عَنْ حُذَيْفَةَ رضي الله عنه أَنَّ رَسُولَ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ قَالَ:
«لَا تَقُولُوا: مَا شَاءَ اللهُ وَشَاءَ فُلَانٌ، وَلَكِنْ قُولُوا: مَا شَاءَ اللهُ ثُمَّ شَاءَ فُلَانٌ».

[صحيح بمجموع طرقه] - [رواه أبو داود والنسائي في الكبرى وأحمد]
المزيــد ...

হুজাইফাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"তোমালোকে এনেকৈ নক'বা যে, 'আল্লাহে যি বিচাৰে আৰু অমুকে যি বিচাৰে'; বৰং এনেকৈ কোৱা, 'আল্লাহে যি বিচাৰিছে তাৰ পিছত অমুকে যি বিচাৰিছে'।"

ছহীহ - ইয়াক নাছায়ীয়ে বৰ্ণনা কৰিছে

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে নিষেধ কৰিছে কোনো মুছলিমে যেন এনেকৈ নকয় যে, "আল্লাহে যি বিচাৰে আৰু অমুকে যি বিচাৰে।" অথবা, "আল্লাহে আৰু অমুকে যি বিচাৰে।" এইদৰে ক'বলৈ এই কাৰণে নিষেধ কৰিছে যে, আল্লাহৰ ইচ্ছা আৰু ইৰাদা হৈছে ব্যাপক, এই ক্ষেত্ৰত তেওঁৰ কোনো অংশীদাৰ নাই। আনহাতে ইয়াত যদি "আৰু" শব্দটো ব্যৱহাৰ কৰা হয় তেন্তে ইয়াৰ দ্বাৰা এইটো বুজায় যে, আল্লাহৰ অংশীদাৰ আছে তথা উভয়ৰ মাজত কোনো পাৰ্থক্য নাই। সেয়ে এনেকৈ ক'ব লাগে যে, "আল্লাহে যি বিচাৰে, তাৰ পিছত অমুকে যি বিচাৰে।" এতেকে "আৰু"ৰ ঠাইত "তাৰ পিছত" শব্দ ব্যৱহাৰ কৰিলে বান্দাৰ ইচ্ছা আল্লাহৰ ইচ্ছাৰ অধীনস্থ বুলি প্ৰমাণিত হ'ব। পক্ষান্তৰে 'আৰু' ব্যৱহাৰ কৰিলে সেইটো নুবুজায়।

অনুবাদ: ইংৰাজী ফৰাচী স্পেনিচ তুৰ্কী উৰ্দু ইন্দোনেচিয়ান বোছনিয়ান ৰুচিয়ান বাংলা চাইনিজ ফাৰ্চি তাগালোগ হিন্দী ভিয়েতনামীজ ছিনহালী উইঘোৰ কুৰ্দী হাউছা পুৰ্তুগিজ মালয়ালম ছাৱাহিলী তামিল থাই পুস্তু السويدية الأمهرية الهولندية الغوجاراتية الدرية
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. "আল্লাহে যি বিচাৰে আৰু আপুনি যি বিচাৰে", এই কথা বা এই ধৰণৰ অন্য যিকোনো কথা য'ত আল্লাহৰ সৈতে "আৰু" শব্দ ব্যৱহাৰ কৰি বান্দাৰ কথা কোৱা হৈছে, তেনেকুৱা কথা কোৱা হাৰাম। কাৰণ এইটো হৈছে কথাৰ মাধ্যমত কৰা শ্বিৰ্ক।
  2. "আল্লাহে যি বিচাৰে আৰু তাৰ পিছত আপুনি যি বিচাৰে", এনেকুৱা কথা য'ত আল্লাহৰ সৈতে বান্দা সম্পৰ্কীয় কোনো বিষয়ক যুক্ত কৰিবলৈ "তাৰ পিছত" শব্দ ব্যৱহাৰ হৈছে তেনেকুৱা কথা কোৱাত কোনো অসুবিধা নাই।
  3. হাদীছটোৰ দ্বাৰা প্ৰমাণিত হ'ল যে, আল্লাহৰ ইচ্ছা শক্তি আছে আৰু বান্দাৰো ইচ্ছা শক্তি আছে। লগতে এই কথাও স্পষ্ট কৰা হৈছে যে, বান্দাৰ ইচ্ছা হৈছে আল্লাহৰ ইচ্ছাৰ অধীনস্থ।
  4. আল্লাহৰ ইচ্ছাত বান্দাক অংশীদাৰ কৰিবলৈ নিষেধ কৰা হৈছে, যদিও শাব্দিক অংশীদাৰেই নহওক কিয়।
  5. যদি কোনোবাই এই বিশ্বাস কৰে যে, বান্দাৰ ইচ্ছাও সৰ্বশক্তিমান আল্লাহৰ ইচ্ছাৰ দৰেই অসীম তথা ব্যাপক, অথবা বান্দাৰ ওচৰত আল্লাহৰ ইচ্ছাতকৈ স্বতন্ত্ৰ কোনো ইচ্ছাশক্তি আছে, তেন্তে এইটো হ'ব শ্বিৰ্কে আকবাৰ। আনহাতে যদি আল্লাহৰ ইচ্ছাতকৈ স্বতন্ত্ৰ কিন্তু কম বুলি বিশ্বাস কৰে তেন্তে সেইটো হ'ব শ্বিৰ্কে আচগাৰ।
অধিক