عَنْ طَاوُسٍ أَنَّهُ قَالَ: أَدْرَكْتُ نَاسًا مِنْ أَصْحَابِ رَسُولِ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ، يَقُولُونَ كُلُّ شَيْءٍ بِقَدَرٍ، قَالَ: وَسَمِعْتُ عَبْدَ اللهِ بْنَ عُمَرَ رضي الله عنهما يَقُولُ: قَالَ رَسُولُ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ:
«كُلُّ شَيْءٍ بِقَدَرٍ، حَتَّى الْعَجْزِ وَالْكَيْسِ، أَوِ الْكَيْسِ وَالْعَجْزِ».
المزيد
তাঊছ ৰাহিমাহুল্লাহৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ কেইজনমান চাহাবীক লগ পাইছোঁ, তেওঁলোকে কৈছেঃ প্ৰতিটো বস্তুকে নিৰ্দিষ্ট মাত্ৰাত সৃষ্টি কৰা হৈছে। তেওঁ কৈছে, লগতে মই আব্দুল্লাহ ইবনে ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাক কোৱা শুনিছোঁ, তেওঁ কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
প্ৰতিটো বস্তুকে নিৰ্দিষ্ট মাত্ৰাত সৃষ্টি কৰা হৈছে, আনকি অক্ষমতা আৰু বুদ্ধিমত্তাকো, অথবা বুদ্ধিমত্তা আৰু অক্ষমতাকো।