عَنْ عَلِيٍّ رضي الله عنه:
أَنَّ فَاطِمَةَ رَضيَ اللهُ عنْها أَتَتِ النَّبِيَّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ تَشْكُو إِلَيْهِ مَا تَلْقَى فِي يَدِهَا مِنَ الرَّحَى، وَبَلَغَهَا أَنَّهُ جَاءَهُ رَقِيقٌ، فَلَمْ تُصَادِفْهُ، فَذَكَرَتْ ذَلِكَ لِعَائِشَةَ، فَلَمَّا جَاءَ أَخْبَرَتْهُ عَائِشَةُ، قَالَ: فَجَاءَنَا وَقَدْ أَخَذْنَا مَضَاجِعَنَا، فَذَهَبْنَا نَقُومُ، فَقَالَ: «عَلَى مَكَانِكُمَا» فَجَاءَ فَقَعَدَ بَيْنِي وَبَيْنَهَا، حَتَّى وَجَدْتُ بَرْدَ قَدَمَيْهِ عَلَى بَطْنِي، فَقَالَ: «أَلاَ أَدُلُّكُمَا عَلَى خَيْرٍ مِمَّا سَأَلْتُمَا؟ إِذَا أَخَذْتُمَا مَضَاجِعَكُمَا -أَوْ أَوَيْتُمَا إِلَى فِرَاشِكُمَا- فَسَبِّحَا ثَلاَثًا وَثَلاَثِينَ، وَاحْمَدَا ثَلاَثًا وَثَلاَثِينَ، وَكَبِّرَا أَرْبَعًا وَثَلاَثِينَ، فَهُوَ خَيْرٌ لَكُمَا مِنْ خَادِمٍ».
[صحيح] - [متفق عليه] - [صحيح البخاري: 5361]
المزيــد ...
আলী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ
ফাতিমা ৰাদ্বিয়াল্লাহু আনহাই চাকতি ব্যৱহাৰ কৰি হাতত যি কষ্ট পাইছিল সেই সম্পৰ্কীয় এটা অভিযোগ লৈ তেওঁ এবাৰ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহিল। তেওঁ সংবাদ পাইছিল যে, তেখেতৰ ওচৰলৈ কিছুমান দাস আহিছে। কিন্তু তেওঁ আহি তেখেতক লগ নাপালে। তেতিয়া তেওঁ বিষয়টো আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাক জনাই গ'ল। যেতিয়া তেখেত চাল্লাল্লাহু আলাইহি অছাল্লাম আহিল, তেতিয়া আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাই তেখেতক বিষয়টো জনালে। আলী ৰাদ্বিয়াল্লাহু আনহুৱে কৈছেঃ এই কথা শুনি তেখেত আমাৰ ঘৰলৈ আহিল, সেই সময়ত আমি বিছনাত শুবলৈ গৈছিলোঁ। তেখেতক দেখি আমি উঠিবলৈ ধৰিলোঁ। তেতিয়া তেখেতে ক'লেঃ "নিজৰ নিজৰ ঠাইতে থাকা।" ইয়াৰ পিছত তেখেত আহি মোৰ আৰু ফাতিমাৰ মাজত বহিলে। আনকি মই তেখেতৰ দুয়ো ভৰিৰ শীতলতা মোৰ পেটত অনুভৱ কৰিছিলোঁ। তেখেতে ক'লেঃ "তোমালোকে যি আবেদন কৰিছা, মই তাতোকৈ উত্তম বস্তুৰ সংবাদ তোমালোকক নিদিমনে? শুনা! যেতিয়া তোমালোকে শয়ন স্থানত যাবা অথবা তেখেতে কৈছিলঃ যেতিয়া তোমালোকে বিছনাত শুবলৈ যাবা, তেতিয়া ৩৩ বাৰ ছুবহানাল্লাহ, আৰু ৩৩ বাৰ আলহাম্দুলিল্লাহ, আৰু ৩৪ বাৰ আল্লাহু আকবাৰ পাঠ কৰিবা। এয়া হৈছে তোমালোক উভয়ৰ বাবে সেৱকতকৈও উত্তম।"
[ছহীহ] - [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})] - [ছহীহ বুখাৰী - 5361]
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ জীয়াৰী ফাতিমা ৰাদ্বিয়াল্লাহু আনহাই তেখেতৰ ওচৰলৈ অভিযোগ কৰিবলৈ আহিল যে, চাকতি ঘূৰাই ঘূৰাই তেওঁৰ হাতৰ অৱস্থা বেয়া হৈছে। যিহেতু তেখেতৰ ওচৰলৈ কিছুমান দাস অনা হৈছে, গতিকে সিহঁতৰ মাজৰ পৰা এজন দাস যেন সেৱক হিচাপে তেওঁক প্ৰদান কৰা হয়, যাতে সি ঘৰৰ কামবোৰ কৰি দিয়ে। কিন্তু তেওঁ আহি তেখেতক লগ নাপালে। আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাক লগ পাই তেওঁকে কথাখিনি জনাই থৈ গ'ল। যেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লাম ঘৰলৈ আহিল, তেতিয়া আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাই তেখেতক জনালে যে, ফাতিমা আহিছিল এজন সেৱক বিচাৰি। এই শুনি নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ফাতিমা আৰু আলীৰ ঘৰলৈ গ'ল, গৈ দেখিলে তেওঁলোক বিছনাত গৈছে শুবলৈ। নবী চাল্লাল্লাহু আলাইহি অছাল্লাম তেওঁলোক দুজনৰ মাজত বহিলে, আনকি তেখেতৰ ভৰি আলী ৰাদ্বিয়াল্লাহু আনহুৰ পেট স্পৰ্শ কৰিছিল আৰু তেওঁ তেখেতৰ দুয়ো ভৰিৰ শীতলতা তেওঁৰ পেটত অনুভৱ কৰিছিল। ইয়াৰ পিছত তেখেতে ক'লেঃ শুনা! তোমালোকে মোৰ ওচৰত বিচৰা সেৱক প্ৰদানতকৈ মই তোমালোকক উত্তম এটা বস্তুৰ সংবাদ নিদিমনে? তেওঁলোক উভয়ে ক'লে হয়, নিশ্চয়। তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ ৰাতিত যেতিয়া তোমালোকে শুবলৈ যাবা, তেতিয়া তোমালোকে ৩৪ বাৰ আল্লাহু আকবাৰ পাঠ কৰিবা। ৩৩ বাৰ ছুবহানাল্লাহ পাঠ কৰিবা। আৰু আলহাম্দুলিল্লাহ ৩৩ বাৰ পাঠ কৰিবা। এই জিকৰটো হৈছে তোমালোকে বিচৰা সেৱকতকৈও উত্তম।