+ -

عَنْ أُسَامَةَ بْنِ زَيْدٍ رضي الله عنه قَالَ: قِيلَ لَهُ: أَلَا تَدْخُلُ عَلَى عُثْمَانَ فَتُكَلِّمَهُ؟ فَقَالَ: أَتَرَوْنَ أَنِّي لَا أُكَلِّمُهُ إِلَّا أُسْمِعُكُمْ؟ وَاللهِ لَقَدْ كَلَّمْتُهُ فِيمَا بَيْنِي وَبَيْنَهُ، مَا دُونَ أَنْ أَفْتَتِحَ أَمْرًا لَا أُحِبُّ أَنْ أَكُونَ أَوَّلَ مَنْ فَتَحَهُ، وَلَا أَقُولُ لِأَحَدٍ يَكُونُ عَلَيَّ أَمِيرًا: إِنَّهُ خَيْرُ النَّاسِ بَعْدَمَا سَمِعْتُ رَسُولَ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ يَقُولُ:
«يُؤْتَى بِالرَّجُلِ يَوْمَ الْقِيَامَةِ، فَيُلْقَى فِي النَّارِ، فَتَنْدَلِقُ أَقْتَابُ بَطْنِهِ، فَيَدُورُ بِهَا كَمَا يَدُورُ الْحِمَارُ بِالرَّحَى، فَيَجْتَمِعُ إِلَيْهِ أَهْلُ النَّارِ، فَيَقُولُونَ: يَا فُلَانُ مَا لَكَ؟ أَلَمْ تَكُنْ تَأْمُرُ بِالْمَعْرُوفِ، وَتَنْهَى عَنِ الْمُنْكَرِ؟ فَيَقُولُ: بَلَى، قَدْ كُنْتُ آمُرُ بِالْمَعْرُوفِ وَلَا آتِيهِ، وَأَنْهَى عَنِ الْمُنْكَرِ وَآتِيهِ».

[صحيح] - [متفق عليه] - [صحيح مسلم: 2989]
المزيــد ...

উছামা বিন ঝায়েদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে যে, তেওঁক কোৱা হ'ল, আপুনি উছমান ৰাদ্বিয়াল্লাহু আনহুৰ ওচৰলৈ গৈ আলোচনা (কৰি বিষয়টো সমাধান) নকৰে কিয়? তেতিয়া তেওঁ কৈছিলঃ তোমালোকে ভবা নেকি যে, মই তোমালোকক শুনাই শুনাই কথা পাতিম? আল্লাহৰ শপত! মই তেওঁৰ সৈতে একান্তত কথা পাতিছোঁ, যাতে কোনো ধৰণৰ ফিতনাৰ দুৱাৰ নোখোলে। লগতে মই এইটোও পছন্দ নকৰোঁ যে, মোৰ দ্বাৰাই প্ৰথম ফিতনাৰ দুৱাৰ খোলক। লগতে শুনা! কোনোবাই আমাৰ ওপৰত শাসক নিযুক্ত হ'লেই যে, তেওঁ সৰ্বোত্তম ব্যক্তি, মই এইটোও নকওঁ, কাৰণ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ, তেখেতে কৈছেঃ
"কিয়ামতৰ দিনা এজন ব্যক্তিক অনা হ'ব আৰু জাহান্নামত নিক্ষেপ কৰা হ'ব, যাৰ ফলত তাৰ পেটৰ নাড়ীভুঁৰি ওলাই আহিব। সি সেইটোক লৈ এনেকৈ ঘূৰি ফুৰিব যেনেকৈ গাধই তেলীশালৰ চাৰিওফালে ঘূৰি ফুৰে। সেই সময়ত জাহান্নামীসকল তাৰ চাৰিওফালে একত্ৰিত হ'ব আৰু ক'বঃ হে অমুক! তোমাৰ এই অৱস্থা কেনেকৈ হ'ল? তুমি সৎকৰ্মৰ আদেশ দিয়া নাছিলা জানো, আৰু অসৎকৰ্মৰ পৰা বিৰত ৰখা নাছিলা জানো? সি ক'বঃ হয়। মই সৎকৰ্মৰ আদেশ দিছিলোঁ কিন্তু মই নিজে আমল কৰা নাছিলোঁ, আৰু মই অসৎকৰ্মৰ পৰা নিষেধ কৰিছিলোঁ কিন্তু সেইটো মই নিজেই কৰিছিলোঁ।"

[ছহীহ] - [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})] - [ছহীহ মুছলিম - 2989]

ব্যাখ্যা

হাদীছটোত উল্লেখ হৈছে যে, উছামা বিন ঝায়েদক কোৱা হৈছিল যে, মানুহৰ মাজত প্ৰসাৰিত হোৱা ফিতনাক দমন কৰিবলৈ আপুনি উছমান ৰাদ্বিয়াল্লাহু আনহুৰ সৈতে কথা নাপাতে কিয়? তেতিয়া তেওঁ কৈছিল যে, তেওঁ গোপনে তেখেতৰ সৈতে কথা পাতিছে, যাতে ফিতনা সৃষ্টিকাৰীসকলে সুযোগ ল'ব নোৱাৰে। তেওঁ দৰাচলতে মুকলিকৈ শাসকক নিন্দা কৰিব বিচৰা নাছিল। কাৰণ এইটো খলীফাৰ প্ৰতি আক্ৰমণৰ কাৰণ হ'ব পাৰে। লগতে তেওঁ কৈছিল, এইটো হৈছে ফিতনা আৰু অনিষ্টৰ এটা দুৱাৰ, যিটো মই প্ৰথমে খুলিব নিবিচাৰোঁ।
ইয়াৰ পিছত উছামা ৰাদ্বিয়াল্লাহু আনহুমাই কৈছেঃ তেওঁ আমীৰক গোপনে পৰামৰ্শ দিয়ে। তেওঁ কাকো তোষামোদ নকৰে যদিও আমীৰ হয়। তেওঁ সিহঁতৰ চাটুকাৰিতা নকৰে আৰু সিহঁতৰ মুখত মিছা প্ৰশংসা নকৰে। ইয়াৰ কাৰণ হৈছে, তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছে যে, কিয়ামতৰ দিনা এজন ব্যক্তিক অনা হ'ব আৰু তাক জাহান্নামত নিক্ষেপ কৰা হ'ব, ফলত ইয়াৰ শাস্তি তথা উৎকট গৰম সহ্য কৰিব নোৱাৰি তাৰ পেটৰ নাড়ীভুঁৰি ওলাই আহিব। সি এই অৱস্থাতে জাহান্নামত ঘূৰি ফুৰিব যিদৰে গাধই তেল আদি পেৰাৰ সময়ত তেলীশালৰ চাৰিওফালে ঘূৰে। তাৰ এই অৱস্থা দেখি জাহান্নামীসকল তাৰ চাৰিওফালে ভিৰ কৰিব, আৰু তাক সুধিবঃ হে অমুক! তুমি দেখোন সৎকৰ্মৰ আদেশ দিছিলা আৰু অসৎকৰ্মৰ পৰা নিষেধ কৰিছিলা, তথাপিও তোমাৰ এই অৱস্থা কিয়?
তেতিয়া সি ক'বঃ হয়, নিশ্চয় মই সৎকৰ্মৰ আদেশ দিছিলোঁ কিন্তু মই নিজে আমল কৰা নাছিলোঁ, আৰু মই অসৎকৰ্মৰ পৰা নিষেধ কৰিছিলোঁ কিন্তু সেইটো মই নিজেই কৰিছিলোঁ।

অনুবাদ: ইংৰাজী উৰ্দু স্পেনিছ ইন্দোনেচিয়ান বাংলা ফৰাচী তুৰ্কী ৰুচিয়ান বোছনিয়ান ছিনহালী হিন্দী চাইনিজ ফাৰ্চি ভিয়েতনামীজ তাগালোগ কুৰ্দিশ হাওছা পৰ্তুগীজ শ্বাহিলী থাই পুস্তু ছুইডিছ আমহাৰিক ডাচ গুজৰাটী নেপালী
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. শাসক তথা দায়িত্বশীল ব্যক্তিক সৎ পৰামৰ্শ দিব লাগে। কিন্তু সাধাৰণ লোকৰ সন্মুখত সিহঁতৰ সমালোচনা কৰা উচিত নহয়।
  2. কথা আৰু কৰ্মৰ মাজত মিল নথকা আচৰণৰ ক্ষেত্ৰত, ব্যক্তিক কঠোৰ শাস্তিৰ সতৰ্কবাণী দিয়া হৈছে।
  3. শাসক তথা দায়িত্বশীল ব্যক্তিৰ সৈতে সন্মান সহকাৰে কথা কোৱা উচিত, লগতে তেওঁলোকক সৎকৰ্মৰ আদেশ দিব লাগে আৰু অসৎকৰ্মৰ পৰা নিষেধ কৰিব লাগে।
  4. শাসক তথা দায়িত্বশীল ব্যক্তিক তোষামোদ কৰা বিষয়টোক নিন্দা কৰা হৈছে, মিছা প্ৰশংসা কৰাটো হৈছে অসত্যক সমৰ্থন কৰাৰ দৰে।
অধিক