সেই সন্দেহযুক্ত বিষয়সমূহত লিপ্ত হ’ব, সি হাৰামত লিপ্ত হ’ব।
عربي ইংৰাজী ফৰাচী
প্ৰথমে ক্ষতি কৰা উচিত নহয়; প্ৰতিশোধৰ সময়তো অন্যায়ভাৱে ক্ষতি কৰা উচিত নহয়।
عربي ইংৰাজী ফৰাচী
মই যেতিয়া কোনো বিষয়ত তোমালোকক নিষেধ কৰোঁ, তেতিয়া তোমালোকে সেইটোৰ পৰা বিৰত থাকিবা, আৰু যদি কোনো বিষয়ৰ আদেশ দিওঁ তেন্তে সেইটো সাধ্যানুসাৰে বাস্তৱায়ন কৰিবা। কিয়নো তোমালোকৰ পূৰ্বৱৰ্তী লোকসকলে নবীসকলক বেছি বেছি প্রশ্ন কৰাৰ বাবে আৰু নবীসকলৰ লগত মতভেদ কৰাৰ বাবেই ধ্বংস হৈছিল।
عربي ইংৰাজী ফৰাচী
নিশ্চয় আল্লাহে (বান্দাসকলক) অৱকাশ দি ভাল পায়, ঠিক সেইদৰে (বান্দাসকলে) তেওঁৰ আদেশসমূহ পালন কৰক এইটোও তেওঁ ভাল পায়।
عربي ইংৰাজী ফৰাচী
যেতিয়া তোমালোকৰ মাজৰ কোনোবাই পেটৰ মাজত কিবা অনুভৱ কৰে, ইয়াৰ পিছত তাৰ মনত সন্দেহ হয় যে, কিবা ওলালেই নেকি। তেনেকুৱা ব্যক্তিয়ে কেতিয়াও মছজিদ ত্যাগ কৰা উচিত নহয়, যেতিয়ালৈকে সি কোনো শব্দ নুশুনিব অথবা গোন্ধ নাপাব।
عربي ইংৰাজী ফৰাচী