হাদীছৰ তালিকা

মই তেমালোকৰ ওপৰত যিটো বিষয়ক আটাইতকৈ বেছি ভয় কৰোঁ সেইটো হৈছে সৰু শ্বিৰ্ক। এই সম্পর্কে প্ৰশ্ন কৰাত তেখেতে কৈছেঃসেইটো হৈছে ৰিয়া (লোকক দেখুৱাবলৈ কৰা আমল)।
عربي ইংৰাজী ফৰাচী
মহান আল্লাহে প্রতিটো বস্তুৰ প্ৰতি সদয় আচৰণ (ইহছান) ফৰজ কৰিছে। গতিকে তোমালোকে যেতিয়া হত্যা কৰিবা, তেতিয়া উত্তমৰূপে হত্যা কৰিবা আৰু যেতিয়া (জন্তু) জবেহ কৰিবা, তেতিয়া উত্তম পন্থাত জবেহ কৰিবা। তোমালোকৰ প্ৰত্যেকে যেন (জবেহ কৰাৰ সময়ত) ছুৰী চোকা কৰি লয় আৰু জবেহকৃত জন্তুক যাতে শীতল হ’বলৈ এৰি দিয়ে।
عربي ইংৰাজী ফৰাচী
হে আল্লাহ! মোৰ উম্মতৰ যিয়ে কোনো বিষয়ৰ দায়িত্ব গ্ৰহণ কৰি মানুহৰ ওপৰত কঠোৰতা অৱলম্বন কৰে, তুমি তাৰ ওপৰত কঠোৰ হোৱা।
عربي ইংৰাজী ফৰাচী
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম আছিল সকলো মানুহতকৈ উত্তম চৰিত্ৰৰ অধিকাৰী।
عربي ইংৰাজী ফৰাচী
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ চৰিত্র আছিল কোৰআন।
عربي ইংৰাজী ফৰাচী