عن النُّعمان بن بَشير رضي الله عنه قال: سَمِعْتُ رَسُولَ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ يَقُولُ -وَأَهْوَى النُّعْمَانُ بِإِصْبَعَيْهِ إِلَى أُذُنَيْهِ-:
«إِنَّ الْحَلَالَ بَيِّنٌ وَإِنَّ الْحَرَامَ بَيِّنٌ، وَبَيْنَهُمَا مُشْتَبِهَاتٌ لَا يَعْلَمُهُنَّ كَثِيرٌ مِنَ النَّاسِ، فَمَنِ اتَّقَى الشُّبُهَاتِ اسْتَبْرَأَ لِدِينِهِ وَعِرْضِهِ، وَمَنْ وَقَعَ فِي الشُّبُهَاتِ وَقَعَ فِي الْحَرَامِ، كَالرَّاعِي يَرْعَى حَوْلَ الْحِمَى يُوشِكُ أَنْ يَرْتَعَ فِيهِ، أَلَا وَإِنَّ لِكُلِّ مَلِكٍ حِمًى، أَلَا وَإِنَّ حِمَى اللهِ مَحَارِمُهُ، أَلَا وَإِنَّ فِي الْجَسَدِ مُضْغَةً، إِذَا صَلَحَتْ صَلَحَ الْجَسَدُ كُلُّهُ، وَإِذَا فَسَدَتْ فَسَدَ الْجَسَدُ كُلُّهُ، أَلَا وَهِيَ الْقَلْبُ».
[صحيح] - [متفق عليه] - [صحيح مسلم: 1599]
المزيــد ...
নু'মান বিন বাশ্বীৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ তেখেতে কৈছেঃ -(বৰ্ণনাকাৰীয়ে কৈছে, নুমানে এই হাদীছ বৰ্ণনা কৰাৰ সময়ত তেওঁৰ আঙুলি দুটাৰে তেওঁৰ কাণৰ প্ৰতি ইংগিত কৰিছিল অৰ্থাৎ মই নিজ কাণে শুনিছোঁ)-ঃ
“হালাল স্পষ্ট আৰু হাৰামো স্পষ্ট, আৰু এই দুটাৰ মাজত আছে কিছুমান সন্দেহজনক বিষয়- যিবোৰ বহুতেই নাজানে। যি ব্যক্তিয়ে সেই সন্দেহজনক বিষয়সমূহৰ পৰা আঁতৰি থাকিব, সি তাৰ দ্বীন আৰু মর্যাদা ৰক্ষা কৰিব পাৰিব, আৰু যিয়ে সেই সন্দেহযুক্ত বিষয়সমূহত লিপ্ত হ’ব, সি হাৰামত লিপ্ত হ’ব। যেনে- ৰখীয়া এজনে যেতিয়া সংৰক্ষিত চাৰণভূমিৰ আশে-পাশে পশু চৰায়, তেতিয়া পশুবোৰ তাত সোমাই পৰাৰ আশংকা থাকে। জানি থোৱা, প্রত্যেক বাদশ্বাহৰেই একোটাকৈ সংৰক্ষিত এলেকা আছে, আৰু জানি থোৱা, আল্লাহৰ সংৰক্ষিত এলেকা হৈছে তেওঁৰ নিষিদ্ধ কৰ্মসমূহ। জানি থোৱা, শৰীৰত এটি মাংসৰ টুকুৰা আছে, সেইটো যেতিয়া ঠিক থাকে, গোটেই শৰীৰ ঠিক থাকে, আৰু সেইটো যেতিয়া বেয়া হৈ যায়, তেতিয়া গোটেই শৰীৰেই বেয়া হৈ যায়। সেই মাংসৰ টুকুৰাটো হৈছে ‘হৃদপিণ্ড বা অন্তৰ’।”
[ছহীহ] - [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})] - [ছহীহ মুছলিম - 1599]
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সকলো বস্তুৰ বাবে এটা সাধাৰণ নিয়ম উল্লেখ কৰিছে যে, চৰীয়তত সকলো বস্তুক তিনিটা ভাগত ভাগ কৰা হৈছে। হালাল স্পষ্ট আৰু হাৰামো স্পষ্ট আৰু ইয়াৰ মাজত আছে কিছুমান সন্দেহজনক বস্তু, যিবোৰৰ বিধান স্পষ্ট নহয়, যিবোৰ হালাল নে হাৰাম সেই বিষয়ে বহুতেই নাজানে।
গতিকে যিয়ে এইবোৰ সন্দেহযুক্ত বিষয়ৰ পৰা আঁতৰি থাকিব তেওঁ হাৰামত লিপ্ত হোৱাৰ পৰা সুৰক্ষিত থাকিব। আনকি মানুহৰ ককৰ্থনাৰ পৰাও সুৰক্ষিত থাকিব, কাৰণ এইবোৰত পতিত হ'লে বিভিন্নজনে বিভিন্ন কথাৰ জৰিয়তে তাক আঘাত কৰিব। আনহাতে যিয়ে এইবোৰ সন্দেহযুক্ত বিষয়ৰ পৰা আঁতৰি নাথাকিব, সি হয়তো হাৰামত লিপ্ত হ'ব নাইবা মানুহৰ ককৰ্থনাৰ সন্মুখীন হ'ব। এইদৰে ৰাছুলুল্লাল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে সন্দেহযুক্ত বিষয়ত লিপ্ত হোৱা ব্যক্তিৰ অৱস্থা সম্পৰ্কে এটা স্পষ্ট উদাহৰণ দিছে। যেনে- এজন গৰখীয়াই যদি কোনো সংৰক্ষিত এলেকাৰ ওচৰে পাঁজৰে নিজৰ পশুবোৰ চৰিবলৈ দিয়ে, তেন্তে তাৰ পশুবোৰ সেই সংৰক্ষিত এলেকাত সোমাই যোৱাৰ অধিক সম্ভাৱনা থাকে। ঠিক সেইদৰে যিয়ে সন্দেহযুক্ত কোনো বিষয়ত লিপ্ত থাকে সি হাৰামত লিপ্ত হোৱাৰ অধিক নিকটৱৰ্তী হয়। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, শৰীৰৰ ভিতৰত এটুকুৰা মাংসপিণ্ড আছে (অৰ্থাৎ হৃদপিণ্ড) যিটো ঠিক থাকিলে গোটেই শৰীৰেই ঠিক থাকে আৰু সেইটো বেয়া হ'লে গোটেই শৰীৰেই বেয়া হয়।