عن عائشة رضي الله عنها قالت: كان خُلُقُ نَبي اللِه صلى الله عليه وسلم القرآن.
[صحيح] - [رواه مسلم في جملة حديثٍ طويلٍ]
المزيــد ...

আঈশ্বা ৰাদ্বিয়াল্লাহু ‘আনহাৰ পৰা বৰ্ণিত, তেওঁ কৈছে, “নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ চৰিত্র আছিল কোৰআন।’’
ছহীহ - ইয়াক মুছলিমে বৰ্ণনা কৰিছে

ব্যাখ্যা

হাদীছৰ অর্থ হৈছে তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে পৰিপূৰ্ণৰূপে কোৰআন মতে আমল কৰিছিল। কোৰআনত যি আদেশ দিয়া হৈছে সেইটো পালন কৰিছিল আৰু তাত যিটো নিষেধ কৰা হৈছে সেইটোৰ পৰা বিৰত থাকিছিল। সেয়া আল্লাহৰ ইবাদতৰ ক্ষেত্রতেই হওক অথবা আল্লাহৰ বান্দাসকলৰ সৈতে লেনদেনৰ ক্ষেত্রতেই হওক। প্ৰকৃততে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ চৰিত্র আছিল কোৰআন বাস্তৱায়ন কৰা। এই হাদীছত উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা এই কথাৰ প্রতি ইংগিত দিয়া হৈছে যে, আমি যদি ৰাছুলৰ চৰিত্রৰে চৰিত্রৱান হ’ব বিচাৰোঁ তেন্তে আমাৰ কৰ্তব্য হৈছে কোৰআনৰ প্ৰতিটো বিধানৰ প্ৰতি আমল কৰা। কাৰণ, কোৰআনেই হৈছে ৰাছুলৰ চৰিত্র।

অনুবাদ: ইংৰাজী ফৰাচী স্পেনিচ তুৰ্কী উৰ্দু ইন্দোনেচিয়ান বোছনিয়ান ৰুচিয়ান বাংলা চাইনিজ ফাৰ্চি তাগালোগ হিন্দী ভিয়েতনামীজ ছিনহালী উইঘোৰ কুৰ্দী হাউছা পুৰ্তুগিজ মালয়ালম তেলেগু ছাৱাহিলী তামিল বৰ্মী থাই জাৰ্মান জাপানিজ পুস্তু আল বানিয়ান السويدية الأمهرية الهولندية الغوجاراتية الدرية
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. কোৰআনৰ আখলাক অৱলম্বন কৰিবলৈ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ আদৰ্শ অনুকৰণ কৰাৰ প্রতি উৎসাহ প্রদান কৰা হৈছে।
  2. ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ চৰিত্ৰৰ প্রশংসা কৰা হৈছে, নিশ্চিতভাৱে তেখেতৰ চৰিত্ৰ আছিল অহীৰ জ্যোতি।
  3. ইছলামত চৰিত্ৰৰ মর্যাদাৰ প্রতি সতর্ক কৰা হৈছে। নিশ্চয় এইটো হৈছে তাওহীদৰ কলিমাৰ অন্যতম এটা দাবী, যিটোৱে নেক আমল কৰিবলৈ উৎসাহিত কৰে।