عَنِ ابْنِ عَبَّاسٍ رضي الله عنهما قَالَ: قَالَ رَسُولُ اللَّهِ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ:
«إِنَّ اللَّهَ يُحِبُّ أَنْ تُؤْتَى رُخَصُهُ، كَمَا يُحِبُّ أَنْ تُؤْتَى عَزَائِمُهُ».

[صحيح] - [رواه ابن حبان]
المزيــد ...

আব্দুল্লাহ ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাৰ বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
নিশ্চয় আল্লাহে (বান্দাসকলক) অৱকাশ দি ভাল পায়, ঠিক সেইদৰে (বান্দাসকলে) তেওঁৰ আদেশসমূহ পালন কৰক এইটোও তেওঁ ভাল পায়।

ছহীহ - ইয়াক ইবনু হিব্বানে বৰ্ণনা কৰিছে

ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, আল্লাহে (বান্দাসকলক) চৰীয়তৰ বিধি-বিধানত অৱকাশ দি ভাল পায়। যেনে- বিভিন্ন ইবাদতৰ বিধি-বিধান লাঘৱ কৰা, এইদৰে উচিত কাৰণ থকা অৱস্থাত দায়বদ্ধ লোকৰ পৰা বিধান লাঘৱ কৰা যেনে- ভ্ৰমণ অৱস্থাত চালাত কচৰ কৰা তথা দুই নামাজ একেলগে পঢ়াৰ সুবিধা প্ৰদান কৰা। এইদৰে আল্লাহে বান্দাসকলক বাধ্যতামূলক তথা ওৱাজিব আমল প্ৰদান কৰিও ভাল পায়। কিয়নো আল্লাহে অৱকাশমূলক আৰু বাধ্যতামূলক দুয়ো ধৰণৰ আমলৰ নিৰ্দেশ দিছে।

অনুবাদ: ইংৰাজী ফৰাচী স্পেনিচ তুৰ্কী উৰ্দু ইন্দোনেচিয়ান বোছনিয়ান বাংলা চাইনিজ ফাৰ্চি হিন্দী ভিয়েতনামীজ ছিনহালী উইঘোৰ কুৰ্দী হাউছা মালয়ালম তেলেগু ছাৱাহিলী তামিল বৰ্মী থাই পুস্তু আল বানিয়ান السويدية الأمهرية الهولندية الغوجاراتية الدرية
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. বান্দাসকলৰ প্ৰতি এইটো আল্লাহৰ কৰুণা, তেওঁ এইটো ভাল পায় যে, বান্দাসকলে সেইবোৰ বিধানক আমলত পৰিণত কৰক যিবোৰ তেওঁ চৰীয়তত অৱকাশ দি থৈছে।
  2. এই চৰীয়তটো হৈছে পূৰ্ণাংগ চৰীয়ত। লগতে এই চৰীয়তত মুছলিমসকলৰ পৰা আল্লাহে সকলো কষ্টদায়ক আমল লাঘৱ কৰিছে।