عن عبد الله بن مسعود رضي الله عنه قال: علمنا رسول الله صلى الله عليه وسلم خطبة الحاجة: إن الحمد لله، نستعينه ونستغفره، ونعوذ به من شرور أنفسنا، من يهد الله، فلا مضل له، ومن يضلل، فلا هادي له، وأشهد أن لا إله إلا الله، وأشهد أن محمدا عبده ورسوله، " يَا أَيُّهَا النَّاسُ اتَّقُوا رَبَّكُمُ الَّذِي خَلَقَكُمْ مِنْ نَفْسٍ وَاحِدَةٍ وَخَلَقَ مِنْهَا زَوْجَهَا وَبَثَّ مِنْهُمَا رِجَالًا كَثِيرًا وَنِسَاءً وَاتَّقُوا اللَّهَ الَّذِي تَسَاءَلُونَ بِهِ والأرحام إن الله كان عليكم رقيبا} [النساء: 1] ، {يا أيها الذين آمنوا اتقوا الله حق تقاته ولا تموتن إلا وأنتم مسلمون} [آل عمران: 102] ، {يا أيها الذين آمنوا اتقوا الله وقولوا قولا سديدا (70) يصلح لكم أعمالكم ويغفر لكم ذنوبكم ومن يطع الله ورسوله فقد فاز فوزا عظيما} [الأحزاب:70 - 71].
[صحيح] - [رواه أبو داود والترمذي وابن ماجه والنسائي وأحمد]
المزيــد ...

আব্দুল্লাহ ইবনে মাছউদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আমাক খুতবাতুল হাজাহ শিকাইছে। নিশ্চয় সকলো প্ৰকাৰ প্রশংসা কেৱল আল্লাহৰ বাবে, আমি তেওঁৰ ওচৰতেই সহায় বিচাৰোঁ, তেওঁৰ ওচৰতেই ক্ষমা বিচাৰোঁ। লগতে আমি আমাৰ প্রবৃত্তিৰ অনিষ্টতাৰ পৰা তেওঁৰ ওচৰত আশ্রয় প্ৰাৰ্থনা কৰোঁ। যাক আল্লাহে হিদায়ত দিয়ে, তাক পথভ্ৰষ্ট কৰিব পৰা কোনো নাই। আনহাতে তেওঁ যাক গোমৰাহ কৰে তাক হিদায়ত দিব পৰাও কোনো নাই। মই সাক্ষ্য দিওঁ যে, আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। আৰু সাক্ষ্য দিওঁ যে, মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে আল্লাহৰ বান্দা আৰু তেওঁৰ ৰাছুল। আল্লাহে কৈছে, ¬হে মানৱ! তোমালোকে নিজ প্ৰতিপালকৰ তাক্বৱা অৱলম্বন কৰা, যিজনে তোমালোকক এটা প্ৰাণৰ পৰা সৃষ্টি কৰিছে আৰু তাৰ পৰা তেওঁৰ স্ত্ৰী সৃষ্টি কৰিছে আৰু তেওঁলোক দুজনৰ পৰা বহুতো নৰ-নাৰী বিস্তাৰ কৰিছে; আৰু তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা যাৰ নামৰ দোহাই দি তোমালোকে পৰস্পৰে অধিকাৰ সাব্যস্ত কৰা, আৰু তাক্বৱা অৱলম্বন কৰা ৰক্ত-সম্পৰ্কীয় আত্মীয়তাৰ বিষয়েও। নিশ্চয় আল্লাহ তোমালোকৰ ওপৰত পৰ্যবেক্ষক। [ছুৰা আন-নিছা, আয়াত: 1] আল্লাহ তা`আলাই আৰু কৈছে, ¬ হে ঈমান্দাৰসকল! তোমালোকে যথাৰ্থভাৱে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু তোমালোকে মুছলিম (পৰিপূৰ্ণ মুছলিম) নোহোৱালৈকে মৃত্যুবৰণ নকৰিবা। [ছুৰা আলে ইমৰান, আয়াত: 102] আল্লাহে আৰু কৈছে, ¬ হে ঈমান্দাৰসকল! তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু সঠিক কথা কোৱা; এনে কৰিলে তেওঁ তোমালোকৰ বাবে তোমালোকৰ আমলসমূহ সংশোধন কৰিব আৰু তোমালোকৰ পাপসমূহ ক্ষমা কৰিব। যি ব্যক্তিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰে, তেওঁ অৱশ্যে মহা সফলতা অৰ্জন কৰিছে। [ছুৰা আল আহজাব, আয়াত: 70-71]
ছহীহ - ইয়াক ইবনু মাজাহে বৰ্ণনা কৰিছে

ব্যাখ্যা

এই হাদীছটোৱে উক্ত খুতবাটো প্রচলনৰ বৈধতা প্ৰমাণ কৰে, ইয়াৰ মাজত আছে আল্লাহৰ সকলো প্ৰকাৰ প্রশংসা, তেওঁৰ ওচৰত সহায় প্রার্থনা কৰা, অনিষ্টতাৰ পৰা আশ্রয় বিচৰা আৰু উল্লিখিত গুৰুত্বপূৰ্ণ আয়াতসমূহ তিলাৱত কৰা আদি বিষয়বোৰক একত্রিত কৰিছে। এতেকে প্ৰতিজন মানুহৰ উচিত হৈছে কোৰআন, ছুন্নাহ আৰু ফিকাহৰ জ্ঞান দিয়াৰ পূৰ্বে তথা মানুহক নছিহত কৰাৰ পূৰ্বে এই খুতবাটো পঢ়া মুস্তাহাব। এই খুতবাটো কেৱল বিবাহৰ সৈতেই নিৰ্দিষ্ট নহয়। এইটো সকলো প্ৰকাৰ প্রয়োজনত পঢ়িবলগীয়া খুতবাহ। যাতে বৰকত নাযিল হয় আৰু ইয়াৰ পৰবৰ্তী কামৰ বাবে এটা ভাল প্রভাৱ পোৱা যায়। এইটো পাঠ কৰা ছুন্নাতে মুআক্কাদাহ (গুৰুত্বপূর্ণ ছুন্নাহ)

অনুবাদ: ইংৰাজী ফৰাচী স্পেনিচ তুৰ্কী উৰ্দু ইন্দোনেচিয়ান বোছনিয়ান ৰুচিয়ান বাংলা চাইনিজ ফাৰ্চি হিন্দী ভিয়েতনামীজ ছিনহালী উইঘোৰ কুৰ্দী হাউছা পুৰ্তুগিজ মালয়ালম তেলেগু ছাৱাহিলী তামিল বৰ্মী থাই জাপানিজ পুস্তু আল বানিয়ান السويدية الأمهرية الهولندية الغوجاراتية الدرية
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. এই খুতবাৰ দ্বাৰা হাজত দাঙি ধৰা মুস্তাহাব। এই যিকিৰৰ বৰকতত হাজত (প্রয়োজনটো) পূৰণ হোৱাৰ পূৰ্ণ সম্ভাৱনা থাকে।
  2. খুতবাৰ ভিতৰত আল্লাহৰ প্রশংসা, দুয়োটা শ্বাহাদত আৰু কেইটামান কোৰআনৰ আয়াত থকা জৰুৰী।
  3. এই হাদীছত উল্লেখিত বাক্যবোৰ হৈছে এটা খুতবাহ। ইয়াক খুতাবাতুল হাজাহ বোলা হয়। মানুহক সম্বোধন কৰাৰ সময়ত, যেনে কোৰআন আৰু ছুন্নাহ তথা ফিকাহৰ ইল্ম শিক্ষা দিয়াৰ সময়ত বা মানুহক নছীহত কৰাৰ সময়ত এই খুতবাহ পঢ়া মুস্তাহাব। এইটো কেৱল বিবাহৰ সৈতে নিৰ্দিষ্ট নহয়। এইটো সকলো প্ৰকাৰ প্রয়োজনৰ সময়ত পঢ়িব পৰা খুতবাহ। বিবাহো এটা প্রয়োজন।
  4. হাদীছটোত আল্লাহৰ বাবে প্রশংসাৰ যাৱতীয় গুণ, তেৱেঁই ইয়াৰ হকদাৰ আৰু তেৱেঁই এইবোৰ গুণেৰে গুণান্বিত ইত্যাদি বিষয়বোৰক অর্ন্তভুক্ত কৰিছে।
  5. হাদীছটোৰ মাজত আল্লাহৰ ওচৰত সহায় প্ৰাৰ্থনাৰ আবেদন আৰু মানুহে যিবোৰ কৰ্ম আৰু প্রয়োজনৰ প্ৰতি ধাবিত হয়, সেইটোক সহজ তথা সহনীয় কৰাৰ প্রার্থনা আছে। বিশেষকৈ ব্যয়ভাৰ আৰু দায়িত্বসহ বিবাহৰ প্রয়োজনত।
  6. হাদীছটোৰ মাজত আছে আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা, গুনাহ আৰু দোষ-ত্রুটি গোপন কৰাৰ আবেদন, দুর্বলতা আৰু অপৰাধ স্বীকাৰ কৰা আদি বিষয়। লগতে এইবোৰ গুনাহ তথা অপৰাধক মচি দিয়াৰ তথা ক্ষমা কৰাৰ আবেদন চামিল আছে।
  7. হাদীছটোৰ ভিতৰত আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰাৰ কথা আছে, লগতে ইয়াক মজবুতকৈ ধৰি ৰখাৰ বিষয়টোও উল্লেখ আছে। এনেকুৱা কু-প্রবৃত্তিৰ পৰা আশ্ৰয় প্ৰাৰ্থনা কৰাৰ কথা কোৱা হৈছে যি প্ৰবৃত্তিয়ে মানুহক বেয়া কামৰ নিৰ্দেশ দিয়ে, লগতে হাৰাম কৰ্ম কৰিবলৈ আৰু ওৱাজিব কৰ্ম এৰিবলৈ নিৰ্দেশ দিয়ে। যাক আল্লাহে এইবোৰ কৰ্মৰ পৰা সুৰক্ষিত ৰাখে তথা বিৰত ৰাখে তাৰ কথা সুকীয়া।
  8. এইদৰে হাদীছটোত এই কথাৰ স্বীকাৰোক্তি আছে যে, নিশ্চয় আল্লাহেই মাখলুকসকলৰ একমাত্র নিয়ন্ত্রক আৰু তেওঁৰ হাততেই আছে অন্তৰৰ হিদায়ত আৰু বিভ্ৰান্তিৰ ক্ষমতা।
  9. এই হাদীছত শ্বাহাদাতাইনৰ স্বীকাৰোক্তিও আছে, ইয়াকেই ইছলামৰ চাবিকাঠি বুলি কোৱা হয়। এই দুটাই হৈছে ইছলামৰ মূল তথা ভিত্তি। এতেকে মানুহ এজন তেতিয়ালৈকে মুছলিম হিচাপে গণ্য নহ’ব যেতিয়ালৈকে এই শ্বাহাদাতাইনক অন্তৰৰ পৰা স্বীকাৰ নকৰিব।