عن جابر بن عبد الله رضي الله عنهما أن رسول الله صلى الله عليه وسلم قال: "مَنْ لَقِيَ الله لا يُشْرِك به شَيئا دخل الجنَّة، ومن لَقِيَه يُشرك به شيئا دخَل النار".
[صحيح] - [رواه مسلم]
المزيــد ...

জাবিৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "c2">“যি ব্যক্তিয়ে শ্বিৰ্ক নকৰাকৈ আল্লাহক সাক্ষাৎ কৰিব তেওঁ জান্নাতত প্ৰৱেশ কৰিব, আনহাতে যি ব্যক্তিয়ে মুশ্বৰিক অৱস্থাত আল্লাহৰ সৈতে সাক্ষাৎ কৰিব সি জাহান্নামত প্ৰৱেশ কৰিব।” ছহীহ – এই হাদীছটোক মুছলিমে বর্ণনা কৰিছে।
ছহীহ - ইয়াক মুছলিমে বৰ্ণনা কৰিছে

ব্যাখ্যা

এই হাদীছটোত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আমাক সংবাদ দিছে যে, যি ব্যক্তিয়ে শ্বিৰ্ক নকৰাকৈ মৃত্যুবৰণ কৰিব, তেওঁৰ ৰুবূবিয়্যাততেই হওক অথবা উলূহিয়্যাতত নাইবা তেওঁৰ নাম আৰু গুণাৱলীত, সেই ব্যক্তি নিশ্চয় জান্নাতত প্ৰৱেশ কৰিব। আনহাতে যি ব্যক্তিয়ে আল্লাহৰ সৈতে শ্বিৰ্ক কৰা অৱস্থাত মৃত্যুবৰণ কৰিব, তাৰ পৰিণতি হৈছে জাহান্নাম।

অনুবাদ: ইংৰাজী ফৰাচী স্পেনিচ তুৰ্কী উৰ্দু ইন্দোনেচিয়ান বোছনিয়ান ৰুচিয়ান বাংলা চাইনিজ ফাৰ্চি তাগালোগ হিন্দী ভিয়েতনামীজ ছিনহালী উইঘোৰ কুৰ্দী হাউছা পুৰ্তুগিজ মালয়ালম তেলেগু ছাৱাহিলী তামিল বৰ্মী থাই জাৰ্মান জাপানিজ পুস্তু আল বানিয়ান السويدية الأمهرية الهولندية الغوجاراتية الدرية
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. যি ব্যক্তিয়ে তাওহীদৰ ওপৰত মৃত্যুবৰণ কৰিব তেওঁ কেতিয়াও চিৰস্থায়ী জাহান্নামী নহ’ব। তেওঁৰ ঠিকনা হ’ব জান্নাত।
  2. যিয়ে শ্বিৰ্ক কৰি মৃত্যুবৰণ কৰিব তাৰ বাবে জাহান্নাম নিশ্চিত।
  3. জান্নাত আৰু জাহান্নাম বান্দাৰ নিচেই ওচৰত। বান্দাৰ মাজত আৰু জান্নাত-জাহান্নামৰ মাজত প্ৰাচীৰ হৈছে কেৱল মৃত্যু।
  4. শ্বিৰ্কত পতিত হোৱাৰ ভয় সদায় অন্তৰত থকা ওৱাজিব। কিয়নো, জাহান্নামৰ পৰা ৰক্ষা পাবলৈ হ’লে শ্বিৰ্কৰ পৰা বাচি থাকিব লাগিব।
  5. আমল বেছি হোৱাটোৱে বিবেচ্য বিষয় নহয়; বিবেচ্য বিষয় হৈছে শ্বিৰ্কৰ পৰা মুক্ত থকা।
  6. কলিমা লা ইলাহা ইল্লাল্লাহৰ অৰ্থই প্ৰমাণ কৰে যে, শ্বিৰ্ক ত্যাগ কৰা আৰু একমাত্র আল্লাহৰ ইবাদত কৰা।
  7. শ্বিৰ্কমুক্ত ব্যক্তিৰ ফজিলত।
  8. জান্নাত আৰু জাহান্নামো প্ৰমাণিত।
  9. শেষ অৱস্থাৰ আমলেই হৈছে বিবেচ্য বিষয়।
অধিক