+ -

عن جابر بن عبد الله رضي الله عنهما عن النبي صلى الله عليه وسلم قال:
«كُلُّ مَعْرُوفٍ صَدَقَةٌ».

[صحيح] - [رواه البخاري من حديث جابر، ورواه مسلم من حديث حذيفة] - [صحيح البخاري: 6021]
المزيــد ...

জাবিৰ বিন আব্দুল্লাহ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
সকলো সৎকৰ্মই হৈছে চাদাক্বাহ।

صحيح - رواه البخاري

ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামে জনাইছে যে, প্রতিটো সৎকৰ্ম যিটোৰ দ্বাৰা আনৰ উপকাৰ হয়, সেয়া কথা হওক বা কৰ্ম, সেইটোৱে হৈছে চাদাক্বাহ। ইয়াৰ ফলত কৰ্তাই ছোৱাব তথা প্ৰতিদান লাভ কৰিব।

অনুবাদ: ইংৰাজী উৰ্দু স্পেনিচ ইন্দোনেচিয়ান উইঘোৰ বাংলা ফৰাচী তুৰ্কী ৰুচিয়ান বোছনিয়ান ছিনহালী হিন্দী চাইনিজ ফাৰ্চি ভিয়েতনামীজ তাগালোগ কুৰ্দী হাউছা পুৰ্তুগিজ মালয়ালম তেলেগু ছাৱাহিলী তামিল বৰ্মী থাই জাৰ্মান জাপানিজ পুস্তু আল বানিয়ান ছুইডিছ আমহাৰিক ডাচ গুজৰাটী কিৰ্গিজ নেপালী ইয়োৰুবা লিথুৱেনিয়ান দাৰী ছাৰ্বিয়ান ছোমালি কিনিয়াৰৱাণ্ডা ৰোমানিয়ান হাংগেৰী চেক
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. মানুহে নিজৰ সম্পদৰ পৰা যি দান কৰে কেৱল সেইটোৰ মাজতে চাদাক্বাহ সীমাবদ্ধ নহয়; বৰং প্ৰতিটো কল্যাণকৰ কৰ্মই হৈছে চাদাক্বাহ, যিটো মানুহে কথা আৰু কৰ্মৰ দ্বাৰা সম্পাদন কৰে তথা যিটোৰ দ্বাৰা আনৰ উপকাৰ হয়।
  2. এই হাদীছটোত সৎকৰ্ম কৰিবলৈ আৰু আনৰ উপকাৰ হোৱা কৰ্ম কৰিবলৈ উৎসাহ দিয়া হৈছে।
  3. কোনো সৎকৰ্মকেই তুচ্ছ জ্ঞান কৰা উচিত নহয়, সেইটো যিমানেই সৰু নহওক কিয়।
অধিক