عَنْ ‌أَبِي هُرَيْرَةَ رَضِيَ اللهُ عَنْهُ: أَنَّ النَّبِيَّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ قَالَ:
«صَلَاةٌ فِي مَسْجِدِي هَذَا خَيْرٌ مِنْ أَلْفِ صَلَاةٍ فِيمَا سِوَاهُ إِلَّا الْمَسْجِدَ الْحَرَامَ».

[صحيح] - [متفق عليه] - [صحيح البخاري: 1190]
المزيــد ...

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
মছজিদে হাৰামৰ বাহিৰে অন্যান্য মছজিদৰ তুলনাত মোৰ এই মছজিদত নামাজ পঢ়াটো এহেজাৰ গুণ উত্তম।

[ছহীহ] - [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})] - [ছহীহ বুখাৰী - 1190]

ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে স্পষ্ট কৰিছে যে, মছজিদে নবৱীত এক ওৱাক্ত নামাজ পঢ়াটো অন্যান্য মছজিদত এহেজাৰ নামাজ পঢ়াতকৈও উত্তম, কেৱল মক্কাত অৱস্থিত মছজিদে হাৰামৰ বাহিৰে। কাৰণ মছজিদে নবৱীতকৈ তাত নামাজ পঢ়া অধিক উত্তম।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

  1. মছজিদে হাৰাম আৰু মছজিদে নবৱীত অধিক গুণ বৃদ্ধিকৈ ছোৱাব প্ৰদান কৰা হয়।
  2. অন্যান্য মছজিদৰ তুলনাত মছজিদে হাৰামৰ নামাজৰ ছোৱাব এক লাখ নামাজতকৈ উত্তম।
অনুবাদ চাওক
ভাষা: الإنجليزية الأوردية الإسبانية অধিক (60)
অধিক