عن سَمُرة بن جُنْدَب رضي الله عنه قال: قال رسول الله صلى الله عليه وسلم : «أحب الكلام إلى الله أربع لا يَضُرُّك بِأَيِّهِنَّ بدأت: سُبْحَانَ الله، والحمد لله، ولا إله إلا الله، والله أكبر».
[صحيح] - [رواه مسلم]
المزيــد ...

ছামুৰা ইবনু জুনদাব ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বর্ণিত, তেওঁ কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "c2">“চাৰিটা বাক্য আল্লাহৰ ওচৰত অধিক প্রিয়। যি বাক্যৰ দ্বাৰাই তুমি আৰম্ভ কৰা তাত কোনো অসুবিধা নাই। ১-ছুবহানাল্লাহ, ২-আলহাম্দু লিল্লাহ, ৩-লা-ইলাহা ইল্লাল্লাহ, ৪-আল্লাহু আকবৰ।” ছহীহ – এই হাদীছটোক মুছলিমে বৰ্ণনা কৰিছে।
ছহীহ - ইয়াক মুছলিমে বৰ্ণনা কৰিছে

ব্যাখ্যা

উক্ত হাদীছটো এই চাৰিটা বাক্যৰ বিশেষ ফজিলতৰ প্রমাণ। বাক্যকেইটাত মহান কিছুমান বিষয় থকাৰ কাৰণে আল্লাহৰ ওচৰত এয়া মানুহৰ আটাইতকৈ প্রিয় কথা হিচাপে বিবেচিত। সেই বিষয়বোৰ হৈছে, বাক্যবোৰত আছে, আল্লাহৰ পৱিত্রতাৰ বৰ্ণনা, তেওঁৰ পৰিপূৰ্ণ গুণসমূহৰ বিৱৰণ। একত্ববাদ আৰু মহত্বৰ সাব্যস্তকৰণ। এই বাক্যবোৰৰ ফজিলত আৰু ছোৱাব অৰ্জনৰ বিষয়ে ধাৰাবাহিকতা ৰক্ষা কৰি কোৱাৰ কোনো প্রয়োজন নাই। যিদৰে বিষয়টো হাদীছত স্পষ্ট কৰা হৈছে।

অনুবাদ: ইংৰাজী ফৰাচী স্পেনিচ তুৰ্কী উৰ্দু ইন্দোনেচিয়ান বোছনিয়ান ৰুচিয়ান বাংলা চাইনিজ ফাৰ্চি তাগালোগ হিন্দী ভিয়েতনামীজ ছিনহালী উইঘোৰ কুৰ্দী হাউছা পুৰ্তুগিজ মালয়ালম তেলেগু ছাৱাহিলী তামিল বৰ্মী থাই জাৰ্মান জাপানিজ পুস্তু আল বানিয়ান السويدية الأمهرية الهولندية الغوجاراتية الدرية
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. হাদীছটোৱে আল্লাহৰ মুহব্বত সাব্যস্ত কৰে। নিশ্চয় আল্লাহে নেক আমলসমূহক ভাল পায়।
  2. অন্যান্য বাক্যৰ ওপৰত এই চাৰিটা বাক্যৰ মর্যাদা। এই বাক্যবোৰ আল্লাহৰ ওচৰত অধিক প্রিয়।
  3. এই বাক্য চাৰিটাক মজবুতভাৱে ধাৰণ কৰিবলৈ উৎসাহ প্রদান কৰা হৈছে। কাৰণ যেতিয়া কোনো বান্দাই জানে যে, আল্লাহে অমুক বস্তুটোক মুহাব্বত কৰে, তেতিয়া সি সেই বস্তুটোক মজবুতভাৱে ধাৰণ কৰে আৰু তাৰ হিফাজত কৰে।
  4. মানুহৰ বাবে চৰীয়তক খুবেই সহজ কৰা হৈছে। সেইকাৰণেই কোৱা হৈছে, তুমি যি বাক্যৰ দ্বাৰাই আৰম্ভ কৰা তাত কোনো অসুবিধা নাই।
অধিক