শ্ৰেণীবিন্যাস: ফজীলত আৰু শিষ্টাচাৰসমূহ .
+ -

عن عائشة رضي الله عنها عن النبي صلى الله عليه وسلم قال:
«إِنَّ أَبْغَضَ الرِّجَالِ إِلَى اللهِ الْأَلَدُّ الْخَصِمُ».

[صحيح] - [متفق عليه] - [صحيح البخاري: 2457]
المزيــد ...

আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
আল্লাহৰ ওচৰত আটাইতকৈ ঘৃণনীয় ব্যক্তি হৈছে সেইজন, যিজন কলহপ্ৰিয়।

[ছহীহ] - [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})] - [ছহীহ বুখাৰী - 2457]

ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামে বৰ্ণনা কৰিছে যে, মহান আল্লাহৰ দৃষ্টিত অত্যন্ত কলহপ্ৰিয় ব্যক্তি হৈছে খুবেই অপছন্দনীয়, যি ব্যক্তিয়ে সত্যক আঁকোৱালি লব নিবিচাৰে; বৰং অযথা তৰ্ক-বিতৰ্কৰ দ্বাৰা প্রতিবাদ কৰিবলৈ চেষ্টা কৰে অথবা সত্যৰ পক্ষত বিতৰ্ক কৰে কিন্তু অপ্ৰয়োজনীয় বিতৰ্ক কৰে; আৰু অতিৰিক্ত বিতৰ্ক কৰাৰ কাৰণে ন্যায়ৰ পৰা আঁতৰি যায় তথা ইল্ম বা জ্ঞান নোহোৱাকৈ বিতৰ্ক কৰে।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. নিৰ্যাতিত ব্যক্তিয়ে আদালতত গৈ চৰীয়ত মুতাবিক নিজৰ প্ৰাপ্য অধিকাৰৰ বাবে যুঁজ দিয়াটো নিন্দনীয়-বিতৰ্কৰ অন্তৰ্ভুক্ত নহয়।
  2. তৰ্ক-বিতৰ্ক, বাদ-বিবাদ আদি হৈছে জিভাই কঢ়িয়াই অনা বিপদ। যিটোৱে মুছলিমসকলৰ মাজত বিভাজন আৰু সম্পৰ্ক বিচ্ছিন্ন কৰে।
  3. সত্যৰ পক্ষত আৰু উত্তম পদ্ধতিৰে কৰা তৰ্ক-বিতৰ্ক হৈছে প্ৰশংসনীয়। আনহাতে সত্যক প্ৰত্যাখ্যান কৰিবলৈ বা বাতিলক প্ৰতিষ্ঠা কৰিবলৈ কৰা তৰ্ক-বিতৰ্ক হৈছে নিন্দনীয়। লগতে দলীল প্ৰমাণ নোহোৱাকৈ কৰা তৰ্ক-বিতৰ্কও হৈছে নিন্দনীয়।
অনুবাদ: ইংৰাজী উৰ্দু স্পেনিছ ইন্দোনেচিয়ান উইঘোৰ বাংলা ফৰাচী তুৰ্কী ৰুচিয়ান বোছনিয়ান ছিনহালী হিন্দী চাইনিজ ফাৰ্চি ভিয়েতনামীজ তাগালোগ কুৰ্দিশ হাওছা পৰ্তুগীজ মালয়ালম তেলেগু শ্বাহিলী তামিল বাৰ্মিজ থাই জাৰ্মান জাপানীজ পুস্তু আলবেনীয়ান ছুইডিছ আমহাৰিক ডাচ গুজৰাটী কিৰ্গিজ নেপালী ইউৰোবা লিথুৱেনিয়ান দাৰী ছাৰ্বিয়ান ছোমালি তাজিক কিনিয়াৰাৱাণ্ডা ৰোমানিয়ান হাংগেৰী চেক الموري মালাগাছী ফুলানী ইটালিয়ান ওৰোমো কান্নাড়া الولوف البلغارية আজেৰি اليونانية الأكانية উজবেক ইউক্ৰেইনীয়ান الجورجية اللينجالا المقدونية الخميرية الماراثية
অনুবাদ চাওক
অধিক