হাদীছৰ তালিকা

ঈমানৰ ফালেৰে পৰিপূৰ্ণ মুমিন হৈছে সেই ব্যক্তি, যিজন সিহঁতৰ মাজত উত্তম চৰিত্ৰৰ অধিকাৰী। তোমালোকৰ মাজত সৰ্বোত্তম হৈছে সেই ব্যক্তি, যিজন নিজৰ স্ত্ৰীৰ ওচৰত উত্তম।
عربي الإنجليزية الأوردية
পূৰণ কৰিবলগীয়া চৰ্তসমূহৰ মাজত আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ চৰ্তটো হৈছে সেই চৰ্ত, যি চৰ্তৰ দ্বাৰা তোমালোকে নিজৰ স্ত্ৰীৰ লজ্জাস্থানক হালাল কৰি লৈছা।
عربي الإنجليزية الأوردية
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আমাক খুতবা এ হাজাত শিকাইছেঃ
عربي الإنجليزية الأوردية
অভিভাৱক অবিহনে বিবাহ নহয়।
عربي الإنجليزية الأوردية
কোনো ঈমান্দাৰ পুৰুষে যেন কোনো ঈমান্দাৰ নাৰীক (স্ত্ৰীক) ঘৃণা নকৰে। কাৰণ যদি তেওঁ তাইৰ কোনো এটা আচৰণত অসন্তুষ্ট হয় তেন্তে তাইৰ আন এটা আচৰণত নিশ্চয় সন্তুষ্ট হ'ব।
عربي الإنجليزية الأوردية
তোমালোকৰ প্ৰত্যেকেই দায়িত্বশীল। গতিকে প্ৰত্যেককে তাৰ অধীনস্থ লোকসকলৰ বিষয়ে প্ৰশ্ন কৰা হ'ব।
عربي الإنجليزية الأوردية
বিবাহ কৰিবলৈ যাৰ সামৰ্থ আছে, তেওঁ বিবাহ কৰি লোৱা উচিত। কাৰণ বিবাহে দৃষ্টি সংযত ৰাখে আৰু লজ্জাস্থান সুৰক্ষিত ৰাখে। আনহাতে যাৰ সামৰ্থ নাই তেওঁ ৰোজা পালন কৰা উচিত। কাৰণ ৰোজাই প্ৰবৃত্তিৰ কামনা-বাসনাক প্ৰতিৰোধ কৰে।
عربي الإنجليزية الأوردية
যি নাৰীয়ে অলীৰ অনুমতি নোহোৱাকৈ বিবাহ পাশত আৱদ্ধ হয়, তাইৰ নিকাহ বাতিল। -এই কথা তেখেতে তিনিবাৰ কৈছে- যদি এই অৱস্থাত পুৰুষজনে সহবাস কৰে তেন্তে ইয়াৰ ফলত তাইক মোহৰ অৰ্পণ কৰিব লাগিব। কিন্তু যদি অলীসকলৰ মাজত পৰস্পৰ বিবাদ হয় তেন্তে এই ক্ষেত্ৰত যাৰ কোনো অলী নাই, তাৰ অলী হ'ব প্ৰশাসন।
عربي الإنجليزية الأوردية
অভিশপ্ত সেই ব্যক্তি, যিয়ে স্ত্ৰীৰ মলদ্বাৰেৰে যৌন কামনা পূৰণ কৰে।
عربي الإنجليزية الأوردية
মই ক'লোঁ, হে আল্লাহৰ ৰাছুল! আমাৰ ওপৰত আমাৰ স্ত্ৰীসকলৰ প্ৰাপ্য (অধিকাৰ) কি? তেখেতে ক'লেঃ "যেতিয়া তুমি আহাৰ কৰিবা, তেতিয়া তাইকো আহাৰ কৰাবা। এইদৰে যেতিয়া তুমি পৰিধান কৰিবা অথবা উপাৰ্জন কৰিবা তেতিয়া তাইকো পৰিধান কৰাবা। মুখমণ্ডলত নামাৰিবা, বেয়া ভাষাৰে গালি নাপাৰিবা, পৃথক ৰাখিবলগীয়া হ'লে ঘৰতে পৃথক ৰাখিবা।
عربي الإنجليزية الأوردية
যিজন ব্যক্তিৰ দুজনী স্ত্ৰী আছে, যদি তেওঁ এজনীৰ প্ৰতি বেছি ঢাল খায়, তেন্তে কিয়ামতৰ দিনা তেওঁ এনেকুৱা অৱস্থাত উপস্থিত হ'ব যে, তেওঁৰ শৰীৰৰ এটা কাষ ঢাল খাই থাকিব।
عربي الإنجليزية الأوردية
মুহাম্মাদৰ পৰিয়ালৰ ওচৰলৈ বহুতো মহিলাই নিজৰ স্বামীৰ বিৰুদ্ধে অভিযোগ লৈ আহিছে। এতেকে তোমালোকৰ মাজৰ যিসকলে নিজৰ স্ত্ৰীক প্ৰহাৰ কৰে, সিহঁত তোমালোকৰ মাজত উত্তম নহয়।
عربي الإنجليزية الأوردية