عن أبي هريرة رضي الله عنه قال: قال رسول الله صلى الله عليه وسلم:
«مَنْ كَذَبَ عَلَيَّ مُتَعَمِّدًا فَلْيَتَبَوَّأْ مَقْعَدَهُ مِنَ النَّارِ».

[صحيح] - [متفق عليه] - [صحيح البخاري: 110]
المزيــد ...

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"যিয়ে জানি বুজি মোৰ বিষয়ে মিছা কথা ক'ব, সি যেন নিজৰ ঠিকনা জাহান্নামত বনাই লয়।"

[ছহীহ] - [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})] - [ছহীহ বুখাৰী - 110]

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত কৈছে যে, যিয়ে জানি বুজি কোনো কথা বা কৰ্ম মিছাতে তেখেতে কৰা বুলি প্ৰচাৰ কৰিব, আখিৰাতত তাৰ ঠিকনা হ'ব জাহান্নাম। এইটো হৈছে তেখেতৰ সৈতে মিছা কথা সম্পৃক্ত কৰাৰ প্ৰতিফল।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

  1. জানি বুজি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি মিছা কথা সম্পৃক্ত কৰাটো হৈছে জাহান্নামত প্ৰৱেশৰ অন্যতম কাৰণ।
  2. নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে মিছা কথা সম্পৃক্ত কৰাটো অন্যান্য লোকৰ বিষয়ে মিছা কথা কোৱাৰ দৰে নহয়। কাৰণ তেখেতৰ বিষয়ে মিছা কথা কোৱাৰ ফলত দ্বীন আৰু দুনিয়া উভয় ক্ষেত্ৰতে ক্ষতিৰ সন্মুখীন হ'বলগীয়া হয়।
  3. পুংখানুপুংখভাৱে অনুসন্ধান নকৰাকৈ তথা নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে হাদীছটোৰ সম্পৰ্ক আছে বুলি নিশ্চিত নোহোৱাকৈ কোনো হাদীছ প্ৰচাৰ কৰিবলৈ সতৰ্ক কৰা হৈছে।
অনুবাদ চাওক
ভাষা: الإنجليزية الأوردية الإسبانية অধিক (56)
অধিক