عَنْ أَبِي هُرَيْرَةَ رَضِيَ اللَّهُ عَنْهُ قَالَ: قَالَ رَسُولُ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ:
«اللهُمَّ إِنَّمَا أَنَا بَشَرٌ، فَأَيُّمَا رَجُلٍ مِنَ المُسْلِمِينَ سَبَبْتُهُ أَوْ لَعَنْتُهُ أَوْ جَلَدْتُهُ فَاجْعَلْهَا لَهُ زَكَاةً وَرَحْمَةً».

[صحيح] - [متفق عليه] - [صحيح مسلم: 2601]
المزيــد ...

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"হে আল্লাহ! মই হৈছোঁ এজন মানুহ। এতেকে মই যদি কোনো মুছলিম ব্যক্তিক গালি পাৰোঁ অথবা অভিশাপ কৰোঁ নাইবা বেত্ৰাঘাত কৰোঁ তেন্তে তুমি সেইটো তাৰ বাবে পৱিত্ৰতা আৰু ৰহমত অৰ্জনৰ উপায় বনাই দিবা।"

[ছহীহ] - [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})] - [ছহীহ মুছলিম - 2601]

ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে দুআ কৰি কৈছেঃ মই হৈছোঁ কেৱল এজন মানুহ। মানুহে যিদৰে খং কৰে, ময়ো খং কৰোঁ। এতেকে মই যদি কোনো মুমিন ব্যক্তিক আঘাত কৰি থাকোঁ, অথবা গালি দিওঁ নাইবা অভিশাপ দিওঁ, কিম্বা তাক তোমাৰ ৰহমতৰ পৰা দুৰত থাকিবলৈ বদ্দুআ কৰিছোঁ, নাইবা যদি মই তাক শাস্তি বিহিছোঁ বা আঘাত কৰিছোঁ, তেন্তে এইটো তাৰ বাবে আত্মশুদ্ধি, নৈকট্য, পৱিত্ৰতা, কাফ্ফাৰা আৰু ৰহমত বনাই দিয়া, যাৰ ফলত তুমি তাক ৰহম কৰিবা।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ মহান চৰিত্ৰৰ বৰ্ণনা হৈছে।
  2. ইবনু হাজাৰে কৈছেঃ হাদীছটোত উম্মতৰ প্ৰতি থকা নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰিপূৰ্ণ সহানুভূতি, সুন্দৰ চৰিত্ৰ আৰু তেখেতৰ ব্যক্তিত্বৰ মহত্ত্ব প্ৰকাশিত হৈছে যে, তেখেতৰ দ্বাৰা হোৱা অনিচ্ছাকৃত বিচ্যুতিৰ ক্ষতিপূৰণ তথা প্ৰতিদান দিয়াৰ কথা তেখেতে উল্লেখ কৰিছে।
  3. ইমাম নাৱাৱীয়ে কৈছেঃ কোনোবাই যদি এইটো কয় যে, এইটো কিদৰে সম্ভৱ যে, যিজন ব্যক্তি বদ্দুআৰ যোগ্য নহয় তেনেকুৱা ব্যক্তিক তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে বদ্দুআ কৰিব পাৰেনে, বা অভিশাপ কৰিব পাৰেনে? ইয়াৰ উত্তৰ যিটো উলামাসকলে প্ৰদান কৰিছে, সেই উত্তৰটো সংক্ষিপ্তভাৱে ইয়াত দাঙি ধৰা হ'ল। প্ৰথমঃ ইয়াৰ দ্বাৰা এনেকুৱা ব্যক্তিৰ কথা উল্লেখ কৰা হৈছে, যিজন আভ্যন্তৰীণভাৱে বদ্দুআ বা অভিশাপৰ যোগ্য নাছিল, কিন্তু বাহ্যিকভাৱে তেওঁ এইটোৰ যোগ্য আছিল, ফলত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে চৰীয়তী প্ৰমাণাদিৰ ভিত্তিত বাহ্যিকভাৱে তেওঁক ইয়াৰ উপযুক্ত হিচাপে গণ্য কৰিছিল, অথচ সেই ব্যক্তিজন আভ্যন্তৰীণভাৱে ইয়াৰ উপযুক্ত নাছিল। কাৰণ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে বাহ্যিক দিশসমূহ চাই বিচাৰ কৰিছিল, আনহাতে আভ্য়ন্তৰীণ বিষয়ৰ সিদ্ধান্ত লোৱাৰ দায়িত্ব হৈছে আল্লাহৰ হাতত। দ্বিতীয়ঃ বিষয়টো এনেকুৱা হ’ব পাৰে যে, তেখেতৰ মুখৰ পৰা গালিয়ে হওক বা অভিশাপ যিটো ওলাইছে সেইটো ইচ্ছাকৃত নাছিল, বৰং এইটো আছিল আৰবীয়ানসকলৰ অভ্যাসগত বিষয়। তেওঁলোকে কথা বতৰাত কিছুমান এনেকুৱা শব্দ ব্যৱহাৰ কৰিছিল, যিবোৰক তেওঁলোকে বেয়াভাৱে লোৱা নাছিল। যেনে- تَرِبَت يمينك বা عَقْرَى حَلْقَى এইদৰে হাদীছত আছে যে, (لا كبرت سنك) এইদৰে মুআৱিয়াৰ হাদীছত আছে যে, لا أشبع الله بطنك ইত্যাদি কথা। এইবোৰৰ দ্বাৰা কেতিয়াও সঁচা অৰ্থত বদ্দুআ দিয়া হোৱা নাছিল। তথাপিও নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আশংকা কৰিছিল যে, এইবোৰ কথাও কবূল হ'ব পাৰে। সেয়ে তেখেতে আল্লাহৰ ওচৰত দুআ কৰিছে যে, এই কথাবোৰ যাতে গুনাহৰ পৰা পৰিত্ৰাণ হৈ, পৰিশুদ্ধ আৰু ৰহমত হৈ উভতি আহে। এইটো আছিল অত্যন্ত বিৰল আৰু বিশেষ পৰিস্থিতিত। কাৰণ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কেতিয়াও কাকো অশালীন ব্যৱহাৰ কৰা নাছিল আৰু গালি শপনি পৰা নাছিল, আৰু তেখেত প্ৰতিশোধ লোৱাৰ ক্ষেত্ৰতো আগ্ৰহী নাছিল।
অনুবাদ: ইংৰাজী ইন্দোনেচিয়ান বাংলা ৰুচিয়ান ভিয়েতনামীজ তাগালোগ কুৰ্দিশ হাওছা পৰ্তুগীজ মালয়ালম শ্বাহিলী থাই ডাচ গুজৰাটী দাৰী হাংগেৰী الجورجية المقدونية الخميرية البنجابية الماراثية
অনুবাদ চাওক
অধিক