عن شداد بن أوس رضي الله عنه مرفوعًا:« إن الله كتب الإحسانَ على كل شيء، فإذا قتلتم فأحسِنوا القِتلةَ وإذا ذبحتم فأحسِنوا الذِّبحة، وليحد أحدُكم شَفْرَتَه ولْيُرِحْ ذبيحتَهُ».
[صحيح] - [رواه مسلم]
المزيــد ...
শ্বাদ্দাদ ইবনে আওছ ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা মাৰফূ‘ হিচাপে বর্ণিত, "c2">“মহান আল্লাহে প্রতিটো বস্তুৰ প্ৰতি সদয় আচৰণ (ইহছান) ফৰজ কৰিছে। গতিকে তোমালোকে যেতিয়া হত্যা কৰিবা, তেতিয়া উত্তমৰূপে হত্যা কৰিবা আৰু যেতিয়া (জন্তু) জবেহ কৰিবা, তেতিয়া উত্তম পন্থাত জবেহ কৰিবা। তোমালোকৰ প্ৰত্যেকে যেন (জবেহ কৰাৰ সময়ত) ছুৰী চোকা কৰি লয় আৰু জবেহকৃত জন্তুক যাতে শীতল হ’বলৈ এৰি দিয়ে।” ছহীহ - এইটো মুছলিমে বর্ণনা কৰিছে।
ছহীহ - ইয়াক মুছলিমে বৰ্ণনা কৰিছে
এজন মুছলিমৰ কৰ্তব্য হৈছে, সদায় তাৰ নিয়ত আৰু অন্তৰক সুন্দৰকৈ ৰখা, উত্তমভাৱে আল্লাহৰ আনুগত্য কৰা আৰু তেওঁৰ ইবাদত কৰা, তাৰ যাৱতীয় কৰ্ম তথা আমল সুন্দৰভাৱে সম্পাদন কৰা, লগতে মানুহৰ সৈতে আৰু জীৱ-জন্তুৰ সৈতেও উত্তম আচৰণ কৰা আনকি জড় পদাৰ্থৰ প্রতিও সুন্দৰ আচৰণ কৰা উচিত। ইয়াত কোনো সন্দেহ নাই যে, জবেহকাৰীয়ে জবেহৰ দ্বাৰা নিশ্চয় পশুটোক কষ্ট দিয়ে, কিন্তু সেই পশুটোৰ পৰা উপকৃত হ’বলৈহে এইটো কৰিবলগীয়া হয়। এতেকে ইয়াৰ দ্বাৰা এজন মু’মিনৰ অন্তৰত ৰহম, দয়া-অনুগ্রহ, মেহেৰবানী আৰু নম্রতা ইত্যাদি সৃষ্টি কৰা, যাতে এইবোৰৰ পৰা সি কেতিয়াও গাফিল নহয়, যদিও সি জবেহকাৰী বা ন্যায় সংগতভাৱে হত্যাকাৰী হয়। লগতে ইয়াৰ দ্বাৰা ইয়াত এইটোও ইংগিত কৰা হৈছে যে, হত্যা আৰু জবেহৰ ক্ষেত্ৰত যদি দয়া কামনা কৰিবলৈ কোৱা হৈছে, তেনেক্ষেত্ৰত অন্যান্য অৱস্থাত সেইটো কামনা কৰা আৰু অধিক গুৰুত্বপূর্ণ তথা বাঞ্চনীয়। এতেকে ছুৰী চোকা কৰি লোৱা আৰু জবেহৰ পিছত জন্তুক শীতল হ’বলৈ এৰি দিয়াটোও এটা ইহছান বা দয়া।