عَنْ أَبِي هُرَيْرَةَ رَضِيَ اللَّهُ عَنْهُ قَالَ: قَالَ رَسُولُ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ:
«اللهُمَّ إِنَّمَا أَنَا بَشَرٌ، فَأَيُّمَا رَجُلٍ مِنَ المُسْلِمِينَ سَبَبْتُهُ أَوْ لَعَنْتُهُ أَوْ جَلَدْتُهُ فَاجْعَلْهَا لَهُ زَكَاةً وَرَحْمَةً».
[صحيح] - [متفق عليه] - [صحيح مسلم: 2601]
المزيــد ...
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"হে আল্লাহ! মই হৈছোঁ এজন মানুহ। এতেকে মই যদি কোনো মুছলিম ব্যক্তিক গালি পাৰোঁ অথবা অভিশাপ কৰোঁ নাইবা বেত্ৰাঘাত কৰোঁ তেন্তে তুমি সেইটো তাৰ বাবে পৱিত্ৰতা আৰু ৰহমত অৰ্জনৰ উপায় বনাই দিবা।"
[ছহীহ] - [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})] - [ছহীহ মুছলিম - 2601]
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে দুআ কৰি কৈছেঃ মই হৈছোঁ কেৱল এজন মানুহ। মানুহে যিদৰে খং কৰে, ময়ো খং কৰোঁ। এতেকে মই যদি কোনো মুমিন ব্যক্তিক আঘাত কৰি থাকোঁ, অথবা গালি দিওঁ নাইবা অভিশাপ দিওঁ, কিম্বা তাক তোমাৰ ৰহমতৰ পৰা দুৰত থাকিবলৈ বদ্দুআ কৰিছোঁ, নাইবা যদি মই তাক শাস্তি বিহিছোঁ বা আঘাত কৰিছোঁ, তেন্তে এইটো তাৰ বাবে আত্মশুদ্ধি, নৈকট্য, পৱিত্ৰতা, কাফ্ফাৰা আৰু ৰহমত বনাই দিয়া, যাৰ ফলত তুমি তাক ৰহম কৰিবা।