عن ابن مسعود رضي الله عنه قال: قال النبي صلى الله عليه وسلم : «الجنة أقرب إلى أحدكُم من شِرَاكِ نَعْلِه، والنار مِثلُ ذلك».
[صحيح] - [رواه البخاري]
المزيــد ...

ইবনে মাছউদ ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে: নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "c2">“জান্নাত তোমালোকৰ জুতাৰ ৰছীতকৈও অতি নিকটৱৰ্তী আৰু জাহান্নামো সিমানেই নিকটৱৰ্তী।” ছহীহ – এই হাদীছটো বুখাৰীয়ে বর্ণনা কৰিছে।
ছহীহ - বুখাৰীয়ে বৰ্ণনা কৰিছে।

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সংবাদ দিছে যে, জান্নাত আৰু জাহান্নাম মানুহে খোঁজকাঢ়ি যোৱা ভ্রমণ কৰাৰ দৰেই অতি নিকটৱর্তী। কাৰণ, মানুহে আল্লাহৰ সন্তুষ্টি লাভৰ উদ্দেশ্যে এনেকুৱা কোনো ভাল আমল কৰে, যিটোৰ বিষয়ে সি কেতিয়াও ধাৰণা কৰা নাই যে, সেইটোৱে তাক এই মৰ্যাদা পাবলৈ সুযোগ কৰি দিব, কিন্তু দেখা গ’ল সেই আমলে তাক জান্নাতুন না‘ঈমত পৌঁচাই দিলে। আনহাতে কেতিয়াবা এনেকুৱা কোনো অপৰাধ কৰে, যিটোৰ প্ৰতি সি অকণো ভ্রূক্ষেপ নকৰে, অথচ সেইটোৱেই আল্লাহৰ অসন্তুষ্টিৰ কাৰণ হৈ পৰে, ফলত সেইটোৰ কাৰণে সি জাহান্নামৰ গভীৰত নিক্ষিপ্ত হয়, যাৰ দূৰত্ব ইমান ইমান বছৰ, অথচ সেই বিষয়ে সি জনাই নাছিল।

অনুবাদ: ইংৰাজী ফৰাচী স্পেনিচ তুৰ্কী উৰ্দু ইন্দোনেচিয়ান বোছনিয়ান ৰুচিয়ান বাংলা চাইনিজ ফাৰ্চি তাগালোগ হিন্দী ভিয়েতনামীজ ছিনহালী উইঘোৰ কুৰ্দী হাউছা পুৰ্তুগিজ মালয়ালম তেলেগু ছাৱাহিলী তামিল বৰ্মী থাই জাৰ্মান জাপানিজ পুস্তু আল বানিয়ান السويدية الأمهرية الهولندية الغوجاراتية الدرية
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. আনুগত্যই মানুহক জান্নাতৰ ফালে লৈ যায়, আৰু গুনাহে মানুহক জাহান্নামৰ ফালে লৈ যায়।
  2. যদি নিয়ত সঠিক হয় আৰু নেক আমল কৰে তেন্তে জান্নাত লাভ কৰা সহজ।
  3. কেতিয়াবা কেতিয়াবা সৰু সুৰা কামৰ দ্বাৰাও গুনাহ অথবা ছোৱাব লাভ হয়। এতেকে মানুহে সৰু সুৰা সৎকৰ্মক তুচ্ছ জ্ঞান কৰা উচিত নহয় বৰং সেইটো কৰা উচিত, আনহাতে কোনো সামান্য গুনাহকো নগন্য জ্ঞান কৰা উচিত নহয়, আনকি তাৰ পৰা বিৰত থকা উচিত।
  4. সৰু সুৰা কল্যাণকৰ কামতো উৎসাহ দিয়া হৈছে যদিও সেয়া কম হওক। পক্ষান্তৰে সামান্যতম বেয়া কৰ্মৰ পৰাও সতৰ্ক কৰা হৈছে যদিও সেয়া কম হওক।
  5. শ্রোতাক বক্তব্য বুজাবলৈ উদাহৰণ দাঙি ধৰা।
অধিক