+ -

عَنْ أَنَسِ بْنِ مَالِكٍ رضي الله عنه قَالَ: قَالَ رَسُولُ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ:
«سَوُّوا صُفُوفَكُمْ، فَإِنَّ تَسْوِيَةَ الصَّفِّ مِنْ تَمَامِ الصَّلَاةِ».

[صحيح] - [متفق عليه] - [صحيح مسلم: 433]
المزيــد ...

আনাছ বিন মালিক ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে: ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে:
তোমালোকে তোমালোকৰ শাৰীবিলাক পোন কৰি লোৱা। কিয়নো শাৰীবিলাক পোন কৰি লোৱাটো হৈছে চালাতৰ পৰিপূৰ্ণতাৰ অন্তৰ্ভুক্ত।

[ছহীহ] - [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})] - [ছহীহ মুছলিম - 433]

ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মুচল্লীসকলক নিৰ্দেশ দিছে যে, তেওঁলোকে যেন নিজৰ শাৰীবোৰ চিধা কৰি লয়। তেওঁলোকৰ কোনেও যেন আগুৱাই অথবা পিছুৱাই থিয় নহয়। শাৰী চিধা কৰি লোৱাটো হৈছে নামাজৰ পৰিপূৰ্ণতাৰ অন্তৰ্ভুক্ত। আনহাতে শাৰী বেঁকা হোৱা বা বিচ্ছিন্ন হোৱাটো হৈছে নামাজৰ ত্ৰুটি আৰু অপূৰ্ণতা।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. চালাতৰ পৰিপূৰ্ণতাৰ প্ৰতি মনোযোগ দিব লাগে আৰু ত্ৰুটি আদিৰ পৰা বিৰত থাকিব লাগে।
  2. শিক্ষা প্ৰদানৰ ক্ষেত্ৰত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ হিকমত, কাৰণ ইয়াত তেখেতে বিধান বৰ্ণনা কৰাৰ লগতে তাৰ কাৰণো উল্লেখ কৰিছে, যাতে মানুহে বিধানটো চৰীয়ত সন্মত হোৱাৰ কাৰণটো গম পায়, লগতে ইয়াৰ প্ৰতি আমল কৰিবলৈ আগ্ৰহী হয়।
অনুবাদ: ইংৰাজী উৰ্দু স্পেনিছ ইন্দোনেচিয়ান উইঘোৰ বাংলা ফৰাচী তুৰ্কী ৰুচিয়ান বোছনিয়ান ছিনহালী হিন্দী চাইনিজ ফাৰ্চি ভিয়েতনামীজ তাগালোগ কুৰ্দিশ হাওছা পৰ্তুগীজ মালয়ালম তেলেগু শ্বাহিলী থাই জাৰ্মান পুস্তু ছুইডিছ আমহাৰিক ডাচ গুজৰাটী কিৰ্গিজ নেপালী ইউৰোবা লিথুৱেনিয়ান দাৰী ছাৰ্বিয়ান ছোমালি কিনিয়াৰাৱাণ্ডা ৰোমানিয়ান হাংগেৰী চেক الموري মালাগাছী ওৰোমো কান্নাড়া الولوف আজেৰি উজবেক ইউক্ৰেইনীয়ান الجورجية المقدونية الخميرية الماراثية
অনুবাদ চাওক
অধিক