عن عائشة رضي الله عنها مرفوعاً: «اللهم من وَلِيَ من أمر أمتي شيئاً، فشَقَّ عليهم؛ فاشْقُقْ عليه».
[صحيح] - [رواه مسلم]
المزيــد ...

আইশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত এটা মাৰফূ‘ হাদীছ। (নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ) "c2">“হে আল্লাহ! মোৰ উম্মতৰ যিয়ে কোনো বিষয়ৰ দায়িত্ব গ্ৰহণ কৰি মানুহৰ ওপৰত কঠোৰতা অৱলম্বন কৰে, তুমি তাৰ ওপৰত কঠোৰ হোৱা।” ছহীহ – এই হাদীছটোক মুছলিমে বৰ্ণনা কৰিছে।
ছহীহ - ইয়াক মুছলিমে বৰ্ণনা কৰিছে

ব্যাখ্যা

দায়িত্ব সৰু হওক বা ডাঙৰ, যি ব্যক্তিয়ে দায়িত্ব লাভ কৰি মুছলিমসকলৰ ওপৰত কঠোৰতা অৱলম্বন কৰে, সেই ব্যক্তিৰ বাবে হাদীছটোত কঠিন হুংকাৰ আহিছে। এইটো হৈছে তাৰ ওপৰত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ বদ-দু‘আ। নিশ্চয় আল্লাহ তা‘আলাই আমলৰ ধৰণ অনুযায়ীহে বিনিময় দিয়ে।

অনুবাদ: ইংৰাজী ফৰাচী স্পেনিচ তুৰ্কী উৰ্দু ইন্দোনেচিয়ান বোছনিয়ান ৰুচিয়ান বাংলা চাইনিজ ফাৰ্চি তাগালোগ হিন্দী ভিয়েতনামীজ ছিনহালী উইঘোৰ কুৰ্দী হাউছা পুৰ্তুগিজ মালয়ালম তেলেগু ছাৱাহিলী তামিল বৰ্মী থাই জাৰ্মান জাপানিজ পুস্তু আল বানিয়ান السويدية الأمهرية الهولندية الغوجاراتية الدرية
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. যিসকল শাসকে তথা প্ৰশাসনিক কর্মকর্তাই মানুহৰ ওপৰত কঠোৰতা অৱলম্বন কৰে সিহঁতৰ বাবে এই হাদীছটোত কঠোৰ সতৰ্কবাণী আহিছে।
  2. মুছলিমসকলৰ নেতৃত্বৰ দায়িত্ব লাভ কৰা প্ৰত্যেকৰে বাবে অনিবাৰ্য নিজৰ সাধ্যানুযায়ী সিহঁতৰ প্রতি নমনীয় হোৱা।
  3. জানি থওক, নিশ্চয় কৰ্ম অনুসাৰেই বিনিময় প্ৰদান কৰা হয়।