عَنْ جَابِرِ بْنِ سَمُرَةَ رَضيَ اللهُ عَنْهُ:
أَنَّ النَّبِيَّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ كَانَ إِذَا صَلَّى الفَجْرَ جَلَسَ فِي مُصَلَّاهُ حَتَّى تَطْلُعَ الشَّمْسُ حَسَنًا، وَقَالَ: كَانَ لَا يَقُومُ مِنْ مُصَلَّاهُ الَّذِي يُصَلِّي فِيهِ الصُّبْحَ أَوِ الغَدَاةَ، حَتَّى تَطْلُعَ الشَّمْسُ، فَإِذَا طَلَعَتِ الشَّمْسُ قَامَ، وَكَانُوا يَتَحَدَّثُونَ فَيَأْخُذُونَ فِي أَمْرِ الجَاهِلِيَّةِ، فَيَضْحَكُونَ وَيَتَبَسَّمُ.

[صحيح] - [رواه مسلم] - [صحيح مسلم: 670]
المزيــد ...

জাবিৰ বিন ছামুৰা ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত যে,
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ফজৰৰ নামাজ আদায় কৰাৰ পিছত সুস্পষ্টৰূপে সূৰ্য্য উদয় নোহোৱালৈকে মুচাল্লাৰ ওপৰতে বহি থাকিছিল। জাবিৰ ৰাদ্বিয়াল্লাহু আনহুৱে আৰু কৈছে যে, তেখেতে যি ঠাইত ফজৰৰ নামাজ অথবা প্ৰভাতৰ নামাজ আদায় কৰিছিল সেই ঠাইৰ পৰা তেতিয়ালৈকে উঠা নাছিল যেতিয়ালৈকে সূৰ্য্য সম্পূৰ্ণৰূপে উদয় হোৱা নাছিল। যেতিয়া সূৰ্য্য উদয় হৈছিল তেতিয়া তেখেতে তাৰ পৰা উঠিছিল। সেই সময়ছোৱাত অন্যান্য লোকসকলে অজ্ঞতা যুগত বিভিন্ন ঘটনাৱলী সম্পৰ্কে আলোচনা কৰিছিল। এইবোৰ আলোচনা কৰাৰ সময়ত তেওঁলোকে মাজে মাজে হাঁহিছিল, তেতিয়া তেখেতেও মিচিকিয়া হাঁহিছিল।

[ছহীহ] - [(মুছলিম)] - [ছহীহ মুছলিম - 670]

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ অন্যতম এটা ছুন্নত হৈছে এই যে, তেখেতে ফজৰৰ নামাজ আদায় কৰাৰ পিছত সূৰ্য্য উদয় নোহোৱালৈকে সেই ঠাইতে বহি থাকিছিল। য'ত তেখেতে নামাজ পঢ়িছিল, সেই ঠাইতে বহি থাকিছিল সূৰ্যোদয় নোহোৱালৈকে। সূৰ্য্য উদয় হোৱাৰ পিছত তেখেত উঠি গুচি গৈছিল। এই সময়ছোৱাত চাহাবাসকলে প্ৰাক-ইছলামী যুগৰ কিছুমান ঘটনা আলোচনা কৰিছিল, আৰু তেখেতে মনে মনে সেইবোৰ শুনিছিল। তেওঁলোকে মাজে মাজে হাঁহিছিল, তেখেতেও মাজে মাজে মিচিকিয়া হাঁহিছিল।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. ফজৰৰ পিছত সূৰ্য্য উদয় নোহোৱালৈকে জিকৰ-আজকাৰ পাঠ কৰা মুস্তাহাব। যদি কোনো অসুবিধা নাথাকে তেন্তে সেই ঠাইত বহি থকা উত্তম।
  2. হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ উত্তম চৰিত্ৰ আৰু নম্ৰ ব্যৱহাৰৰ এটি দিশ উন্মোচিত হৈছে যে, তেখেতে চাহাবাসকলৰ সৈতে বহি থাকিছিল আৰু তেওঁলোকৰ কথা-বতৰা আৰু বিভিন্ন ঘটনাৱলী শুনিছিল আৰু সেইবোৰ শুনি মিচিকিয়া হাঁহিছিল।
  3. মছজিদৰ ভিতৰত অজ্ঞতা যুগৰ আলোচনা তথা প্ৰাসঙ্গিক বিষয় আলোচনা কৰা বৈধ।
  4. হাঁহি তথা মিচিকিয়া হাঁহি বৈধ, অতিৰিক্ত উচ্চস্বৰে হাঁহিবলৈহে নিষেধ কৰা হৈছে।
অনুবাদ চাওক
ভাষা: ইংৰাজী ইন্দোনেচিয়ান বাংলা অধিক (22)
অধিক