+ -

عَنْ وَابِصَةَ رضي الله عنه:
أَنَّ رَسُولَ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ رَأَى رَجُلًا صَلَّى وَحْدَهُ خَلْفَ الصَّفِّ، فَأَمَرَهُ أَنْ يُعِيدَ صَلَاتَهُ.

[حسن] - [رواه أبو داود والترمذي وابن ماجه وأحمد] - [مسند أحمد: 18000]
المزيــد ...

ওৱাবিছা ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত যে,
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে এজন ব্যক্তিক জামাআতৰ শাৰীৰ পিছফালে অকলশৰীয়াকৈ থিয় হৈ নামাজ পঢ়া দেখি, তাক পুনৰ নামাজ পঢ়িবলৈ নিৰ্দেশ দিলে।

[হাছান] - [(আবু দাঊদ, তিৰমিজী, ইবনে মাজাহ, আহমদ)] - [মুছনাদ আহমদ - 18000]

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে দেখিলে যে, এজন ব্যক্তি শাৰীৰ পিছফালে অকলশৰীয়াকৈ থিয় হৈ নামাজ পঢ়িছে। এই দেখি তেখেতে তাক নামাজ পুনৰ পঢ়িবলৈ নিৰ্দেশ দিলে। কাৰণ এনেকৈ নামাজ পঢ়িলে নামাজ শুদ্ধ নহয়।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. জামাআতত নামাজ পঢ়াৰ ক্ষেত্ৰত আগভাগ ল'বলৈ উৎসাহিত কৰা হৈছে। লগতে শাৰীৰ পিছফালে অকলশৰীয়াকৈ থিয় হ'ব নালাগে, অন্যথা নামাজ বাতিল হ'ব।
  2. ইবনু হাজাৰে কৈছেঃ যদি কোনোবাই শাৰীৰ পিছফালে অকলশৰীয়াকৈ থিয় হৈ নামাজত প্ৰৱেশ কৰিছে আৰু ৰূকুৰ পৰা উঠাৰ আগতে যদি শাৰীত প্ৰৱেশ কৰে তেন্তে তেওঁৰ বাবে সেই নামাজ পুনৰ পঢ়াৰ প্ৰয়োজন নাই। কিয়নো ইয়াৰ প্ৰমাণ আবূ বাকৰাৰ হাদীছত পোৱা যায়। আনহাতে ইয়াৰ বাহিৰে ওৱাবিছাৰ হাদীছটোৰ অৰ্থ ব্যাপক।
অনুবাদ: ইংৰাজী উৰ্দু স্পেনিছ ইন্দোনেচিয়ান বাংলা ফৰাচী তুৰ্কী ৰুচিয়ান বোছনিয়ান ছিনহালী হিন্দী চাইনিজ ফাৰ্চি ভিয়েতনামীজ তাগালোগ কুৰ্দিশ হাওছা পৰ্তুগীজ মালয়ালম শ্বাহিলী থাই পুস্তু আমহাৰিক ডাচ গুজৰাটী নেপালী
অনুবাদ চাওক
অধিক