عن أبي صرمة رضي الله عنه مرفوعاً: «من ضارَّ مسلما ضارَّه الله، ومن شاقَّ مسلما شقَّ الله عليه».
[حسن] - [رواه أبوداود والترمذي وابن ماجه وأحمد]
المزيــد ...

আবু ছিৰমা ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা মাৰফূ‘ হিচাপে বর্ণিত: "c2">“যি ব্যক্তিয়ে কোনো মুছলিমৰ ক্ষতি কৰিব, আল্লাহে সেই ব্যক্তিক ক্ষতি কৰিব; আৰু যিয়ে কোনো মুছলিমক কষ্ট দিব, তাক আল্লাহে কষ্টত পেলাব।” হাছান- এই হাদীছটোক ইবনে মাজাই বৰ্ণনা কৰিছে।
হাছান - ইয়াক ইবনু মাজাহে বৰ্ণনা কৰিছে

ব্যাখ্যা

হাদীছটোৱে প্ৰমাণ কৰে যে, কোনো মুছলিমক নিৰ্যাতন কৰা, কষ্ট দিয়া, ক্ষতি কৰা আদি হাৰাম। সেয়া শাৰীৰিক হওক অথবা সম্পদৰ ক্ষেত্ৰত, নাইবা পৰিয়াল অথবা সন্তান-সন্ততিৰ ক্ষেত্ৰতেই হওক। যি ব্যক্তিয়েই কোনো মুছলিমক ক্ষতি কৰিব অথবা কষ্ট দিব, আল্লাহে সেই ব্যক্তিক তাৰ কর্ম অনুযায়ী শাস্তি বিহিব। এই ক্ষতি কোনো কল্যাণ অৰ্জনত বাধা প্ৰদানৰ দ্বাৰাই হওক অথবা অন্য কোনো কাৰণতেই হওক। উদাহৰণস্বৰূপে লেনদেনৰ ক্ষেত্ৰত প্রতাৰণা কৰা, ব্যৱসায়িক পণ্যত দোষ গোপন কৰা আৰু ভাতৃয়ে দিয়া প্রস্তাৱৰ ওপৰত প্রস্তাৱ দিয়া।

অনুবাদ: ইংৰাজী ফৰাচী স্পেনিচ তুৰ্কী উৰ্দু ইন্দোনেচিয়ান বোছনিয়ান ৰুচিয়ান বাংলা চাইনিজ ফাৰ্চি তাগালোগ হিন্দী ভিয়েতনামীজ ছিনহালী উইঘোৰ কুৰ্দী হাউছা পুৰ্তুগিজ মালয়ালম তেলেগু ছাৱাহিলী তামিল বৰ্মী থাই জাৰ্মান জাপানিজ পুস্তু আল বানিয়ান السويدية الأمهرية الهولندية الغوجاراتية الدرية
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. যি প্ৰকাৰেই নহওক কিয় মুছলিমক কষ্ট দিয়া হাৰাম।
  2. কর্ম অনুযায়ী বিনিময় প্ৰদান কৰা হয়।
  3. মুছলিমসকল সদায় আল্লাহৰ সংৰক্ষণত থাকে। তেওঁ নিজেই সিহঁতক সুৰক্ষা প্ৰদান কৰে।
অধিক