+ -

عن أنس بن مالك رضي الله عنه قال:
كَانَ رَسُولُ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ أَحْسَنَ النَّاسِ خُلُقًا.

[صحيح] - [متفق عليه] - [صحيح مسلم: 2310]
المزيــد ...

আনাছ ইবনু মালিক ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম আছিল সকলোতকৈ উত্তম চৰিত্ৰৰ অধিকাৰী।

[ছহীহ] - [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})] - [ছহীহ মুছলিম - 2310]

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লাম পূৰ্ণাংগ উত্তম চৰিত্ৰৰ অধিকাৰী আছিল। তেখেত সকলো প্ৰকাৰ উৎকৃষ্ট গুণ আৰু সৌন্দৰ্য্যতাৰ ক্ষেত্ৰত অগ্ৰাধিকাৰপ্ৰাপ্ত আছিল। যেনে- উত্তম কথা কোৱাৰ ক্ষেত্ৰত, সৎকৰ্ম কৰাৰ ক্ষেত্ৰত, হাঁহিমুখে সাক্ষাৎ কৰাৰ ক্ষেত্ৰত, মানুহক কষ্ট নিদিয়াৰ ক্ষেত্ৰত, আৰু মানুহে দিয়া কষ্টত ধৈৰ্য্য ধাৰণৰ ক্ষেত্ৰত।

অনুবাদ: ইংৰাজী উৰ্দু স্পেনিছ ইন্দোনেচিয়ান উইঘোৰ বাংলা ফৰাচী তুৰ্কী ৰুচিয়ান বোছনিয়ান ছিনহালী হিন্দী চাইনিজ ফাৰ্চি ভিয়েতনামীজ তাগালোগ কুৰ্দিশ হাওছা পৰ্তুগীজ মালয়ালম তেলেগু শ্বাহিলী তামিল বাৰ্মিজ থাই জাৰ্মান জাপানীজ পুস্তু আলবেনীয়ান ছুইডিছ আমহাৰিক ডাচ গুজৰাটী কিৰ্গিজ নেপালী ইউৰোবা লিথুৱেনিয়ান দাৰী ছাৰ্বিয়ান ছোমালি তাজিক কিনিয়াৰাৱাণ্ডা ৰোমানিয়ান হাংগেৰী চেক الموري মালাগাছী ইটালিয়ান ওৰোমো কান্নাড়া الولوف البلغارية আজেৰি ইউক্ৰেইনীয়ান الجورجية
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. নবী চাল্লাল্লাহু আলাইহি অছাল্লাম পূৰ্ণাংগৰূপে উৎকৃষ্ট চৰিত্ৰৰ অধিকাৰী আছিল।
  2. উত্তম চৰিত্ৰৰ ক্ষেত্ৰত নবী চাল্লাল্লাহু আলাইহি অছাল্লাম আছিল পূৰ্ণাংগ আদৰ্শৱান ব্যক্তি।
  3. নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ উত্তম চৰিত্ৰৰ পৰা আদৰ্শ গ্ৰহণ কৰিবলৈ উৎসাহিত কৰা হৈছে।