عن علي بن أبي طالب، ومعاذ بن جبل رضي الله عنهما مرفوعًا: «إذا أتى أحدُكم الصلاةَ والإمامُ على حال، فلْيصنعْ كما يصنع الإمامُ».
[صحيح] - [رواه الترمذي]
المزيــد ...

আলী ইবনে আবি তালিব আৰু মু‘আজ ইবনে জাবাল ৰাদ্বিয়াল্লাহু ‘আনহুমাৰ পৰা মাৰফূ‘ হিচাপে বৰ্ণিত, "c2">“যেতিয়া তোমালোকৰ মাজৰ কোনোবাই চালাতত উপস্থিত হয় আৰু ইমাম নিজৰ অৱস্থাত থাকে, তেতিয়া তাৰ সেইটোৱে কৰা উচিত যিটো ইমামে কৰে।”
ছহীহ - তিৰমিজীয়ে বৰ্ণনা কৰিছে

ব্যাখ্যা

যেতিয়া তোমালোকৰ মাজৰ কোনোবাই চালাতত উপস্থিত হয় আৰু ইমাম নিজৰ অৱস্থাত থাকে, যেনে থিয় বা ৰুকূ নাইবা ছাজদাহ অথবা বহা অৱস্থাত থাকে, সেই ব্যক্তিয়েও ইমামৰ অনুসৰণ কৰা উচিত, অৰ্থাৎ থিয় হৈ থাকিলে থিয় হব লাগে আৰু ৰুকু অথবা ছাজাদত থাকিলে সেইটোৱে কৰা উচিত। ছাজদাহ অথবা ৰুকুৰ পৰা ইমাম থিয় হোৱাৰ অপেক্ষা কৰিব নালাগে, যিদৰে কিছুমানক এইদৰে অপেক্ষা কৰা দেখা যায়।

অনুবাদ: ইংৰাজী ফৰাচী স্পেনিচ তুৰ্কী উৰ্দু ইন্দোনেচিয়ান বোছনিয়ান ৰুচিয়ান বাংলা চাইনিজ ফাৰ্চি তাগালোগ হিন্দী ভিয়েতনামীজ ছিনহালী উইঘোৰ কুৰ্দী পুৰ্তুগিজ মালয়ালম তেলেগু ছাৱাহিলী তামিল বৰ্মী থাই জাপানিজ পুস্তু আল বানিয়ান
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. জামাত আৰম্ভ হৈ যোৱাৰ পিছত অহা (লাহিক) ব্যক্তিয়ে ইমামক যি অৱস্থাত পাব সেই অৱস্থাতে নামাজত প্ৰৱেশ কৰা উচিত। অৰ্থাৎ ৰুকু, ছাজদাহ বা বহা যি অৱস্থাতে পাব, এই ক্ষেত্ৰত কোনো পাৰ্থক্য নকৰি লগে লগে চালাতত প্রৱেশ কৰা উচিত।
  2. ইমামৰ সৈতে ৰুকু পালেই ৰাকাত পোৱা বুলি গণ্য হ’ব। এই বিষয়টো অন্যান্য হাদীছৰ দ্বাৰা প্রমাণিত।
অধিক