عن أنس بن مالك رضي الله عنه قال: قال رسول الله صلى الله عليه وسلم : «كلُّ بني آدم خَطَّاءٌ، وخيرُ الخَطَّائِينَ التوابون».
[حسن] - [رواه الترمذي وابن ماجه والدارمي وأحمد]
المزيــد ...

আনাছ ইবনে মালিক ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বর্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, "c2">“প্রত্যেক আদম সন্তানেই পাপী। কিন্তু এই পাপীসকলৰ মাজত উত্তম হৈছে সেইসকল, যিসকলে তাওবা কৰে।” হাছান – এই হাদীছটোক ইবনে মাজাই বৰ্ণনা কৰিছে।
হাছান - ইয়াক ইবনু মাজাহে বৰ্ণনা কৰিছে

ব্যাখ্যা

গুনাহৰ পৰা কোনো মানুহেই মুক্ত নহয়। কাৰণ মানুহক সৃষ্টিগতভাৱে দুৰ্বল সৃষ্টি কৰা হৈছে, আৰু আল্লাহে মানুহক যিবোৰ কৰ্ম কৰিবলৈ আদেশ দিছে আৰু যিবোৰৰ পৰা বিৰত থাকিবলৈ নিৰ্দেশ দিছে সেইবোৰ পালন নকৰাৰ ক্ষেত্ৰত কোনেও মুক্ত নহয়। কিন্তু আল্লাহ তা‘আলাই তেওঁৰ বান্দাসকলৰ বাবে তাওবাৰ দুৱাৰ খুলি ৰাখিছে। তেওঁ জনাই দিছে যে, আটাইতকৈ উত্তম পাপী সেইসকল, যিসকলে বেছি বেছি তাওবা কৰে।

অনুবাদ: ইংৰাজী ফৰাচী স্পেনিচ তুৰ্কী উৰ্দু ইন্দোনেচিয়ান বোছনিয়ান ৰুচিয়ান বাংলা চাইনিজ ফাৰ্চি তাগালোগ হিন্দী ভিয়েতনামীজ ছিনহালী উইঘোৰ কুৰ্দী হাউছা পুৰ্তুগিজ মালয়ালম তেলেগু ছাৱাহিলী তামিল বৰ্মী জাৰ্মান জাপানিজ পুস্তু আল বানিয়ান
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. আদম সন্তানৰ বৈশিষ্ট্য হৈছে ভুল কৰা আৰু গুনাহত পতিত হোৱা। এতেকে মুমিনৰ বাবে অনিবাৰ্য হৈছে, কোনো গুনাহত পতিত হোৱাৰ লগে লগে তাওবা কৰা।
অধিক