শ্ৰেণীবিন্যাস: আক্বীদাহ . ভাগ্যৰ প্ৰতি ঈমান .

عَنْ مَطَرِ بْنِ عُكَامِسٍ رضي الله عنه قَالَ: قَالَ رَسُولُ اللهِ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ:
«إِذَا قَضَى اللَّهُ لِعَبْدٍ أَنْ يَمُوتَ بِأَرْضٍ جَعَلَ لَهُ إِلَيْهَا حَاجَةً».

[صحيح] - [رواه الترمذي] - [سنن الترمذي: 2146]
المزيــد ...

মাত্বাৰ ইবনু উকামিছ ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বর্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে:
আল্লাহে যেতিয়া তেওঁৰ কোনো বান্দাৰ বাবে ফয়চালা দিয়ে যে, তাৰ অমুক ঠাইত মৃত্যু হ’ব, তেতিয়া সেই ঠাইলৈ যোৱাৰ বাবে তাৰ কাৰণে এটা প্ৰয়োজনো সৃষ্টি কৰি দিয়ে।

[ছহীহ] - [(তিৰমিজী)] - [ছুনান তিৰমিজী - 2146]

ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, আল্লাহে যেতিয়া কোনো বান্দাৰ বাবে নিৰ্ধাৰণ কৰে যে, তাৰ অমুক ঠাইত মৃত্যু হ'ব, কিন্তু সি তাত নাথাকে, আল্লাহে তাক সেই ঠাইলৈ যোৱাৰ কাৰণে কোনো প্ৰয়োজন সৃষ্টি কৰি দিয়ে, ফলত সেই ঠাইলৈ যোৱাৰ পিছত তাৰ প্ৰাণহৰণ কৰা হয়।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

  1. উক্ত হাদীছটোৱে এই আয়াতৰ অৰ্থকে প্ৰকাশ কৰিছেঃ {وما تدري نفس بأي أرض تموت} অৰ্থাৎ কোনোৱেই নাজানে তাৰ মৃত্যু কোন ঠাইত হ'ব।
অনুবাদ চাওক
ভাষা: الإنجليزية الأوردية الإسبانية অধিক (68)
অধিক