হাদীছৰ তালিকা

আল্লাহ তা‘আলা পাক-পৱিত্ৰ, সেয়ে তেওঁ কেৱল পৱিত্ৰ বস্তুহে কবূল কৰে। আল্লাহ তা‘আলাই মুমিনসকলক কেৱল সেই কাম কৰাৰ হুকুম দিছে যিটো কৰাৰ হুকুম তেওঁ ৰাছুলসকলক দিছিল।
عربي الإنجليزية الأوردية
“পৱিত্রতা হৈছে ঈমানৰ অৰ্দ্ধেক। “الحمد لله” আলহাম্দুলিল্লাহে মিজানক পৰিপূৰ্ণ কৰিব আৰু “سبحان الله والحمد لله” ছুবহা-নাল্লাহ অলহাম্দুলিল্লাহ শব্দটো অথবা শব্দদ্বয়ে- আকাশ আৰু পৃথিৱীৰ মধ্যৱৰ্তী স্থানক পৰিপূৰ্ণ কৰিব।
عربي الإنجليزية الأوردية
আটাইতকৈ উত্তম জিকৰ হৈছে লা ইলা-হা ইল্লাল্লাহ, আৰু আটাইতকৈ উত্তম দুআ হৈছে আলহাম্দুলিল্লাহ।
عربي الإنجليزية الأوردية
ছাজদাহ অৱস্থাত বান্দা প্ৰতিপালকৰ আটাইতকৈ নিকটৱৰ্তী থাকে। গতিকে সেই সময়ত তোমালোকে বেছি বেছি দুআ কৰিবা।
عربي الإنجليزية الأوردية
“আল্লাহৰ ওচৰত আটাইতকৈ প্রিয় বাক্য হৈছে চাৰিটা: سُبْحَانَ اللَّهِ (আল্লাহ মহা পৱিত্র), وَالْحَمْدُ لِلَّهِ (যাৱতীয় প্ৰশংসা একমাত্ৰ আল্লাহৰ বাবে) وَلاَ إِلَهَ إِلاَّ اللَّهُ (আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই) আৰু اللَّهُ أَكْبَرُ (আল্লাহ সৰ্বশ্রেষ্ঠ)। এই চাৰিটা বাক্যৰ যিকোনো এটা বাক্যৰে আৰম্ভ কৰাত কোনো অসুবিধা নাই।”
عربي الإنجليزية الأوردية
“দুটা বাক্য দয়াময় আল্লাহৰ খুবেই প্ৰিয়, সেই দুটা উচ্চাৰণ কৰিবলৈও খুবেই সহজ, তুলাচনীত হ'ব অতি গধূৰ
عربي الإنجليزية الأوردية
যি ব্যক্তিয়ে কোনোবা এখন ঠাইত থাকিবলৈ অৱতৰণ কৰে আৰু এই দুআ পাঠ কৰে (أعوذ بكلمات الله التَّامَّات من شرِّ ما خلَق) "আউজু বিকালিমাতিল্লাহিত তা-ম্মা-তি মিন শ্বাৰ্ৰি মা খালাক্ব"। সেই ব্যক্তি যেতিয়ালৈকে সেই ঠাই ত্যাগ কৰি গুচি নাযাব তেতিয়ালৈকে একোৱেই তেওঁক ক্ষতি কৰিব নোৱাৰিব।
عربي الإنجليزية الأوردية
ছুবহা-নাল্লাহ, অলহাম্দুলিল্লাহ, অলা ইলা-হা ইল্লাল্লাহ, অল্লাহু আকবাৰ পাঠ কৰাটো মোৰ ওচৰত সেইবোৰ বস্তুতকৈও অধিক পছন্দনীয়, যিবোৰ বস্তুৰ ওপৰত সূৰ্য্য উদয় হয়।
عربي الإنجليزية الأوردية
যি ব্যক্তিয়ে ছুৰা বাক্বাৰাৰ শেষৰ আয়াত দুটা ৰাতিত তিলাৱত কৰিব, সেই ব্যক্তিৰ (নিৰাপত্তাৰ) বাবে এই দুটা আয়াতেই যথেষ্ট হ’ব।
عربي الإنجليزية الأوردية
“পৱিত্রতা হৈছে ঈমানৰ অৰ্দ্ধেক। “الحمد لله” আলহাম্দুলিল্লাহে মিজানক পৰিপূৰ্ণ কৰিব আৰু “سبحان الله والحمد لله” ছুবহা-নাল্লাহ অলহাম্দুলিল্লাহ শব্দটো অথবা শব্দদ্বয়ে- আকাশ আৰু পৃথিৱীৰ মধ্যৱৰ্তী স্থানক পৰিপূৰ্ণ কৰিব
عربي الإنجليزية الأوردية
হে আব্বাছ, হে ৰাছুলৰ খুৰা! আল্লাহৰ ওচৰত আখিৰাত আৰু দুনিয়াৰ নিৰাপত্তা কামনা কৰক।
عربي الإنجليزية الأوردية
“যেতিয়া কোনো মানুহে নিজৰ ঘৰত প্ৰৱেশ কৰে, লগতে প্ৰৱেশ কৰাৰ সময়ত আৰু খোৱাৰ সময়ত আল্লাহৰ নাম লয়, তেতিয়া চয়তানে (তাৰ সহযোগীসকলক) কয়: ইয়াত তোমালোকৰ বাবে ৰাতি কটোৱাৰ কোনো ঠাই নাই আৰু ৰাতিৰ আহাৰ গ্ৰহণৰ বাবেও কোনো উপায় নাই
عربي الإنجليزية الأوردية
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে বেছিভাগ সময়তে এই দুআ পাঠ কৰিছিল, (يَا مُقَلِّبَ القُلُوبِ ثَبِّتْ قَلْبِي عَلَى دِينِكَ) "হে অন্তৰ পৰিবৰ্তনকাৰী! তোমাৰ দ্বীনৰ ওপৰত মোৰ অন্তৰ দৃঢ় ৰাখিবা।
عربي الإنجليزية الأوردية
ৰাতিৰ শেষাংশত মহান আল্লাহ বান্দাৰ আটাইতকৈ নিকটৱৰ্তী হয়।
عربي الإنجليزية الأوردية
মই এনেকুৱা এটা বাক্য জানো, যদি এই মানুহজনে সেইটো পাঠ কৰে তেন্তে তাৰ খং দূৰ হ'ব। যদি এওঁ আউজু বিল্লাহি মিনাশ্ব শ্বাইত্বান, পঢ়ে তেন্তে তাৰ খং দূৰ হৈ যাব।
عربي الإنجليزية الأوردية
মই মোৰ বান্দাৰ সৈতে সেইদৰেই আচৰণ কৰোঁ, যিদৰে সি মোক ধাৰণা কৰে।
عربي الإنجليزية الأوردية
চয়তানে তোমালোকৰ প্ৰত্যেকৰে মূৰৰ পিছফালে ৰাতিত শোৱাৰ সময়ত তিনিটাকৈ গাঁঠি বান্ধি দিয়ে। প্ৰত্যেক গাঁঠিত এই বুলি ফুঁ দিয়ে যে, ৰাতি বৰ দীঘল, নিশ্চিন্তে টোপনি যোৱা।
عربي الإنجليزية الأوردية
যিয়ে আল্লাহক স্মৰণ কৰে আৰু যিয়ে নকৰে তাৰ উদাহৰণ হৈছে জীৱিত আৰু মৃতৰ দৰে।
عربي الإنجليزية الأوردية
আল্লাহ তা‘আলা পাক-পৱিত্ৰ, সেয়ে তেওঁ কেৱল পৱিত্ৰ বস্তুহে কবূল কৰে। আল্লাহ তা‘আলাই মুমিনসকলক কেৱল সেই কাম কৰাৰ হুকুম দিছে যিটো কৰাৰ হুকুম তেওঁ ৰাছুলসকলক দিছিল।
عربي الإنجليزية الأوردية
প্ৰকৃত কৃপণ হৈছে সেই ব্যক্তি, যাৰ সন্মুখত মোৰ নাম লোৱা হয়, তথাপিও সি মোৰ প্ৰতি দৰূদ পাঠ নকৰে।
عربي الإنجليزية الأوردية
যিয়ে পানাহাৰ কৰাৰ পিছত এই দুআ পাঠ কৰিবঃ (الحَمْدُ لِلَّهِ الَّذِي أَطْعَمَنِي هَذَا وَرَزَقَنِيهِ مِنْ غَيْرِ حَوْلٍ مِنِّي وَلاَ قُوَّةٍ) উচ্চাৰণঃ "আলহাম্দুলিল্লাহিল লাজী আত্বআমানী হাজা, অৰাঝাকানীহি মিন গাইৰি হাওলিম মিন্নি অলা কুওৱাহ।" অৰ্থঃ "সকলো ধৰণৰ প্ৰশংসা আল্লাহৰ বাবে, যিয়ে মোক এই আহাৰ কৰালে তথা মোক জীৱিকা প্ৰদান কৰিলে। অথচ এই ক্ষেত্ৰত মোৰ কোনো শক্তি সামৰ্থ নাছিল।" সেই ব্যক্তিৰ অতীতৰ সকলো গুনাহ ক্ষমা কৰি দিয়া হয়।
عربي الإنجليزية الأوردية
আজান আৰু ইক্বামতৰ মাজত কৰা দুআ প্ৰত্যাখ্যান কৰা নহয়।
عربي الإنجليزية الأوردية
হে আল্লাহ! তুমি মোৰ দ্বীনক সংশোধন কৰি দিয়া, এই দ্বীনেই হৈছে মোৰ নিৰাপত্তা;
عربي الإنجليزية الأوردية
ৰাব্বিগ ফিৰলী খাত্বী-আতী অজাহলী, ওৱা ইছৰাফী ফি আমৰি কুল্লিহ, অমা আনতা আ'লামু বিহি মিন্নী। আল্লাহুম্মাগ ফিৰলী খাত্বায়ায়া, ওৱা আমদী, অজাহলী, অহাঝলী, অকুল্লু জালিকা ইনদী। আল্লাহুম্মাগ ফিৰলী মা ক্বাদ্দামতু অমা আখ্খাৰতু, অমা আছৰাৰতু অমা আ'লানতু, আনতাল মুক্বাদ্দিমু ওৱা আনতাল মুআখ্খিৰ, ওৱা আনতা আলা কুল্লি শ্বাইয়িন ক্বাদীৰ।" অৰ্থঃ হে মোৰ প্ৰতিপালক! তুমি মোৰ গুনাহসমূহ, মোৰ মূৰ্খামি আৰু কৰ্মৰ ক্ষেত্ৰত কৰা সীমালংঘন ক্ষমা কৰি দিয়া, লগতে সেই যাৱতীয় ভুল-ত্ৰুটি ক্ষমা কৰি দিয়া, যিবোৰৰ বিষয়ে তুমি মোতকৈ অধিক অৱগত। হে আল্লাহ! মোৰ সেইসমূহ গুনাহো ক্ষমা কৰি দিয়া যিবোৰ মই জানি বুজি কৰিছোঁ বা হাঁহি ধেমালিতে কৰিছোঁ, আনকি মোৰ ইচ্ছা অনিচ্ছাতে হোৱা সকলো গুনাহ ক্ষমা কৰি দিয়া। হে আল্লাহ! মোৰ পূৰ্বৱৰ্তী আৰু পৰৱৰ্তী সকলো গুনাহ ক্ষমা কৰি দিয়া, লগতে প্ৰকাশ্য়ভাৱে কৰা গুনাহ আৰু অপ্ৰকাশ্যভাৱে কৰা গুনাহো ক্ষমা কৰি দিয়া। তুমিয়ে অগ্ৰসৰকাৰী আৰু তুমিয়ে পিছুৱাই দিয়াৰ অধিকাৰী। তুমি সকলো ক্ষেত্ৰতে সৰ্বশক্তিমান।
عربي الإنجليزية الأوردية
আল্লা-হুম্মা ইন্নি আছআলুকাল আ-ফিয়াহ ফিদ দুনিয়া অল আ-খিৰাহ
عربي الإنجليزية الأوردية
উচ্চাৰণঃ "আল্লাহুম্মা ইন্নি আছআলুকা মিনাল খাইৰে কুল্লিহ, আ'-জিলিহি ওৱা আ-জিলিহ, মা আলিমতু মিনহু অমা লাম আ'লাম। ওৱা আউজুবিকা মিনাশ্ব শ্বাৰ্ৰি কুল্লিহ, আ'-জিলিহি ওৱা আ-জিলিহ, মা আলিমতু মিনহু অমা লাম আ'লাম।
عربي الإنجليزية الأوردية
উচ্চাৰণঃ "আল্লাহুম্মা ইন্নি আউজুবিকা মিন ঝাৱালি নি'মাতিক, অতাহাওউলি আ-ফিয়াতিক, অফুজাআতি নিকমাতিক, অজামাআ ছাখাতিক।
عربي الإنجليزية الأوردية
উচ্চাৰণঃ "আল্লাহুম্মা ইন্নি আউজু বিকা মিন গালাবাতিত দাইন, অগালাবাতিল আদুউ, অশ্বামা-তাতিল আ'দা।
عربي الإنجليزية الأوردية
আল্লা-হুম্মা বিকা আছবাহনা, অবিকা আমছাইনা, অবিকা নাহয়া, অবিকা নামূতু, অ ইলাইকান নুশ্বু-ৰ”৷
عربي الإنجليزية الأوردية
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে বেছি বেছি এই দুআ পাঠ কৰিছিলঃ "ৰাব্বানা আ-তিনা ফিদ্দুনিয়া হাছানাহ, অফিল আ-খিৰাতি হাছানাহ, অক্বিনা আজাবান না-ৰ।" অৰ্থঃ ‘হে আমাৰ প্ৰতিপালক! আমাক পৃথিৱীত কল্যাণ প্ৰদান কৰা আৰু আখিৰাততো কল্যাণ দিয়া আৰু আমাক জাহান্নামৰ শাস্তিৰ পৰা ৰক্ষা কৰা’।
عربي الإنجليزية الأوردية
ছাইয়্যেদুল ইস্তিগফাৰ হৈছে
عربي الإنجليزية الأوردية
কোৱা, হে আল্লাহ! মোক হিদায়ত দিয়া আৰু সঠিক পথত পৰিচালিত কৰা। তেখেতে আৰু কৈছে, সঠিক পথ প্ৰদৰ্শনৰ ক্ষেত্ৰত হিদায়তৰ কথা মনত ৰাখিবা, লগতে সঠিক পথত পৰিচালিত হোৱাৰ ক্ষেত্ৰত ধনুকৰ কাঁড়ৰ কথা মনত ৰাখিবা।
عربي الإنجليزية الأوردية
তোমালোকে যি আবেদন কৰিছা, মই তাতোকৈ উত্তম বস্তুৰ সংবাদ তোমালোকক নিদিমনে? শুনা! যেতিয়া তোমালোকে শয়ন স্থানত যাবা অথবা তেখেতে কৈছিলঃ যেতিয়া তোমালোকে বিছনাত শুবলৈ যাবা, তেতিয়া ৩৩ বাৰ ছুবহানাল্লাহ, আৰু ৩৩ বাৰ আলহাম্দুলিল্লাহ, আৰু ৩৪ বাৰ আল্লাহু আকবাৰ পাঠ কৰিবা। এয়া হৈছে তোমালোক উভয়ৰ বাবে সেৱকতকৈও উত্তম।
عربي الإنجليزية الأوردية
{কুল হুৱাল্লাহু আহাদ}, আৰু ছুৰা ফালাক আৰু নাছ পুৱা গধূলি তিনিবাৰকৈ পঢ়িবা। সকলো ক্ষেত্ৰতে এইটো তোমাৰ বাবে যথেষ্ট হ'ব।
عربي الإنجليزية الأوردية
যিয়ে সন্ধিয়াৰ ভাগত তিনিবাৰ এই দুআ পাঠ কৰিবঃ বিছমিল্লাহিল লাজী লা য়াজুৰ্ৰু মাআছমিহি শ্বাইয়ুন ফিল আৰজি অলা ফিচ্ছামা, অহুৱাচ ছামীউল আলীম। তাক প্ৰভাত পৰ্যন্ত কোনো আকস্মিক বিপদে স্পৰ্শ নকৰিব।
عربي الإنجليزية الأوردية
قُلْ: لَا إِلَهَ إِلَّا اللهُ وَحْدَهُ لَا شَرِيكَ لَهُ، اللهُ أَكْبَرُ كَبِيرًا، وَالْحَمْدُ لِلَّهِ كَثِيرًا، سُبْحَانَ اللهِ رَبِّ الْعَالَمِينَ، لَا حَوْلَ وَلَا قُوَّةَ إِلَّا بِاللهِ الْعَزِيزِ الْحَكِيمِ
عربي الإنجليزية الأوردية
নামাজৰ পিছত পঢ়িবলগীয়া কিছুমান বাক্য আছে, যিবোৰ বাক্য ফৰজ নামাজৰ পিছত পাঠ কৰা ব্যক্তিয়ে বা তাৰ ওপৰত আমল কৰা ব্যক্তিয়ে কেতিয়াও ব্যৰ্থ তথা বঞ্চিত নহয়। সেয়া হৈছে ৩৩ বাৰ ছুবহানাল্লাহ, ৩৩ বাৰ আলহাম্দুলিল্লাহ আৰু ৩৪ বাৰ আল্লাহু আকবাৰ পাঠ কৰা।
عربي الإنجليزية الأوردية
যেতিয়া মছজিদত প্ৰৱেশ কৰিছিল তেতিয়া কৈছিলঃ «أعوذ بالله العظيم، وبوجهه الكريم، وسلطانه القديم، من الشيطان الرَّجِيم» "(মই বিতাৰিত চয়তানৰ পৰা মহান আল্লাহৰ, তেওঁৰ সন্মানিত মুখমণ্ডলৰ আৰু তেওঁৰ চিৰস্থায়ী ৰাজত্বৰ আশ্ৰয় প্ৰাৰ্থনা কৰোঁ।)
عربي الإنجليزية الأوردية
চয়তান তোমালোকৰ ওচৰলৈ আহি কুমন্ত্ৰণা দি কয় যে, এইটো কোনে সৃষ্টি কৰিছে? সেইটো কোনে সৃষ্টি কৰিছে? অৱশেষত কয় যে, তোমাৰ প্ৰতিপালকক কোনে সৃষ্টি কৰিছে? যদি এনেকুৱা কোনো কথা কাৰো মনত উদ্ভৱ হয় তেন্তে সি আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰা উচিত, আৰু এনেকুৱা চিন্তাৰ পৰা বিৰত থকা উচিত।
عربي الإنجليزية الأوردية
তোমালোকৰ মাজৰ কোনোবাই যেতিয়া মছজিদত প্ৰৱেশ কৰে তেতিয়া তেওঁ এই দুআ পঢ়া উচিতঃ "আল্লাহুম্মাফ তাহলী আবৱাবা ৰাহমাতিক", (অৰ্থঃ হে আল্লাহ! মোৰ বাবে তোমাৰ ৰহমতৰ দুৱাৰসমূহ খুলি দিয়া), আৰু ওলোৱাৰ সময়ত এই দুআ পঢ়া উচিতঃ "আল্লাহুম্মা ইন্নি আছআলুকা মিন ফাজলিক", (অৰ্থঃ হে আল্লাহ! মই তোমাৰ ওচৰত তোমাৰ অনুগ্ৰহ কামনা কৰোঁ)।
عربي الإنجليزية الأوردية
এইটো হৈছে এক প্ৰকাৰ চয়তান, যাৰ নাম হৈছে খিনঝিব। যেতিয়া তুমি ইয়াৰ উপস্থিতি অনুভৱ কৰিবা, তেতিয়া তুমি (আউজুবিল্লাহ পঢ়ি) তাৰ অনিষ্টৰ পৰা আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰি তিনিবাৰ তোমাৰ বাওঁফালে থু পেলাবা।
عربي الإنجليزية الأوردية
লা ইলা-হা ইল্লাল্লা-হু অহদাহু লা শ্বাৰীকা লাহু, লাহুল মুল্কু অলাহুল হাম্দু, অহুৱা আলা কুল্লি শ্বাইয়িন ক্বাদীৰ। (আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। তেওঁ একক, তেওঁৰ কোনো অংশীদাৰ নাই। ৰাজত্ব তেওঁৰেই আৰু প্ৰশংসাও কেৱল তেওঁৰেই। তেওঁ সকলো ক্ষেত্ৰতে ক্ষমতাৱান।) যিয়ে এইটো দৈনিক এশবাৰ পাঠ কৰিব
عربي الإنجليزية الإندونيسية
তোমালোকৰ মাজৰ কোনোবাই দৈনিক এহেজাৰ নেকী অৰ্জন কৰিবলৈ অপাৰগ হ'বনে?
عربي الإنجليزية الأوردية
আল্লাহুম্মা ইন্নী আ‘উজু বিকা মিম মুনকাৰাতিল আখলাক্ব, অল আ‘মাল, অল আহৱা।" অর্থ: হে আল্লাহ! মই তোমাৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰোঁ নিন্দনীয় চৰিত্ৰৰ পৰা, বেয়া কৰ্ম আৰু প্ৰবৃত্তিৰ বেয়া কামনা-বাসনাৰ পৰা।
عربي الإنجليزية الأوردية
আল্লাহুম্মা ইন্নী আ’উজু বিকা মিনাল আ’জঝি অল কাছাল, অল জুব্নি, অল বুখল, অল হাৰাম। ৱা আজাবিল-কাব্ৰ। আল্লাহুম্মা আতি নাফ্‌ছী তাক্বৱাহা, অঝাক্কিহা আন্তা খাইৰু মান ঝাক্কা-হা, আন্তা অলিয়্যুহা ৱা মাওলাহা। আল্লাহুম্মা ইন্নী আ’উজু বিকা মিন ইল্‌মিল্ লা য়ান্‌ফা’, অমিন ক্বাল্বিল্ লা য়াখ্‌শ্বা’, অমিন নাফ্‌ছিন লা তাশ্ববা’, অমিন দা’ৱাতিল্ লা ইউস্তাজাবু লাহ।" অৰ্থঃ হে আল্লাহ! মই তোমাৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰোঁ অক্ষমতাৰ পৰা, অলসতাৰ পৰা, কাপুৰুষতাৰ পৰা, কৃপণতাৰ পৰা আৰু বৃদ্ধ অৱস্থাৰ পৰা, লগতে কবৰৰ শাস্তিৰ পৰা। হে আল্লাহ! মোৰ অন্তৰত তাক্বৱা দান কৰা, আৰু ইয়াক পৰিশুদ্ধ কৰি দিয়া, কাৰণ তুমিয়ে সৰ্বোত্তম পৰিশুদ্ধকাৰী। তুমিয়েই ইয়াৰ অভিভাৱক আৰু ৰক্ষক। হে আল্লাহ! মই তোমাৰ ওচৰত আশ্ৰয় বিচাৰোঁ এনেকুৱা জ্ঞানৰ পৰা, যিটো কোনো উপকাৰ নকৰে, আৰু এনেকুৱা অন্তৰৰ পৰা যিটো তোমাৰ ভয়ত কম্পিত নহয়, এনেকুৱা নফছৰ পৰা যিটো কেতিয়াও তৃপ্ত নহয়, আৰু এনেকুৱা দুআৰ পৰা যিটো কবূল কৰা নহয়।
عربي الإنجليزية الأوردية
কোৱাঃ আল্লাহুম্মাকফিনী বিহালালিকা আন হাৰামিক, ওৱা আগনিনী বিফাজলিকা আম্মান ছিৱাক।
عربي الإنجليزية الأوردية
আল্লাহুম্মা লাকা আছলামতু, অবিকা আ-মানতু, ওৱা আলাইকা তাৱাক্কালতু, অ ইলাইকা আনাবতু, অবিকা খা-চামতু, আল্লাহুম্মা ইন্নি আউজু বিইঝ্ঝাতিক, লা ইলা-হা ইল্লা আনতা আন তুজিল্লানী, আনতাল হাইয়্যুল লাজী লা য়ামূত, অলজিন্নু অল ইনছু য়ামূতূন।
عربي الإنجليزية الأوردية
হে আল্লাহ! মই তোমাৰ ওচৰত হিদায়ত প্ৰাৰ্থনা কৰোঁ, তাক্বৱা বিচাৰোঁ, চাৰিত্ৰিক পৱিত্ৰতা আৰু সচ্ছলতাৰ বাবে প্ৰাৰ্থনা জনাওঁ।
عربي الإنجليزية الأوردية
যি ব্যক্তিয়ে ছুবহানাল্লাহিল আজীম অবিহামদিহি পাঠ কৰিব, তাৰ বাবে জান্নাতত এজোপা খেজুৰ গছ ৰোপণ কৰা হ'ব।
عربي الإنجليزية الأوردية
হে মানৱজাতি! আল্লাহৰ ওচৰত তাওবা কৰা, মই দিনে এশবাৰকৈ তেওঁৰ ওচৰত তাওবা কৰোঁ।
عربي الإنجليزية الأوردية
যেতিয়াই কোনো মুছলিমে কোনো দুআ কৰে, যদি সেই দুআটোত কোনো গুনাহ নাথাকে, অথবা সেইটো আত্মীয়তাৰ বন্ধন ছিন্ন কৰাৰ বাবে নহয়, তেন্তে আল্লাহে সেই দুআৰ বিনিময়ত তাক এই তিনিটা বিষয়ৰ যিকোনো এটা প্ৰদান কৰে। ১- হয়তো লগে লগে তাৰ দুআ কবূল কৰে, ২- নাইবা আখিৰাতৰ বাবে সেইটো জমা কৰি ৰাখে, ৩- অথবা সেই পৰিমাণ কোনো বিপদ-আপদ দূৰ কৰি দিয়ে।" চাহাবাসকলে ক'লেঃ তেনেহ'লে আমি আৰু বেছি পৰিমাণে কৰিম। তেতিয়া তেখেতে ক'লেঃ "তেন্তে আল্লাহেও অধিক প্ৰদান কৰিব।
عربي الإنجليزية الأوردية
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কঠিন পৰিস্থিতিত এই দুআ পাঠ কৰিছিলঃ "লা ইলাহা ইল্লাল্লাহুল আজীমুল হালীম। লা ইলাহা ইল্লাল্লাহু ৰাব্বুল আৰশ্বিল আজীম। লা ইলাহা ইল্লাল্লাহু ৰাব্বুছ ছামাৱাতি অৰাব্বুল আৰজি অৰাব্বুল আৰশ্বিল কাৰীম।" অৰ্থঃ আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, তেওঁ মহান, পৰম সহনশীল। আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, তেওঁ মহা আৰচৰ অধিপতি। আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, তেওঁ আকাশমণ্ডলৰ প্ৰতিপালক আৰু তেওঁ পৃথিৱীৰ প্ৰতিপালক, লগতে সন্মানীয় মহা সিংহাসনৰ প্ৰতিপালক।
عربي الإنجليزية الأوردية
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ছাজদাত এই দুআটোও পাঠ কৰিছিলঃ "আল্লাহুম্মাগফিৰলী জাম্বী কুল্লাহ, দিক্কাহু অজিল্লাহ, ওৱা আওৱালাহু ওৱা আখিৰাহ, ওৱা আলানিয়্যাতাহু অছিৰ্ৰাহ।" (অৰ্থঃ হে আল্লাহ! মোৰ সৰু বৰ, আগৰ পিছৰ, প্ৰকাশ্য অপ্ৰকাশ্য সকলো গুনাহ ক্ষমা কৰি দিয়া।)
عربي الإنجليزية الأوردية
নিশ্চয় তোমালোকৰ প্ৰতিপালক অত্যন্ত লজ্জাশীল, পৰম দানশীল। বান্দাই তেওঁৰ ওচৰত কিবা বিচাৰি হাত পাতিলে, তেওঁ সেই হাত খালী ঘূৰাই দিয়াত লজ্জাবোধ কৰে।
عربي الإنجليزية الأوردية
মই তোমাৰ ইয়াৰ পৰা যোৱাৰ পিছত এনেকুৱা চাৰিটা বাক্য তিনিবাৰ পাঠ কৰিছোঁ, আজি তুমি এই পৰ্যন্ত যি যি পাঠ কৰিছা, সেইবোৰক যদি এইবোৰ বাক্যৰ দ্বাৰা ওজন কৰা হয়, তেন্তে এই চাৰিটা বাক্যৰ পাল্লা বেছি ভাৰী হ'ব।
عربي الإنجليزية الأوردية
যি বৈঠকত আল্লাহক স্মৰণ কৰা নহয় আৰু নবীৰ প্ৰতি দৰূদ পাঠ কৰা নহয়, তেনেকুৱা বৈঠক (কিয়ামতৰ দিনা) সিহঁতৰ বাবে পৰিতাপৰ কাৰণ হ'ব। আল্লাহে ইচ্ছা কৰিলে সিহঁতক শাস্তি বিহিব পাৰে আৰু ইচ্ছা কৰিলে ক্ষমা কৰি দিব পাৰে।
عربي الإنجليزية الأوردية
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে জামে (কম শব্দত অধিক অৰ্থ প্ৰকাশ কৰিব পৰা) দুআবোৰক বেছি পছন্দ কৰিছিল, ইয়াৰ বাহিৰে অন্যান্য দুআবোৰ এৰিছিল।
عربي الإنجليزية الأوردية
তোমালোকে বতাহক গালি নিদিবা, যদি এনেকুৱা বতাহ পৰিলক্ষিত হয় যিটোক তোমালোকে অপছন্দ কৰা তেন্তে এইদৰে ক'বাঃ আল্লাহুম্মা ইন্না নাছআলুকা মিন খাইৰি হা-জিহিৰ ৰীহ, অখাইৰি মা ফীহা, অখাইৰি মা উমিৰাত বিহ, অনাউজুবিকা মিন শ্বাৰ্ৰি হা-জিহিৰ ৰীহ, অশ্বাৰ্ৰি মা ফীহা, অশ্বাৰ্ৰি মা উমিৰাত বিহ।
عربي الإنجليزية الأوردية
তোমালোকৰ মাজৰ কোনেও যাতে এনেকৈ দুআ নকৰে যে, হে আল্লাহ! যদি তুমি ইচ্ছা কৰা তেন্তে মোক ক্ষমা কৰি দিয়া, যদি তুমি ইচ্ছা কৰা তেন্তে মোৰ প্ৰতি ৰহম কৰা, যদি তুমি ইচ্ছা কৰা তেন্তে মোক জীৱিকা প্ৰদান কৰা। বৰং দুআ কৰাৰ সময়ত নিশ্চিতভাৱে দৃঢ় হৈ দুআ কৰিব লাগে, কিয়নো আল্লাহে যি ইচ্ছা কৰে সেইটোৱে কৰে, তেওঁক অপাৰগ কৰিব পৰা কোনো নাই।
عربي الإنجليزية الأوردية
ধূলিময় হওক সেই ব্যক্তিৰ নাক, যাৰ ওচৰত মোৰ নাম উল্লেখ হোৱাৰ পিছতো সি মোৰ প্ৰতি দৰূদ পাঠ কৰা নাই। সেই ব্যক্তিৰো নাক ধূলিময় হওক, যিয়ে ৰমাজান মাহত প্ৰৱেশ কৰিও নিজৰ গুনাহ মাফ নকৰাকৈয়ে থাকে আৰু ইপিনে ৰমাজান মাহ পাৰ হৈ যায়। এইদৰে ধূলিময় হওক সেই ব্যক্তিৰ নাক, যিয়ে নিজৰ পিতৃ-মাতৃক বৃদ্ধাৱস্থাত পাইয়ো (জান্নাতত প্ৰৱেশ কৰিব পৰা নাই বা) তেওঁলোকে তাক জান্নাতত প্ৰৱেশ কৰাব পৰা নাই।" (অৰ্থাৎ সি তেওঁলোকৰ সেৱা যত্ন কৰি জান্নাত অৰ্জন কৰিব পৰা নাই।)
عربي الإنجليزية الأوردية
আদম সন্তানৰ অন্তৰসমূহ দয়াময় আল্লাহৰ আঙুলিসমূহৰ মাজৰ দুটা আঙুলিৰ মাজত এটা অন্তৰৰ দৰে অৱস্থিত। তেওঁ যিদৰে ইচ্ছা সেইদৰেই সেইবোৰক ওলট-পালট কৰি থাকে।
عربي الإنجليزية الأوردية
এতেকে তোমালোকে যেতিয়া আল্লাহৰ ওচৰত জান্নাত প্ৰাৰ্থনা কৰিবা, তেতিয়া ফিৰদাউচ বিচাৰিবা।
عربي الإنجليزية الإندونيسية
যিয়ে এই দুআ পাঠ কৰিবঃ ৰাজীতু বিল্লা-হি ৰাব্বান, অবিল ইছলামি দ্বীনান, অবিমুহাম্মাদিন ৰাছুলা।
عربي الإنجليزية الإندونيسية
যিদিনা আল্লাহৰ (ৰহমতৰ) ছাঁৰ বাহিৰে আন কোনো ছাঁ নাথাকিব। সেইদিনা মহান আল্লাহে তেওঁৰ (আৰচৰ) ছাঁত সাত প্ৰকাৰ লোকক আশ্ৰয় প্ৰদান কৰিব।
عربي الإنجليزية الإندونيسية