+ -

عن أبي هريرة رضي الله عنه قال: قال رسول الله صلى الله عليه وسلم:
«أَكْمَلُ الْمُؤْمِنِينَ إِيمَانًا أَحْسَنُهُمْ خُلُقًا، وَخَيْرُكُمْ خَيْرُكُمْ لِنِسَائِهِمْ».

[حسن] - [رواه أبو داود والترمذي وأحمد] - [سنن الترمذي: 1162]
المزيــد ...

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
ঈমানৰ ফালেৰে পৰিপূৰ্ণ মুমিন হৈছে সেই ব্যক্তি, যিজন সিহঁতৰ মাজত উত্তম চৰিত্ৰৰ অধিকাৰী। তোমালোকৰ মাজত সৰ্বোত্তম হৈছে সেই ব্যক্তি, যিজন নিজৰ স্ত্ৰীৰ ওচৰত উত্তম।

[হাছান] - [(আবু দাঊদ, তিৰমিজী, আৰু আহমদ)] - [ছুনান তিৰমিজী - 1162]

ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, পৰিপূৰ্ণ মুমিন হৈছে সেই ব্যক্তি, যিজন সচ্চৰিত্ৰৰ অধিকাৰী। অৰ্থাৎ যিয়ে হাঁহিমুখে সাক্ষাৎ কৰে, সৎকৰ্ম কৰে, উত্তম কথা কয় আৰু মানুহক কষ্ট নিদিয়ে।
লগতে উত্তম মুমিন হৈছে সেইজন, যিজন নিজৰ স্ত্ৰীৰ ওচৰত উত্তম। অৰ্থাৎ যিয়ে নিজৰ স্ত্ৰীৰ সৈতে ভাল ব্যৱহাৰ কৰে, লগতে নিজৰ জীয়াৰি, বাই-ভনী আৰু আত্মীয় নাৰীৰ সৈতে ভাল ব্যৱহাৰ কৰে। কাৰণ তেওঁলোক হৈছে সদাচৰণ পোৱাৰ অধিক যোগ্য।

অনুবাদ: ইংৰাজী উৰ্দু স্পেনিছ ইন্দোনেচিয়ান উইঘোৰ বাংলা ফৰাচী তুৰ্কী ৰুচিয়ান বোছনিয়ান ছিনহালী হিন্দী চাইনিজ ফাৰ্চি ভিয়েতনামীজ তাগালোগ কুৰ্দিশ হাওছা পৰ্তুগীজ মালয়ালম তেলেগু শ্বাহিলী তামিল বাৰ্মিজ থাই জাৰ্মান জাপানীজ পুস্তু আলবেনীয়ান ছুইডিছ আমহাৰিক ডাচ গুজৰাটী কিৰ্গিজ নেপালী ইউৰোবা লিথুৱেনিয়ান দাৰী ছাৰ্বিয়ান ছোমালি তাজিক কিনিয়াৰাৱাণ্ডা ৰোমানিয়ান হাংগেৰী চেক الموري মালাগাছী ইটালিয়ান ওৰোমো কান্নাড়া الولوف البلغارية আজেৰি ইউক্ৰেইনীয়ান الجورجية المقدونية
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. উত্তম চৰিত্ৰৰ গুৰুত্ব, কাৰণ এইটো হৈছে ঈমানৰ অংশ।
  2. আমলো হৈছে ঈমানৰ অংশ। ঈমান বৃদ্ধিও হয় আৰু হ্ৰাসো হয়।
  3. ইছলামে নাৰীসকলক মৰ্যাদা প্ৰদান কৰিছে আৰু তেওঁলোকৰ প্ৰতি সদাচৰণ কৰিবলৈ উৎসাহিত কৰিছে।
অধিক