শ্ৰেণীবিন্যাস: আক্বীদাহ . ভাগ্যৰ প্ৰতি ঈমান .

عَنْ طَاوُسٍ أَنَّهُ قَالَ: أَدْرَكْتُ نَاسًا مِنْ أَصْحَابِ رَسُولِ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ، يَقُولُونَ كُلُّ شَيْءٍ بِقَدَرٍ، قَالَ: وَسَمِعْتُ عَبْدَ اللهِ بْنَ عُمَرَ رضي الله عنهما يَقُولُ: قَالَ رَسُولُ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ:
«كُلُّ شَيْءٍ بِقَدَرٍ، حَتَّى الْعَجْزِ وَالْكَيْسِ، أَوِ الْكَيْسِ وَالْعَجْزِ».

[صحيح] - [رواه مسلم] - [صحيح مسلم: 2655]
المزيــد ...

তাঊছ ৰাহিমাহুল্লাহৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ কেইজনমান চাহাবীক লগ পাইছোঁ, তেওঁলোকে কৈছেঃ প্ৰতিটো বস্তুকে নিৰ্দিষ্ট মাত্ৰাত সৃষ্টি কৰা হৈছে। তেওঁ কৈছে, লগতে মই আব্দুল্লাহ ইবনে ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাক কোৱা শুনিছোঁ, তেওঁ কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
প্ৰতিটো বস্তুকে নিৰ্দিষ্ট মাত্ৰাত সৃষ্টি কৰা হৈছে, আনকি অক্ষমতা আৰু বুদ্ধিমত্তাকো, অথবা বুদ্ধিমত্তা আৰু অক্ষমতাকো।

[ছহীহ] - [(মুছলিম)] - [ছহীহ মুছলিম - 2655]

ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই কথা স্পষ্ট কৰিছে যে, আল্লাহে প্ৰতিটো বস্তুকে পৰিমিতভাৱে সৃষ্টি কৰিছে। আনকি অক্ষমতাকো, অৰ্থাৎ এনেকুৱা কৰ্মক পৰিত্যাগ কৰা যিটো কৰা অত্যন্ত জৰুৰী, সেইটো পালন কৰাৰ ক্ষেত্ৰত পলম কৰা, সেয়া দুনিয়াৱী বিষয় হওক বা আখিৰাত সম্পৰ্কীয়। এইদৰে বুদ্ধিমত্তাকো (নিৰ্দিষ্ট পৰিমাণত সৃষ্টি কৰা হৈছে) অৰ্থাৎঃ দুনিয়াৱী আৰু আখিৰাত সম্পৰ্কীয় কামত দেখুৱা সক্ৰিয়তা আৰু উদ্যমতা আদিকো। নিশ্চয় আল্লাহে অক্ষমতা আৰু বুদ্ধিমত্তাকো তাক্বদীৰত লিপিবদ্ধ কৰি ৰাখিছে, আনকি সংঘটিত হ'বলগীয়া প্ৰতিটো বিষয় সম্পৰ্কে আল্লাহ আগৰ পৰাই অৱগত আৰু তেওঁৰ ইচ্ছা অনুসৰিহে সেইবোৰ সংঘটিত হয়।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

  1. হাদীছটোত তাক্বদীৰ সম্পৰ্কীয় থকা চাহাবাসকলৰ আক্বীদাহ সম্পৰ্কে উল্লেখ কৰা হৈছে।
  2. এই কথা উল্লেখ কৰা হৈছে যে, প্ৰতিটো বস্তু আল্লাহে নিৰ্ধাৰণ কৰা অনুপাতেই সংঘটিত হয়, আনকি অক্ষমতা আৰু সক্ৰিয়তাও ইয়াৰেই অন্তৰ্ভুক্ত।
  3. হাদীছ বৰ্ণনা কৰাৰ ক্ষেত্ৰত চাহাবাসকলৰ সতৰ্কতা আৰু নিখুঁত পন্থা অৱলম্বনৰ বিষয়টো প্ৰমাণিত হয়।
  4. মঙ্গল অমঙ্গল সকলো প্ৰকাৰ ক্ষেত্ৰতে ভাগ্যৰ ওপৰত ঈমান পোষণ কৰা অনিবাৰ্য।
অনুবাদ চাওক
ভাষা: الإنجليزية الأوردية الإسبانية অধিক (68)
অধিক