عَنْ سَمُرَةَ بْنِ جُنْدَبٍ وَالْمُغِيرَةِ بْنِ شُعْبَةَ رضي الله عنهما قَالَا: قَالَ رَسُولُ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ:
«مَنْ حَدَّثَ عَنِّي بِحَدِيثٍ يُرَى أَنَّهُ كَذِبٌ، فَهُوَ أَحَدُ الْكَاذِبِينَ».

[صحيح] - [رواه مسلم في مقدمته]
المزيــد ...

ছামুৰাহ বিন জুনদাব আৰু মুগীৰাহ বিন শ্বুবাহ ৰাদ্বিয়াল্লাহু আনহুমাৰ দ্বাৰা বৰ্ণিত, তেওঁলোক উভয়ে কৈছে যে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"যিয়ে মোৰ নামেৰে হাদীছ বৰ্ণনা কৰে, অথচ সি জানে যে, সেইটো মিছা, তেন্তে সিও হৈছে এজন মিছলীয়া।"

[ছহীহ] - [رواه مسلم في مقدمته] - [ছহীহ মুছলিম]

ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, যিয়ে তেওঁৰ নামত এনেকুৱা হাদীছ প্ৰচাৰ কৰে যিটো সম্পৰ্কে সি জানে অথবা তাৰ ধাৰণা আছে নাইবা সি নিশ্চিত যে সেইটো তেখেতৰ নামত মিছা প্ৰচাৰ কৰা হৈছে, তেন্তে বৰ্ণনাকাৰী আৰু প্ৰচাৰকাৰীও মিছলীয়া বুলি গণ্য হ'ব।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

  1. নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা বৰ্ণিত হাদীছৰ সত্যতা নিৰূপণ কৰা অনিবাৰ্য, লগতে প্ৰচাৰ কৰাৰ আগত ইয়াৰ সত্যতা যচাই কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিয়া উচিত।
  2. মিছাৰ বৈশিষ্ট্য সেই সকলো লোকৰ ওপৰতে লাগো হয়, যিয়ে মিছা উদ্ভাৱন কৰে আৰু যিয়ে মানুহৰ মাজত প্ৰচাৰ-প্ৰসাৰ কৰে।
  3. যিয়ে জানে যে, এইটো মওজু বা জাল হাদীছ অথবা যিয়ে নিশ্চিত ধাৰণা কৰিব পাৰে যে, এইটো জাল তেন্তে সেইটো বৰ্ণনা কৰা হাৰাম। কিন্তু সতৰ্ক কৰাৰ উদ্দেশ্যত বৰ্ণনা কৰাত কোনো অসুবিধা নাই।
অনুবাদ চাওক
ভাষা: الإنجليزية الأوردية الإسبانية অধিক (51)
অধিক