عن أبي هريرة رضي الله عنه مرفوعا: "قال تعالى : أنا أغنى الشركاء عن الشرك؛ من عمل عملا أشرك معي فيه غيري تركتُه وشِرْكَه".
[صحيح] - [رواه مسلم]
المزيــد ...

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা মৰফূ হিচাপে বৰ্ণিত, মহান আল্লাহে কৈছেঃ "c2">“মই সকলো অংশীদাৰৰ শ্বিৰ্কৰ পৰা মুক্ত। যদি কোনোবাই এনেকুৱা কোনো আমল কৰে যি আমলত সি মোৰ সৈতে আনক অংশী কৰে, তেন্তে মই তাক আৰু তাৰ এই শ্বিৰ্কক বর্জন কৰোঁ।” ছহীহ - ইয়াক মুছলিমে বর্ণনা কৰিছে।
ছহীহ - ইয়াক মুছলিমে বৰ্ণনা কৰিছে

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেখেতৰ মহামহিম প্ৰতিপালকৰ পৰা বর্ণনা কৰিছে- ইয়াক হাদীছে কুদছী বুলি নামকৰণ কৰা হয়- নিশ্চয় তেওঁ এনেকুৱা সকলো কৰ্মৰ পৰা মুক্ত, য’ত ৰিয়া বা অন্য কোনো মাধ্যমত বেলেগক অংশীদাৰ কৰা হয়। কিয়নো, আল্লাহ তা‘আলাই একমাত্ৰ নিৰ্ভেজাল আমলকেই গ্ৰহণ কৰে, ইয়াৰ বাহিৰে একো গ্ৰহণ নকৰে।

অনুবাদ: ইংৰাজী ফৰাচী স্পেনিচ তুৰ্কী উৰ্দু ইন্দোনেচিয়ান বোছনিয়ান বাংলা চাইনিজ ফাৰ্চি তাগালোগ হিন্দী ভিয়েতনামীজ ছিনহালী উইঘোৰ কুৰ্দী হাউছা পুৰ্তুগিজ মালয়ালম তেলেগু ছাৱাহিলী তামিল বৰ্মী থাই জাৰ্মান জাপানিজ পুস্তু আল বানিয়ান السويدية الأمهرية الهولندية الغوجاراتية الدرية
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. সকলো প্ৰকাৰ শ্বিৰ্কৰ পৰা আঁতৰি থকা উচিত। শ্বিৰ্ক হৈছে আমল কবুল হোৱাৰ প্ৰতিবন্ধক।
  2. সকলো প্ৰকাৰ শ্বিৰ্কৰ পৰা আঁতৰি থাকি নিৰ্ভেজালভাৱে একমাত্র আল্লাহৰ ইবাদত কৰা ওৱাজিব।
  3. মহান আল্লাহক কালামৰ গুণেৰে গুণান্বিত কৰা।
  4. আল্লাহৰ বাবে অমুখাপেক্ষী হোৱাৰ গুণক সাব্যস্ত কৰা।
  5. আল্লাহে কেৱল সেই আমলেই কবুল কৰে যিটো একমাত্ৰ তেওঁৰ বাবে কৰা হয়।
  6. আল্লাহৰ বাবে অনুগ্রহৰ গুণ সাব্যস্ত কৰা।
অধিক