عَنْ عَائِشَةَ رَضِيَ اللَّهُ عَنْهَا عَنِ النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ قَالَ:
«الرَّضَاعَةُ تُحَرِّمُ مَا تُحَرِّمُ الوِلَادَةُ».
[صحيح] - [متفق عليه] - [الأربعون النووية: 44]
المزيــد ...
আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"দুগ্ধপানৰ জৰিয়তেও সেইবোৰ আত্মীয়ৰ সৈতে বৈবাহিক সম্পৰ্ক স্থাপন হাৰাম হৈ পৰে, যিবোৰৰ সৈতে বংশীয় কাৰণত হাৰাম।"
[ছহীহ] - [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})] - [الأربعون النووية - 44]
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত উল্লেখ কৰিছে যে, দুগ্ধপানৰ জৰিয়তেও বৈবাহিক সম্পৰ্ক স্থাপন কৰা হাৰাম হৈ যায়, যিদৰে বংশীয় কাৰণত ভাই ককাই, মামা, খুৰাৰ সৈতে বিবাহ হাৰাম। ঠিক সেইদৰে বংশীয় কাৰণত যিবোৰ হালাল হয়, দুগ্ধপানৰ কাৰণেও সেইবোৰ বিধান বৈধ হয়।