عَنْ أَبِي عَمْرٍو- وَقِيلَ: أَبِي عَمْرَةَ-، سُفْيَانَ بْنِ عَبْدِ اللَّهِ رَضِيَ اللَّهُ عَنْهُ قَالَ:
قُلْتُ: يَا رَسُولَ اللهِ، قُلْ لِي فِي الْإِسْلَامِ قَوْلًا لَا أَسْأَلُ عَنْهُ أَحَدًا غَيْرَكَ، قَالَ: «قُلْ: آمَنْتُ بِاللهِ، ثُمَّ اسْتَقِمْ».
[صحيح] - [رواه مسلم] - [الأربعون النووية: 21]
المزيــد ...
আবূ আমৰ বা আবূ আমৰাহ ছুফিয়ান ইবনে আব্দিল্লাহৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ
মই ক'লোঁ, হে আল্লাহৰ ৰাছুল! মোক ইছলামৰ এনেকুৱা এটা কথা শিকাই দিয়ক যিটো কথা মই যাতে আন কাকো সুধিবলগীয়া নহয়। তেখেতে ক'লেঃ "কোৱাঃ মই আল্লাহৰ ওপৰত ঈমান আনিলোঁ, তাৰ পিছত ইয়াৰ ওপৰতে প্ৰতিষ্ঠিত থাকিবা।"
[ছহীহ] - [(মুছলিম)] - [الأربعون النووية - 21]
চাহাবী ছুফিয়ান বিন আব্দুল্লাহ ৰাদ্বিয়াল্লাহু আনহুৱে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত আবেদন কৰিলে যে, তেখেতে যাতে তেওঁক ইছলামৰ এনেকুৱা এটা গভীৰ অৰ্থপূৰ্ণ কথা শিকায় যিটোক তেওঁ খামুচি ধৰি ৰাখিব আৰু সেই বিষয়ে তেওঁ যেন আন কাকো প্ৰশ্ন কৰিবলগীয়া নহয়। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক ক'লেঃ তুমি কোৱা যে, মই আল্লাহৰ তাওহীদ (একত্ব)ক স্বীকাৰ কৰিলোঁ আৰু ঈমান আনিলোঁ যে, তেৱেঁই মোৰ প্ৰতিপালক, তেৱেঁই মোৰ ইলাহ, তেৱেঁই মোৰ সৃষ্টিকৰ্তা আৰু তেৱেঁই মোৰ সত্য উপাস্য, তেওঁৰ কোনো অংশীদাৰ নাই। ইয়াৰ পিছত আল্লাহৰ আনুগত্যৰ ওপৰত অটল থাকা, অৰ্থাৎ আল্লাহে নিৰ্ধাৰণ কৰা বিধানসমূহ পালন কৰা আৰু তেওঁৰ নিষেধকৃত বিষয়সমূহৰ পৰা বিৰত থাকা।