عن عبد الله بن الزبير -رضي الله تعالى عنهما- أنّه كانَ يقول: في دبر كل صلاة حين يُسلِّم «لا إله إلا الله وحده لا شريكَ له، له الملك وله الحمد وهو على كل شيءٍ قديرٌ، لا حولَ ولا قوةَ إلا بالله، لا إله إلا الله، ولا نعبد إلا إيَّاه، له النِّعمة وله الفضل، وله الثَّناء الحَسَن، لا إله إلا الله مخلصين له الدِّين ولو كَرِه الكافرون» وقال: «كان رسول الله صلى الله عليه وسلم يُهَلِّل بهن دُبُر كلِّ صلاة».
[صحيح] - [رواه مسلم]
المزيــد ...

আব্দুল্লাহ ইবনে যুবাইৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ প্রতিটো নামাজৰ ছালাম ফিৰোৱাৰ পাছত এই দুআ পাঠ কৰিছিল, "c2">“লা ইলাহা ইল্লাল্লা-হু অহদাহু লা শ্বাৰীকা লাহ, লাহুল মুলকু অলাহুল হামদু অহুৱা আলা কুল্লি শ্বাইয়িন ক্বাদীৰ। লা হাউলা অলা ক্বুউওৱাতা ইল্লা বিল্লাহ। লা ইলা-হা ইল্লাল্লা-হু অলা না’বুদু ইল্লা ইয়্যা-হ, লাহুন্নি’মাতু অলাহুল ফাজলু অলাহুচ ছানা-উল হাছান, লা ইলা-হা ইল্লাল্লা-হু মুখলিছীনা লাহুদ্দীনা অলাউ কাৰিহাল কা-ফিৰূন।” (অর্থ: আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, তেওঁ একক তথা অদ্বিতীয়, তেওঁৰ কোনো অংশীদাৰ নাই। বিশ্বজগতৰ তেৱেঁই সার্বভৌম অধিপতি। সকলো প্ৰশংসা একমাত্ৰ তেওঁৰেই, তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান। আল্লাহৰ সহায় অবিহনে পাপকৰ্মৰ পৰা বিৰত থকাৰ আৰু সৎকৰ্ম কৰাৰ কাৰো শক্তি নাই। আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। তেওঁৰ বাহিৰে আমি কাৰো ইবাদত নকৰোঁ, যাৱতীয় নি‘আমত একমাত্ৰ তেওঁৰেই, আৰু তেওঁৰেই যাৱতীয় অনুগ্রহ, লগতে সকলো প্ৰকাৰ সু-প্রশংসা একমাত্ৰ তেওঁৰেই। আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নেই। আমি বিশুদ্ধচিত্তে তেওঁৰেই ইবাদত কৰোঁ, যদিও কাফিৰসকলে ইয়াক অপছন্দ নকৰক কিয়”। ইবনু যুবাইৰে কৈছে, "c2">“ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে উক্ত দুআটো প্রত্যেক চালাতৰ পাছত পাঠ কৰিছিল।”
ছহীহ - ইয়াক মুছলিমে বৰ্ণনা কৰিছে

ব্যাখ্যা

আব্দুল্লাহ ইবনু যুবাইৰ ৰাদ্বিয়াল্লাহুমাই যেতিয়া ফৰজ চালাতৰ ছালাম ফিৰাইছিল তেতিয়া তেওঁ এই মহান দুআটো পাঠ কৰিছিল, ইয়াৰ মাজত আছে মহান গুৰুত্বপূৰ্ণ অর্থ, যেনে প্রকৃত দাসত্ব বা ইবাদত একমাত্ৰ আল্লাহৰ বাবে হ’ব লাগে, ইবাদতত তেওঁৰ কোনো অংশীদাৰ নাই। প্ৰকাশ্য-অপ্ৰকাশ্য সৰ্বতো প্ৰকাৰৰ ৰাজত্ব একমাত্ৰ তেওঁৰ বাবেই সাব্যস্ত, সকলো অৱস্থাতে তেওঁ প্রশংসাৰ অধিকাৰী আৰু তেৱেঁই সর্বময় ক্ষমতাৰ অধিকাৰী। ঠিক সেইদৰে সেই দুআৰ মাজত আছে বান্দাৰ ফালৰ পৰা তাৰ প্ৰতিপালকৰ ওচৰত অক্ষমতা, দুর্বলতা আৰু শক্তি-বুদ্ধিৰ ক্ষেত্ৰত অক্ষম হোৱাৰ স্বীকৃতি। এই দুআৰ মাজত এই কথাও স্বীকাৰ কৰা হৈছে যে, আল্লাহৰ বাহিৰে অনিষ্টক প্রতিহত কৰিবলৈ বান্দাৰ কোনো ক্ষমতা নাই আৰু কল্যাণ লাভ কৰিবলৈও শক্তি নাই। অনুৰূপভাৱে এই বৰকতময় দুআটোত অন্তৰ্ভুক্ত আছে যাৱতীয় নি‘আমতৰ সম্বোধন, লগতে পৰিপূৰ্ণ গুণৰ সম্বোধন, লগতে এই কথাও উল্লেখ আছে যে, সকলো সুন্দৰ দুআ আল্লাহৰেই প্ৰাপ্য, তেওঁ সত্তাগতভাৱে, গুণগতভাৱে, কর্ম, নি‘আমত তথা সকলো অৱস্থাতে মহান। ইয়াৰ পিছত এই দুআটোক তাওহীদৰ কলিমা লা ইলাহা ইল্লাহৰ দ্বাৰা শেষ কৰা হৈছে। লগতে এই কথাও স্মৰণ কৰোৱা হৈছে যে, ইখলাচৰ সৈতে ইবাদতৰ যোগ্য একমাত্ৰ আল্লাহ তাআলা। যদিও কাফিৰসকলে ইয়াক অপছন্দ নকৰক কিয়। ইয়াৰ পিছত আব্দুল্লাহ ইবনে যুবাইৰ ৰাদ্বিয়াল্লাহু আনহুৱে উল্লেখ কৰিছে যে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে নামাজৰ ছালাম ফিৰোৱাৰ পিছত এইবোৰ বাক্যৰে তাহলীল কৰিছিল। তেখেতে এইবোৰ উচ্চস্বৰে পাঠ কৰিছিল, যাতে উপস্থিত লোকসকলে শিকিব পাৰে।

অনুবাদ: ইংৰাজী ফৰাচী স্পেনিচ তুৰ্কী উৰ্দু ইন্দোনেচিয়ান বোছনিয়ান ৰুচিয়ান বাংলা চাইনিজ ফাৰ্চি তাগালোগ হিন্দী ভিয়েতনামীজ ছিনহালী উইঘোৰ কুৰ্দী হাউছা পুৰ্তুগিজ মালয়ালম তেলেগু ছাৱাহিলী তামিল বৰ্মী থাই জাৰ্মান জাপানিজ পুস্তু আল বানিয়ান السويدية الأمهرية الهولندية الغوجاراتية الدرية
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. প্রত্যেক ফৰজ চালাতৰ পিছত পৰিপূর্ণ গুণবিশিষ্ট্য তথা মহত্বপূৰ্ণ এই দুআবোৰ নিয়মিত পাঠ কৰা মুস্তাহাব।
  2. দ্বীনৰ ভিত্তি ইখলাচ আৰু অনুকৰণৰ ওপৰত প্ৰতিষ্ঠিত। এতেকে এই দুটাই ইছলামক পৰিচালনা কৰে।
  3. ছুন্নাহৰ বাস্তৱায়ন আৰু প্ৰচাৰ-প্ৰসাৰৰ ক্ষেত্ৰত চাহাবাসকলৰ আগ্রহ।
  4. মুছলিম ব্যক্তিয়ে নিজৰ দ্বীনৰ জৰিয়তে সন্মান লাভ কৰে। সেয়ে তেওঁ ইছলামৰ নিদর্শনসমূহ প্রচাৰ কৰা উচিত; যদিও কাফিৰসকলে সেইটোক অপছন্দ নকৰক কিয়।
অধিক