عن أبي موسى رضي الله عنه أن النبي صلى الله عليه وسلم قال:
«لا نِكَاحَ إِلّا بِوَليٍّ».

[صحيح] - [رواه أبو داود والترمذي وابن ماجه وأحمد] - [سنن أبي داود: 2085]
المزيــد ...

আবু মুছা ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
অভিভাৱক অবিহনে বিবাহ নহয়।

[ছহীহ] - [(আবু দাঊদ, তিৰমিজী, ইবনে মাজাহ, আহমদ)] - [ছুনান আবি দাঊদ - 2085]

ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে স্পষ্ট কৰিছে যে, অলী (অভিভাৱক) নোহোৱাকৈ নাৰীৰ বিবাহ শুদ্ধ নহয়, অলী হৈছে সেই ব্যক্তি, যাৰ হাতত নিকাহৰ বৈঠক অনুষ্ঠিত কৰাৰ অধিকাৰ আছে।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

  1. বিবাহ শুদ্ধ হ'বলৈ অলী থকাটো বিবাহৰ চৰ্ত। যদি অলী নোহোৱাকৈ বিবাহ হয়, অথবা কোনো নাৰীয়ে যদি নিজেই বিয়া পাতি লয় তেন্তে সেই বিবাহ শুদ্ধ নহ'ব।
  2. অভিভাৱক হৈছে নাৰীৰ আটাইতকৈ নিকটাত্মীয় পুৰুষ। এতেকে নিকটাত্মীয় পুৰুষ থকা অৱস্থাত দূৰাত্মীয় অভিভাৱকে তাইক বিবাহ দিব নোৱাৰে।
  3. অলী হ'বলৈ চৰ্ত হৈছেঃ প্ৰাপ্তবয়স্ক হ'ব লাগিব, পুৰুষ হ'ব লাগিব, বিবাহৰ ভাল বেয়া দিশবোৰ বিবেচনা কৰিব পৰা হ'ব লাগিব, অলী আৰু মাওলাৰ ধৰ্ম একে হ'ব লাগিব। এইবোৰ বৈশিষ্ট্য যদি নাথাকে তেন্তে তেওঁ বিবাহৰ বৈঠক অনুষ্ঠিত কৰিবলৈ অলী হোৱাৰ যোগ্য নহয়।
অনুবাদ চাওক
ভাষা: الإنجليزية الأوردية الإسبانية অধিক (60)