عن محمود بن لبيد رضي الله عنه مرفوعاً: "أَخْوَفُ ما أخاف عليكم: الشرك الأصغر، فسئل عنه، فقال: الرياء".
[صحيح] - [رواه أحمد]
المزيــد ...

মাহমূদ বিন লাবীদ ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা মাৰফূ‘ সূত্রত বৰ্ণিত: "c2">“মই তেমালোকৰ ওপৰত যিটো বিষয়ক আটাইতকৈ বেছি ভয় কৰোঁ সেইটো হৈছে সৰু শ্বিৰ্ক। এই সম্পর্কে প্ৰশ্ন কৰাত তেখেতে কৈছেঃ সেইটো হৈছে ৰিয়া (লোকক দেখুৱাবলৈ কৰা আমল)।”। ছহীহ – এই হাদীছটোক আহমাদে বর্ণনা কৰিছে।
ছহীহ - ইয়াক ইমাম আহমদে বৰ্ণনা কৰিছে

ব্যাখ্যা

এই হাদীছটোত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে সংবাদ দিছে যে, তেখেতে আমাৰ ওপৰত আশংকা কৰিছে। তেখেতে যিটো বিষয়কলৈ সৱাতোকৈ বেছি আশংকা কৰিছিল সেইটো হৈছে সৰু শ্বিৰ্ক। তেখেতৰ এই আশংকা দৰাচলতে উম্মতৰ প্ৰতি থকা তেখেতৰ পৰিপূর্ণ দয়া আৰু মেহেৰবানী তথা সিহঁতৰ অৱস্থাৰ সংশোধনৰ প্ৰতি অধিক আগ্রহী হোৱাৰ কাৰণেই আছিল। ইয়াৰ বাহিৰেও শ্বিৰ্কে আচগৰ অৰ্থাৎ ৰিয়াৰ কাৰণসমূহৰ ক্ষমতা আৰু ক্ষতিকৰ কু-প্ৰভাৱসমূহ সম্পর্কে অৱগত হোৱাৰ কাৰণে তেখেতে মুছলিমসকলক সতর্ক কৰিছে, মুছলিমসকলে হয়তো অজানিতে এই শ্বিৰ্কত লিপ্ত হ’ব পাৰে, সেয়ে তেখেতে সিহঁতক ইয়াৰ ক্ষতিৰ পৰা সতৰ্ক কৰিছে তথা ভয় দেখুৱাইছে।

অনুবাদ: ইংৰাজী ফৰাচী স্পেনিচ তুৰ্কী উৰ্দু ইন্দোনেচিয়ান বোছনিয়ান ৰুচিয়ান বাংলা চাইনিজ ফাৰ্চি তাগালোগ হিন্দী ভিয়েতনামীজ ছিনহালী উইঘোৰ কুৰ্দী হাউছা পুৰ্তুগিজ মালয়ালম তেলেগু ছাৱাহিলী তামিল বৰ্মী থাই জাৰ্মান জাপানিজ পুস্তু আল বানিয়ান السويدية الأمهرية الهولندية الغوجاراتية الدرية
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. সৎকৰ্মশীলসকলৰ ওপৰত ৰিয়া হৈছে দাজ্জালৰ ফিতনাতকৈও অধিক ভয়ংকৰ।
  2. ৰিয়াৰ পৰা বিশেষকৈ আৰু শ্বিৰ্কৰ পৰা সামগ্রিকভাৱে সতৰ্ক থকা উচিত।
  3. উম্মতৰ প্ৰতি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ দয়া আৰু সিহঁতৰ হিদায়ত আৰু কল্যাণৰ বাবে তেখেতৰ আকাংখা অধিক।
  4. শ্বিৰ্ক হৈছে দুই প্ৰকাৰ। সৰু শ্বিৰ্ক আৰু ডাঙৰ শ্বিৰ্ক। ডাঙৰ শ্বিৰ্ক হৈছে, যিবোৰ বিষয় কেৱল আল্লাহৰ বাবে নিৰ্দিষ্ট সেইবোৰ বিষয়ত গাইৰুল্লাহক (আল্লাহৰ বাহিৰে আন কাৰোবাক) আল্লাহৰ সমকক্ষ স্থিৰ কৰা। আনহাতে সৰু শ্বিৰ্ক হৈছে, যিবোৰ বিষয়ক কোৰআন আৰু হাদীছত শ্বিৰ্ক বুলি কোৱা হৈছে, কিন্তু সেইবোৰ ডাঙৰ শ্বিৰ্কৰ সীমাত উপনীত হোৱা নাই। এই দুই শ্বিৰ্কৰ মাজত পার্থক্য হৈছে, ডাঙৰ শ্বিৰ্কে সকলো আমল ধ্বংস কৰি দিয়ে। আনহাতে সৰু শ্বিৰ্কে কেৱল ইয়াৰ সৈতে সম্পৃক্ত আমলকহে ধ্বংস কৰি দিয়ে। লগতে ডাঙৰ শ্বিৰ্কে অপৰাধীক চিৰস্থায়ী জাহান্নামী কৰি দিয়ে, পক্ষান্তৰে সৰু শ্বিৰ্কে চিৰস্থায়ী জাহান্নামী নকৰে। লগতে ডাঙৰ শ্বিৰ্কে ব্যক্তিক ইছলামৰ পৰা বহিষ্কাৰ কৰি দিয়ে। আৰু সৰু শ্বিৰ্কে ব্যক্তিক ইছলামৰ পৰা উলিয়াই নিদিয়ে।
অধিক