عن أنس بن مالك رضي الله عنه قال سمعت رسول الله صلى الله عليه وسلم يقول: «من أحبّ أن يُبْسَطَ عليه في رزقه، وأن يُنْسَأَ له في أَثَرِهِ؛ فَلْيَصِلْ رحمه».
[صحيح] - [متفق عليه]
المزيــد ...

আনাছ ইবনে মালিক ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বর্ণিত, তেওঁ কৈছে, মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক কোৱা শুনিছোঁ, তেখেতে কৈছেঃ "c2">“যি ব্যক্তিয়ে নিজৰ জীৱিকাত প্রশস্ততা কামনা কৰে আৰু যিয়ে নিজৰ আয়ুত বৰকত বিচাৰে, তেওঁ আত্মীয়তাৰ সম্পৰ্ক বজায় ৰখা উচিত।” ছহীহ - মুত্তাফাকুন ‘আলাইহি (বুখাৰী আৰু মুছলিম)
ছহীহ - মুত্তাফাক্ব আলাইহ

ব্যাখ্যা

হাদীছটোত আত্মীয়তাৰ সম্পর্ক বজায় ৰখাৰ প্ৰতি গুৰুত্বাৰোপ কৰা হৈছে। আল্লাহৰ সন্তুষ্টি অৰ্জনৰ বাবে ইয়াৰ কিছুমান উপকাৰিতাৰ বিষয়েও বৰ্ণনা কৰা হৈছে। কাৰণ এইটো হৈছে দ্ৰুত প্ৰতিফল লাভ কৰা অন্যতম এটা উপায়, যি প্ৰতিফলক বান্দাই বহুত ভাল পায়। লগতে এইটো হৈছে জীৱিকা প্রশস্ত হোৱাৰ আৰু আয়ু বৃদ্ধি হোৱাৰ অন্যতম কাৰণ। আনহাতে আল্লাহৰ এই বাণী য’ত কোৱা হৈছে, "c2">“যেতিয়া নিৰ্ধাৰিত সময় আহি পৰিব তেতিয়া আল্লাহে কোনো প্ৰাণীকেই এটা মুহূর্তলৈকেও অৱকাশ দিয়া নহ’ব”। ইয়াৰ অৰ্থ হৈছে, যিবোৰ কাৰণ অৱলম্বন কৰিলে আয়ু বাঢ়ে সেই ম্যাদ পর্যন্ত উপনীত হোৱাৰ পিছত অৱকাশ দিয়া নহ’ব। উদাহৰণস্বৰূপে যদি কাৰোবাৰ আয়ু পঞ্চাশ বছৰ নির্ধাৰণ কৰা হৈছে, আৰু ইপিনে আত্মীয়তাৰ সম্পর্ক বজায় ৰখাৰ পিছত যদি তাৰ বয়স ষাঠি বছৰ হয়। সেই ষাঠি বছৰ বয়সত উপনীত হোৱাৰ পাছত তাক তেতিয়া আৰু অৱকাশ দিয়া নহ’ব। এইবোৰৰ বিষয়ে আল্লাহে আৰম্ভণিৰ পৰাই জানে। কিন্তু কিছুমান ফিৰিস্তাৰ ওচৰত এইবোৰ বিষয় গোপন থাকে। যেনে আল্লাহে কৈছে: "c2">“আল্লাহে যি ইচ্ছা কৰে মচি পেলায় আৰু যি ইচ্ছা কৰে ৰাখি দিয়ে” অর্থাৎ ফিৰিস্তাসকলৰ ছহীফাৰ পৰা মচি পেলায়। কাৰণ তেওঁৰ ওচৰত আছে উম্মুল কিতাব। যাৰ মাজত সকলো বিষয় বিস্তাৰিতভাৱে লিখা আছে। সেইখনৰ পৰা একো পৰিবর্তন কৰা নহয়।

অনুবাদ: ইংৰাজী ফৰাচী স্পেনিচ তুৰ্কী উৰ্দু ইন্দোনেচিয়ান বোছনিয়ান ৰুচিয়ান বাংলা চাইনিজ ফাৰ্চি হিন্দী ভিয়েতনামীজ ছিনহালী উইঘোৰ কুৰ্দী হাউছা পুৰ্তুগিজ মালয়ালম তেলেগু ছাৱাহিলী তামিল বৰ্মী থাই জাৰ্মান জাপানিজ পুস্তু আল বানিয়ান السويدية الأمهرية الهولندية الغوجاراتية الدرية
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. আত্মীয়তাৰ সম্পর্ক বজায় ৰাখিবলৈ উৎসাহ প্রদান কৰা হৈছে।
  2. জীৱিকা প্রশস্ত হ’বলৈ আৰু আয়ুস বৃদ্ধি কৰিবলৈ আত্মীয়তাৰ সম্পর্ক বজায় ৰখাটো হৈছে শক্তিশালী উপকৰণ।
  3. কৰ্ম অনুপাতে ফল। যি ব্যক্তিয়ে ভাল কর্ম আৰু অনুগ্রহৰ দ্বাৰা আত্মীয়তাৰ সম্পর্ক বজায় ৰাখিব, আল্লাহে তাক আয়ুস আৰু জীৱিকা প্ৰদান কৰি তাৰ সৈতে সুসম্পর্ক বজায় ৰাখিব।
  4. উপায় অৱলম্বনৰ প্রমাণ। কাৰণ, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে উক্ত হাদীছত এটা উপায় অৱলম্বনৰ কথা উল্লেখ কৰিছে। সেইটো হৈছে আত্মীয়তাৰ সম্পৰ্ক বজায় ৰখা। লগতে ইয়াৰ ফলত পাবলগীয়া প্ৰতিফলৰ কথাও উল্লেখ কৰিছে সেইটো হৈছে আয়ুস আৰু জীৱিকাৰ প্ৰশস্ততা।
অধিক