عن عبد الله بن عباس رضي الله عنهما قال: كنت خلف النبي صلى الله عليه وسلم يوماً فقال يا غلام، إني أعلمك كلمات: «احْفَظِ اللهَ يحفظْك، احفظ الله تَجِدْه تُجَاهَك، إذا سألت فاسأل الله، وإذا اسْتَعَنْتَ فاسْتَعِن بالله، واعلمْ أن الأمةَ لو اجتمعت على أن ينفعوك بشيء لم ينفعوك إلا بشيء قد كتبه الله لك، وإن اجتمعوا على أن يَضرُّوك بشيء لم يَضرُّوك إلا بشيء قد كتبه الله عليك، رفعت الأقلام وجفت الصحف». وفي رواية: «احفظ الله تَجِدْه أمامك، تَعرَّفْ إلى الله في الرَّخَاء يَعرِفْكَ في الشِّدة، واعلم أنَّ ما أخطأَكَ لم يَكُنْ ليُصِيبَكَ، وما أصَابَكَ لم يَكُنْ لِيُخْطِئَكَ، واعلم أن النصرَ مع الصبرِ، وأن الفرجَ مع الكَرْبِ، وأن مع العُسْرِ يُسْرًا».
[صحيح] - [رواه الترمذي وأحمد بروايتيه]
المزيــد ...

আব্দুল্লাহ ইবনে আব্বাছ ৰাদিয়াল্লাহু ‘আনহুমাই বৰ্ণনা কৰিছে যে, এদিনাখন মই ৰাছুলুল্লাহ (চাল্লাল্লাহু ‘আলাইহি অছাল্লাম)-ৰ পিছফালে বহি আছিলোঁ, তেখেতে মোক ক’লে: "হে বালক! মই তোমাক কেইটিমান কথা শিকাম- আল্লাহৰ বিধি-বিধানবোৰ সংৰক্ষণ কৰিবা, তেনেহ’লে তেওঁ তোমাক সংৰক্ষণ কৰিব; আল্লাহক স্মৰণ কৰিবা, ফলত তুমি তেওঁক তোমাৰ সন্মুখতে পাবা। যেতিয়া কিবা বিচাৰিবা, তেতিয়া আল্লাহৰ ওচৰতেই বিচাৰিবা; যেতিয়া সহায় প্ৰাৰ্থনা কৰিবা, তেতিয়া আল্লাহৰ ওচৰতেই সহায় বিচাৰিবা। জানি থোৱা, গোটেই মানুহে যদি তোমাৰ কোনো উপকাৰ কৰিব বিচাৰে, তথাপিও আল্লাহে তোমাৰ বাবে যি নিৰ্দিষ্ট কৰি দিছে, তাৰ বাহিৰে আন একো উপকাৰ কৰিব নোৱাৰিব। আৰু যদি গোটেই মানুহে তোমাৰ কোনো অনিষ্ট কৰিব বিচাৰে, তথাপিও আল্লাহে তোমাৰ বাবে যি নিৰ্দিষ্ট কৰি দিছে তাতকৈ বেছি সিহঁতে কোনো অনিষ্ট কৰিব নোৱাৰিব। কলম তুলি লোৱা হৈছে আৰু পৃষ্ঠা শুকাই গৈছে।" আন এটা বৰ্ণনাত আছে: আল্লাহক স্মৰণ কৰা, তেন্তে তুমি তেওঁক তোমাৰ সন্মুখত পাবা, তুমি স্বচ্ছল অৱস্থাত আল্লাহক স্মৰণ কৰিবা, তেওঁ তোমাক কঠিন অৱস্থাত স্মৰণ কৰিব। মনত ৰাখিবা- যিটো তুমি পোৱা নাই, সেইটো তোমাৰ পাবলগীয়া নাছিল, আৰু যিটো তুমি পাইছা সেইটোৰ পৰা তুমি কেতিয়াও বঞ্চিত নহ’লাহেঁতেন। আৰু জানি থোৱা! ধৈৰ্য্য ধাৰণ কৰিলেহে সহায় পোৱা যায়। নিশ্চয় কষ্টৰ পিছতহে সুখ আহে। কঠিন অৱস্থাৰ পিছত স্বচ্ছলতা আহে।” ছহীহ – এই হাদীছটোক তিৰমিজীয়ে বৰ্ণনা কৰিছে।
ছহীহ - তিৰমিজীয়ে বৰ্ণনা কৰিছে

ব্যাখ্যা

এই মহান হাদীছটোত ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে বালকজনক (বালকজন হৈছে ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু ‘আনহুমা) কিছুমান গুৰুত্বপূৰ্ণ উপদেশ দিছে। যাৰ সাৰাংশ হৈছে, সদায় আল্লাহৰ আদেশ-নিষেধ মানি চলিবা তথা সেইবোৰক সংৰক্ষণ কৰিবা। তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে বালকজনৰ শৈশৱকালতেই আক্বীদা সংশোধন কৰিবলৈ কৈছে, আল্লাহৰ বাহিৰে কোনো স্রষ্টা নাই, তেওঁৰ বাহিৰে আন কোনো শক্তিধৰো নাই, আনকি আল্লাহৰ কোনো কামত তেওঁৰ কোনো সহায়কাৰীও নাই। তেওঁৰ আৰু বান্দাৰ মাজত কোনো মধ্যস্ততাৰো প্ৰয়োজন নাই, তাৱাক্কুল আৰু প্রার্থনাৰ ক্ষেত্রতো নাই। তেৱেঁই পৱিত্র সত্তা, বিপদ-আপদৰ সময়ত যাৰ ওচৰত আশা-আকাংখা ব্যক্ত কৰা হয়। তেৱেঁই সেই সত্তা আজাব আহিলে যাৰ ওচৰত আৰাধনা কৰা হয়। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ইবনে আব্বাছৰ অন্তৰত আল্লাহৰ তাকদীৰ সম্পৰ্কীয় ঈমান ৰোপন কৰিছিল। কাৰণ প্রতিটো বিষয় ভাল হওক বা বেয়া আল্লাহৰ তাকদীৰ আৰু সিদ্ধান্ত মুতাবিকেই হয়। মানুহে যি বিচাৰে সেইটো বাস্তৱায়ন কৰাৰ ক্ষমতা মানুহৰ হাতত নাই আৰু সেইবোৰ আল্লাহৰ অনুমতি নোহোৱাকৈ বাস্তৱায়নো নহয়।

অনুবাদ: ইংৰাজী ফৰাচী স্পেনিচ তুৰ্কী উৰ্দু ইন্দোনেচিয়ান বোছনিয়ান ৰুচিয়ান বাংলা চাইনিজ ফাৰ্চি হিন্দী ভিয়েতনামীজ ছিনহালী উইঘোৰ কুৰ্দী হাউছা পুৰ্তুগিজ মালয়ালম তেলেগু ছাৱাহিলী তামিল বৰ্মী থাই জাৰ্মান জাপানিজ পুস্তু আল বানিয়ান السويدية الأمهرية الهولندية الغوجاراتية الدرية
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. পৰিবহণ হিচাপে ব্যৱহাৰ কৰা জন্তুৰ পিঠিত আনকো বহুৱাব পাৰিব, যদিহে জন্তুটো সক্ষম হয়।
  2. শিক্ষকে ছাত্রক আগতেই জনাই দিয়া উচিত যে, তেওঁ তাক শিকাব বিচাৰে। ইয়াৰ উদ্দেশ্য হৈছে তেওঁ যি শিকাব তাৰ প্ৰতি যাতে ছাত্ৰৰ আগ্ৰহ বাঢ়ে, লগতে শিকিবলৈ যাতে আন্তৰিকতাৰে মনোযোগ দিয়ে।
  3. নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কম বয়স্ক লোকৰ সৈতেও নম্র ব্যৱহাৰ কৰিছিল। হাদীছটোত তেওঁ কৈছে, হে বালক! মই তোমাক কেইটিমান কথা শিকাম।
  4. আব্দুল্লাহ ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুৰ ফজিলত। কাৰণ বয়সত সৰু হোৱা সত্বেও ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক এইবোৰ উপদেশৰ যোগ্য বুলি ভাৱিছিল।
  5. কৰ্ম অনুসাৰে প্ৰতিদান দিয়া হয়।
  6. আল্লাহৰ ওপৰত ভৰসা আৰু তাৱাক্কুল কৰাৰ নির্দেশ দিয়া হৈছে, তেওঁৰ বাহিৰে আন কাৰো ওপৰত নহয়। তেওঁ কিমান যে উত্তম কৰ্মবিধায়ক।
  7. সকলো সৃষ্টিয়েই অক্ষম। সিহঁত সকলোৱেই আল্লাহৰ মুখাপেক্ষী।
  8. এই বিষয়ে সতর্ক থকা উচিত যে, এই পৃথিৱী হৈছে বিপদ-আপদৰ স্থান। এতেকে ইয়াৰ ওপৰত ধৈৰ্য্য ধাৰণ কৰা উচিত।
  9. ভাগ্য আৰু আল্লাহৰ ফয়চালাৰ ওপৰত সন্তুষ্ট থকা অনিবাৰ্য।
  10. যি ব্যক্তিয়ে আল্লাহৰ দ্বীনক ধ্বংস কৰিব আল্লাহে সেই ব্যক্তিক ধ্বংস কৰিব আৰু তাৰ প্ৰতি কোনো ভ্ৰূক্ষেপ নকৰিব।
  11. আনহাতে যিয়ে আল্লাহৰ দ্বীনক হিফাজত কৰিব, আল্লাহে তেওঁক হিদায়ত দান কৰিব আৰু প্ৰত্যেক কল্যাণৰ পথ দেখুৱাব।
  12. মহা সুসংবাদ হৈছে এইটো যে, মানুহৰ ওপৰত যেতিয়া কোনো বিপদ আহে, তেতিয়া তেওঁ স্বচ্ছলতাৰ অপেক্ষা কৰা উচিত।
  13. মুচিবতৰ সময়ত অথবা কোনো প্রিয় বস্তু নোপোৱা হ’লে বান্দাক সান্তনা লভিবলৈ কোৱা হৈছে। তেওঁ কৈছেঃ “মনত ৰাখিবা- যিটো তুমি পোৱা নাই, সেইটো তোমাৰ পাবলগীয়া নাছিল, আৰু যিটো তুমি পাইছা সেইটোৰ পৰা তুমি কেতিয়াও বঞ্চিত নহ’লাহেঁতেন।” প্রথম বাক্যটোৰ জৰিয়তে অনিষ্ট সাধন হোৱা অৱস্থাত সান্তনা দিয়া হৈছে আৰু দ্বিতীয় বাক্যটোৰ জৰিয়তে প্রিয় বস্তু নোপোৱাৰ ক্ষেত্ৰত সান্তনা দিয়া হৈছে।
অধিক