عن جابر رضي الله عنه قال: سمعت رسول الله صلى الله عليه وسلم يقول: «أفضل الذِّكر: لا إله إلا الله».
[حسن] - [رواه الترمذي والنسائي في الكبرى وابن ماجه]
المزيــد ...

জাবিৰ ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক কওঁতে শুনিছোঁ, তেখেতে কৈছেঃ "c2">“সর্বোত্তম জিকৰ হৈছে, লা ইলা-হা ইল্লাল্লাহ।” হাছান – এই হাদীছটোক ইবনে মাজাহে বর্ণনা কৰিছে।
হাছান - ইয়াক ইবনু মাজাহে বৰ্ণনা কৰিছে

ব্যাখ্যা

ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আমাক অৱগত কৰাইছে যে, "c2">“সর্বোত্তম জিকৰ হৈছে, লা ইলা-হা ইল্লাল্লাহ।” আন এটা হাদীছত আহিছে যে, মই কোৱা কথাসমূহৰ মাজত উত্তম কথাষাৰ তথা মোৰ পূৰ্বে অতিবাহিত হোৱা নবীসকলে কোৱা উত্তম কথাষাৰ হৈছে: لا إله إلا الله وحده لا شريك له "c2">“একমাত্র আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, তেওঁৰ কোনো অংশীদাৰ নাই।” নিঃসন্দেহে ক’ব পাৰি যে, এই কলিমাটো এটা মহান আৰু মর্যাদাপূর্ণ কলিমা, ইয়াৰ দ্বাৰাই আকাশসমূহ আৰু পৃথিৱী বাহাল আছে, আৰু ইয়াৰ কাৰণেই সমগ্র মখলুক সৃষ্টি কৰা হৈছে। এইবোৰ বাক্য প্ৰদান কৰিয়েই আল্লাহ তা‘আলাই তেওঁৰ ৰাছুলসকলক প্রেৰণ কৰিছে, কিতাবসমূহ অৱতীৰ্ণ কৰিছে আৰু চৰীয়ত প্ৰণয়ন কৰিছে। এই কলিমাৰ কাৰণেই মীযান স্থাপন কৰা হৈছে, হিচাপ-নিকাচৰ দফতৰসমূহ খোলা হৈছে, জান্নাত আৰু জাহান্নামৰ বজাৰ প্ৰতিষ্ঠা কৰা হৈছে। এই কলিমাৰ অর্থ হৈছে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। এই কলিমা স্বীকাৰ কৰিবলৈ সাতটা চৰ্তৰ প্ৰয়োজন: ইল্ম (যথাযথ জ্ঞান), ইয়াকীন (দৃঢ়বিশ্বাস), কবুল (মনে-প্রাণে গ্রহণ), ইনকিয়াদ (যথাযথভাৱে মানি লোৱা), সততা (আন্তৰিক সত্যতা), ইখলাচ (নিষ্ঠা) আৰু মুহাব্বত। এই কলিমা সম্পৰ্কে পূর্বৰ আৰু পিছৰ সকলো মানুহকে সোধ-পোচ কৰা হ’ব। এতেকে যেতিয়ালৈকে দুটা প্ৰশ্ন সম্পৰ্কে সোধা নহ’ব তেতিয়ালৈকে বান্দা আল্লাহৰ সন্মুখৰ পৰা আগুৱাব নোৱাৰিব। তোমালোকে কাৰ ইবাদত কৰিছিলা? আৰু ৰাছুলসকলৰ আহ্বানত তোমালোকে সঁহাৰি দিছিলানে? প্ৰথম প্ৰশ্নৰ উত্তৰ হ’ব লা ইলা-হা ইল্লাল্লাহ সম্পৰ্কে জানি বুজি মানি লোৱা আৰু আমলৰ মাধ্যমত যথাযথভাৱে বাস্তবায়ন কৰা। আৰু দ্বিতীয়টোৰ উত্তৰ হ’ব মুহাম্মদ আল্লাহৰ ৰাছুল এই বিষয়ে জ্ঞান আহৰণ কৰি স্বীকাৰ কৰিব লাগিব তথা মানিব লাগিব আৰু আনুগত্যৰ মাধ্যমত যথার্থভাৱে বাস্তবায়ন কৰিব লাগিব। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ (পাঁচটা বস্তুৰ ওপৰত ইছলামৰ ভিত্তি প্ৰতিষ্ঠিত হৈছে: এই কথাৰ সাক্ষ্য প্ৰদান কৰা যে, আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, আৰু মুহাম্মদ হৈছে আল্লাহৰ ৰাছুল...)

অনুবাদ: ইংৰাজী ফৰাচী স্পেনিচ তুৰ্কী উৰ্দু ইন্দোনেচিয়ান বোছনিয়ান ৰুচিয়ান বাংলা চাইনিজ ফাৰ্চি তাগালোগ হিন্দী ভিয়েতনামীজ ছিনহালী উইঘোৰ কুৰ্দী হাউছা পুৰ্তুগিজ মালয়ালম তেলেগু ছাৱাহিলী তামিল বৰ্মী থাই জাৰ্মান জাপানিজ পুস্তু আল বানিয়ান السويدية الأمهرية الهولندية الغوجاراتية الدرية
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. তাওহীদৰ কলিমা হৈছে সবোর্ত্তম বাক্য। কাৰণ, এইটোৱে একত্ববাদ প্ৰমাণ কৰে আৰু অংশীদাৰিতা নসাৎ কৰে। এইটোৱে হৈছে নবীসকলে কোৱা সবোর্ত্তম বাণী। এই কলিমাৰ কাৰণেই তেওঁলোকক প্রেৰণ কৰা হৈছিল। এই কলিমাৰ কাৰণেই তেওঁলোকে যুদ্ধ কৰিছিল আৰু ইয়াৰ পথতেই তেওঁলোকে শ্বহীদ হৈছিল। এইটো হৈছে জান্নাতৰ চাবি আৰু জাহান্নামৰ পৰা মুক্তি।
অধিক