عَنْ بُسْرِ بْنِ سَعِيدٍ، أَنَّ زَيْدَ بْنَ خَالِدٍ الْجُهَنِيَّ رَضيَ اللهُ عنه، أَرْسَلَهُ إِلَى أَبِي جُهَيْمٍ رَضيَ اللهُ عنه، يَسْأَلُهُ مَاذَا سَمِعَ مِنْ رَسُولِ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ فِي الْمَارِّ بَيْنَ يَدَيِ الْمُصَلِّي؟ قَالَ أَبُو جُهَيْمٍ: قَالَ رَسُولُ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ:
«لَوْ يَعْلَمُ الْمَارُّ بَيْنَ يَدَيِ الْمُصَلِّي مَاذَا عَلَيْهِ لَكَانَ أَنْ يَقِفَ أَرْبَعِينَ خَيْرًا لَهُ مِنْ أَنْ يَمُرَّ بَيْنَ يَدَيْهِ» قَالَ أَبُو النَّضْرِ: لَا أَدْرِي قَالَ: أَرْبَعِينَ يَوْمًا أَوْ شَهْرًا أَوْ سَنَةً؟
[صحيح] - [متفق عليه] - [صحيح مسلم: 507]
المزيــد ...
বুছৰ ইবনে ছাঈদৰ পৰা বৰ্ণিত যে, যায়েদ ইবনে খালিদ আল-জুহানী ৰাদ্বিয়াল্লাহু আনহুৱে তেওঁক আবূ জুহায়ম ৰাদ্বিয়াল্লাহু আনহুৰ ওচৰলৈ প্ৰেৰণ কৰিলে, এইটো সুধিবলৈ যে, নামাজীৰ সন্মুখেৰে পাৰ হোৱাৰ বিষয়ত তেওঁ ৰাছুলুল্লাহ্ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা কি শুনিছে? আবূ জুহায়মে ক'লেঃ এই বিষয়ত ৰাছুলুল্লাহ্ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"নামাজত থকা ব্যক্তিৰ সন্মুখেৰে পাৰ হোৱা ব্যক্তিয়ে যদি জানিলেহেঁতেন যে, এইটো কিমান ডাঙৰ অপৰাধ, তেন্তে সি মুচল্লীৰ সন্মুখেৰে পাৰ হোৱাতকৈ ৪০ (দিন, মাহ বা বছৰ) ৰখি থকাটোকে উত্তম বুলি গণ্য কৰিলেহেঁতেন।" আবুন নজৰে কৈছেঃ মই নাজানো তেওঁ ৪০ দিন কৈছিল নে ৪০ মাহ, নে ৪০ বছৰ।
[ছহীহ] - [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})] - [ছহীহ মুছলিম - 507]
ফৰজ নামাজ হওক বা নফল নামাজ, মুচল্লীৰ সন্মুখেৰে পাৰ হোৱাৰ পৰা নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত সাৱধান কৰিছে। যিয়ে ইচ্ছাকৃতভাৱে কোনো মুচল্লীৰ সন্মুখেদি পাৰ হয়, সি যদি ইয়াৰ গুনাহৰ পৰিমাণ জানিলেহেঁতেন, তেন্তে সি ৪০ (দিন, মাহ বা বছৰ) অপেক্ষা কৰাটোকে প্ৰাধান্য দিলেহেঁতেন বা শ্ৰেয় বুলি গণ্য কৰিলেহেঁতেন। উক্ত হাদীছটোৰ বৰ্ণনাকাৰী আবুন নজৰে কৈছেঃ মোৰ মনত নাই, তেওঁ চল্লিশ দিন কৈছিল নে চল্লিশ মাহ নে চল্লিশ বছৰ।