عن أبي هريرة رضي الله عنه قال: قال رسول الله صلى الله عليه وسلم : «لا تجعلوا بيوتكم قبورا، ولا تجعلوا قبري عيدا، وصلوا عليّ فإن صلاتكم تبلغني حيث كنتم».
[صحيح] - [رواه أبو داود]
المزيــد ...

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামে কৈছেঃ "c2">“তোমালোকে নিজৰ ঘৰবোৰক কবৰত পৰিণত নকৰিবা আৰু মোৰ কবৰকো মেলাৰ স্থল নবনাবা। তোমালোকে মোৰ ওপৰত দুৰূদ পাঠ কৰা। তোমালোকে য’তেই নাথাকা কিয় তোমালোকৰ দুৰূদ মোৰ ওচৰলৈ পৌঁচাই দিয়া হয়।” ছহীহ - এইটো আবু দাঊদে বর্ণনা কৰিছে।
ছহীহ - ইয়াক আবু দাউদে বৰ্ণনা কৰিছে

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে নফল চালাত পঢ়াৰ পৰা, দু‘আ কৰা আৰু কোৰআন তিলাৱতৰ পৰা ঘৰসমূহক শূণ্য ৰাখিবলৈ নিষেধ কৰিছে। অন্যথা সেইবোৰ কবৰৰ পর্যায়ত গুচি যাব। কিয়নো কবৰৰ ওচৰত চালাত আদায় কৰিবলৈ নিষেধাজ্ঞা প্ৰদান কৰা হৈছিল, সেয়ে তেওঁলোকৰ ঘৰসমূহক চালাত শূণ্য কৰি কবৰৰ দৰে কৰিবলৈ নিষেধ কৰিছে। আৰু তেখেতৰ কবৰক বাৰে বাৰে জিয়াৰত কৰিবলৈ আৰু অভ্যাসগতভাৱে তাত একত্রিত হ’বলৈ নিষেধ কৰিছে। কিয়নো এইটো হৈছে শ্বিৰ্কৰ মাধ্যম। ইয়াৰ বিপৰীতে তেখেতে পৃথিৱীৰ যিকোনো স্থানৰ পৰা তেখেতৰ ওপৰত বেছি বেছি চালাত আৰু ছালাম (অৰ্থাৎ দৰূদ) প্রেৰণ কৰাৰ আদেশ দিছে। কিয়নো ওচৰতেই হওক বা দূৰত সমানভাৱে তেখেতৰ ওচৰলৈ সেয়া পৌঁচাই দিয়া হয়। গতিকে তেখেতৰ কবৰৰ ওচৰত বাৰে বাৰে অহা-যোৱা কৰাৰ প্ৰয়োজন নাই।

অনুবাদ: ইংৰাজী ফৰাচী স্পেনিচ তুৰ্কী উৰ্দু ইন্দোনেচিয়ান বোছনিয়ান ৰুচিয়ান বাংলা চাইনিজ ফাৰ্চি তাগালোগ হিন্দী ভিয়েতনামীজ ছিনহালী উইঘোৰ কুৰ্দী হাউছা পুৰ্তুগিজ মালয়ালম তেলেগু ছাৱাহিলী তামিল বৰ্মী থাই জাৰ্মান জাপানিজ পুস্তু আল বানিয়ান السويدية الأمهرية الهولندية الغوجاراتية الدرية
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. ঘৰসমূহক ইবাদতৰ পৰা মুক্ত কৰা হাৰাম।
  2. শ্বিৰ্কৰ ফালে লৈ যোৱা সকলো পথ বন্ধ কৰা উচিত, যেনে কবৰসমূহৰ ওচৰত চালাত আদায় কৰা, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ কবৰকলৈ সীমালংঘন কৰা, উদাহৰণস্বৰূপে তেখেতৰ কবৰক সমৱেত হোৱাৰ ঠাই বনোৱা বা তীর্থস্থানত পৰিণত কৰা, যাৰ বাবে বিশেষ জিয়াৰতৰ আয়োজন কৰা।
  3. ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ কবৰ জিয়াৰতৰ উদ্দেশ্যে ভ্ৰমণ কৰা নিষেধ।
  4. নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সদায় তাওহীদক অগ্ৰাধিকাৰ দিছিল তথা ইয়াক ৰক্ষা কৰিছিল।
  5. ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ কবৰৰ ওচৰলৈ যোৱাৰ কোনো বিশেষ ছোৱাব নাই।
  6. পৃথিৱীৰ যিকোনো ঠাইৰ পৰা চালাত আৰু ছালাম বা দৰূদ পেচ কৰা বৈধ।
  7. কবৰস্থানত চালাত আদায় কৰা হাৰাম।
  8. ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ কবৰক বিশেষ সময়ত বিশেষ পদ্ধতিত বাৰে বাৰে জিয়াৰত কৰি মেলাত পৰিণত কৰা হাৰাম। ঠিক এইদৰে অন্যান্য কবৰৰ ক্ষেত্ৰতো এই একেই বিধান।
  9. জীৱিতসকলৰ দুআৰ দ্বাৰা মৃতসকলে উপকৃত হয়।
অধিক