শ্ৰেণীবিন্যাস: ফজীলত আৰু শিষ্টাচাৰসমূহ .
+ -

عن عائشة رضي الله عنها قالت: قال النبي صلى الله عليه وسلم:
«لَا تَسُبُّوا الْأَمْوَاتَ، فَإِنَّهُمْ قَدْ أَفْضَوْا إِلَى مَا قَدَّمُوا».

[صحيح] - [رواه البخاري] - [صحيح البخاري: 1393]
المزيــد ...

আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত তেওঁ কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
তোমালোকে মৃত লোকসকলক গালি নাপাৰিবা; কাৰণ সিহঁতে নিজৰ কৰ্মফলৰ ওচৰলৈ গৈ উপনীত হৈছে।

[ছহীহ] - [(বুখাৰী)] - [ছহীহ বুখাৰী - 1393]

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই হাদীছটোত স্পষ্ট কৰিছে যে, মৃত লোকসকলক গালি দিয়া আৰু তেওঁলোকৰ সন্মানহানী কৰা হাৰাম। এনেকুৱা কৰ্ম হৈছে বেয়া চৰিত্ৰৰ পৰিচয়। কাৰণ তেওঁলোকে সেই ঠাইত গৈ উপনীত হৈছে, যি স্থানলৈ তেওঁলোকে ইতিপূৰ্বে নিজৰ ভাল-বেয়া আমল প্ৰেৰণ কৰিছিল। আনহাতে এইবোৰ গালি-শপনি সিহঁতৰ ওচৰলৈ গৈ নাপায়; বৰং এইবোৰৰ দ্বাৰা কেৱল জীৱিত মানুহকহে কষ্ট দিয়া হয়।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. হাদীছটোৱে প্ৰমাণ কৰে যে, মৃত ব্যক্তিক গালি-শপনি পাৰা হাৰাম।
  2. জীৱিতসকলৰ কল্যাণৰ কাৰণেই মৃতসকলক গালি-শপনি পাৰাৰ পৰা বিৰত থকাৰ নিৰ্দেশ দিয়া হৈছে, যাতে কলহ-বিবাদ আৰু ঘৃণা আদিৰ পৰা সমাজ সুৰক্ষিত থাকে।
  3. মৃত লোকসকলক গালি-শপনি পাৰিবলৈ নিষেধ কৰাৰ আন এটা হিকমত হৈছে এই যে, সিহঁতে যি আমল কৰিছে, তাৰ প্ৰতিফল পাবলৈ সিহঁতে ইতিমধ্যে তাত গৈ উপস্থিত হৈছে। গতিকে এতিয়া সিহঁতক গালি পাৰি একো লাভ নাই; বৰং এতিয়া গালি পাৰিলে মৃত ব্যক্তিৰ জীৱিত আত্মীয়সকলেহে কষ্ট পাব।
  4. যিটো কথাত মানুহৰ কোনো উপকাৰ নাই, তেনেকুৱা কথা কোৱাটো মানুহৰ বাবে উচিত নহয়।
অনুবাদ: ইংৰাজী উৰ্দু স্পেনিছ ইন্দোনেচিয়ান উইঘোৰ বাংলা ফৰাচী তুৰ্কী ৰুচিয়ান বোছনিয়ান ছিনহালী হিন্দী চাইনিজ ফাৰ্চি ভিয়েতনামীজ তাগালোগ কুৰ্দিশ হাওছা পৰ্তুগীজ মালয়ালম তেলেগু শ্বাহিলী তামিল বাৰ্মিজ থাই জাৰ্মান জাপানীজ পুস্তু আলবেনীয়ান ছুইডিছ আমহাৰিক ডাচ গুজৰাটী কিৰ্গিজ নেপালী ইউৰোবা লিথুৱেনিয়ান দাৰী ছাৰ্বিয়ান ছোমালি তাজিক কিনিয়াৰাৱাণ্ডা ৰোমানিয়ান হাংগেৰী চেক الموري মালাগাছী ফুলানী ইটালিয়ান ওৰোমো কান্নাড়া الولوف البلغارية আজেৰি اليونانية উজবেক ইউক্ৰেইনীয়ান الجورجية المقدونية
অনুবাদ চাওক
অধিক