عَنْ أَنَسِ بْنِ مَالِكٍ رضي الله عنه قَالَ: قَالَ رَسُولُ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ:
«سَوُّوا صُفُوفَكُمْ، فَإِنَّ تَسْوِيَةَ الصَّفِّ مِنْ تَمَامِ الصَّلَاةِ».

[صحيح] - [متفق عليه] - [صحيح مسلم: 433]
المزيــد ...

আনাছ বিন মালিক ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে: ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে:
তোমালোকে তোমালোকৰ শাৰীবিলাক পোন কৰি লোৱা। কিয়নো শাৰীবিলাক পোন কৰি লোৱাটো হৈছে চালাতৰ পৰিপূৰ্ণতাৰ অন্তৰ্ভুক্ত।

[ছহীহ] - [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})] - [ছহীহ মুছলিম - 433]

ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মুচল্লীসকলক নিৰ্দেশ দিছে যে, তেওঁলোকে যেন নিজৰ শাৰীবোৰ চিধা কৰি লয়। তেওঁলোকৰ কোনেও যেন আগুৱাই অথবা পিছুৱাই থিয় নহয়। শাৰী চিধা কৰি লোৱাটো হৈছে নামাজৰ পৰিপূৰ্ণতাৰ অন্তৰ্ভুক্ত। আনহাতে শাৰী বেঁকা হোৱা বা বিচ্ছিন্ন হোৱাটো হৈছে নামাজৰ ত্ৰুটি আৰু অপূৰ্ণতা।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

  1. চালাতৰ পৰিপূৰ্ণতাৰ প্ৰতি মনোযোগ দিব লাগে আৰু ত্ৰুটি আদিৰ পৰা বিৰত থাকিব লাগে।
  2. শিক্ষা প্ৰদানৰ ক্ষেত্ৰত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ হিকমত, কাৰণ ইয়াত তেখেতে বিধান বৰ্ণনা কৰাৰ লগতে তাৰ কাৰণো উল্লেখ কৰিছে, যাতে মানুহে বিধানটো চৰীয়ত সন্মত হোৱাৰ কাৰণটো গম পায়, লগতে ইয়াৰ প্ৰতি আমল কৰিবলৈ আগ্ৰহী হয়।
অনুবাদ চাওক
ভাষা: الإنجليزية الأوردية الإسبانية অধিক (55)
অধিক