عَنْ أَبِي مُوسَى رضي الله عنه عَنِ النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ قَالَ:
«إِنَّ اللهَ عَزَّ وَجَلَّ يَبْسُطُ يَدَهُ بِاللَّيْلِ لِيَتُوبَ مُسِيءُ النَّهَارِ، وَيَبْسُطُ يَدَهُ بِالنَّهَارِ لِيَتُوبَ مُسِيءُ اللَّيْلِ، حَتَّى تَطْلُعَ الشَّمْسُ مِنْ مَغْرِبِهَا».

[صحيح] - [رواه مسلم] - [صحيح مسلم: 2759]
المزيــد ...

আবু মুছা ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"সৰ্বশক্তিমান আল্লাহে ৰাতিত হাত প্ৰসাৰিত কৰে, যাতে দিনত গুনাহ কৰা ব্যক্তিসকলে ৰাতিত তাওবা কৰে। এইদৰে তেওঁ দিনত হাত প্ৰসাৰিত কৰে, যাতে ৰাতিত গুনাহ কৰা ব্যক্তিসকলে দিনত তাওবা কৰে। এই ধাৰাবাহিকতা তেতিয়ালৈকে চলিব, যেতিয়ালৈকে সূৰ্য্য পশ্চিমফালৰ পৰা উদয় নহ'ব।"

[ছহীহ] - [(মুছলিম)] - [ছহীহ মুছলিম - 2759]

ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, আল্লাহে বান্দাৰ তাওবা কবূল কৰে। যদি বান্দাই দিনৰ পোহৰত কোনো গুনাহ কৰে আৰু ৰাতিত তাওবা কৰে তেন্তে আল্লাহে তাৰ তাওবা কবূল কৰে। এইদৰে যদি কোনোবাই ৰাতিত গুনাহ কৰি দিনত তাওবা কৰে, তেওঁ তাৰ তাওবাও কবূল কৰে। আনকি মহান আল্লাহে আনন্দিত হৈ বান্দাৰ তাওবা গ্ৰহণ কৰাৰ বাবে নিজৰ হাত প্ৰসাৰিত কৰে। এইদৰে তাওবাৰ দুৱাৰ সূৰ্য্য পশ্চিমফালৰ পৰা উদয় নোহোৱালৈকে খোলা থাকিব, অৰ্থাৎ পৃথিৱীৰ অন্তিম সময় পৰ্যন্ত খোলা থাকিব। কিন্তু যেতিয়া পশ্চিম ফালৰ পৰা সূৰ্য্য উদয় হ'ব তেতিয়া তাওবাৰ দুৱাৰ বন্ধ হৈ যাব।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

  1. তাওবাৰ দুৱাৰ খোলা থকা পৰ্যন্ত তাওবা গ্ৰহণৰ ধাৰাবাহিকতা অব্যাহত থাকিব। সূৰ্য্য পশ্চিমফালৰ পৰা উদয় হোৱাৰ লগে লগে এই দুৱাৰ বন্ধ হ'ব। এইদৰে মুমূৰ্ষ অৱস্থাৰ আগমুহূৰ্ত পৰ্যন্ত বান্দাৰ তাওবা গ্ৰহণ কৰা হয়। অৰ্থাৎ প্ৰাণ কণ্ঠাগত হোৱাৰ আগমুহূৰ্ত পৰ্যন্ত।
  2. গুনাহৰ কাৰণে হতাশ তথা নিৰাশ হ'বলৈ নিষেধ কৰা হৈছে। কাৰণ আল্লাহৰ মাৰ্জনা তথা দয়া আৰু কৰুণা অতি প্ৰশস্ত, আৰু তাওবাৰ দুৱাৰো উন্মুক্ত।
  3. তাওবাৰ চৰ্তসমূহঃ প্ৰথমঃ গুনাহ পৰিত্যাগ কৰাৰ সংকল্প কৰা। দ্বিতীয়ঃ হৈ যোৱা গুনাহৰ বাবে অনুতপ্ত হোৱা। তৃতীয়ঃ এই সংকল্প কৰা যে, মই দুনাই আৰু এই গুনাহত লিপ্ত নহওঁ। এই তিনিটা চৰ্ত হৈছে আল্লাহৰ অধিকাৰৰ সৈতে সম্পৃক্ত গুনাহৰ তাওবাৰ ক্ষেত্ৰত। আনহাতে গুনাহটো যদি বান্দাৰ অধিকাৰৰ সৈতে সম্পৃক্ত হয়। তেন্তে যেতিয়ালৈকে বান্দাৰ অধিকাৰ বান্দাক ঘূৰাই দিয়া নহ'ব অথবা অধিকাৰী ব্যক্তিয়ে অধিকাৰ খৰ্বকাৰী ব্যক্তিক ক্ষমা নকৰিব তেতিয়ালৈকে তাৰ তাওবা কবুল নহ'ব।
অনুবাদ চাওক
ভাষা: الإنجليزية الأوردية الإسبانية অধিক (54)
অধিক