عن ثَوْبَان رضي الله عنه قال: كان رسول الله صلى الله عليه وسلم إذا انْصَرف من صلاته اسْتَغْفَر ثلاثا، وقال: «اللهُمَّ أنت السَّلام ومِنك السَّلام، تَبَارَكْتَ يا ذا الجَلال والإكْرَام».
[صحيح] - [رواه مسلم]
المزيــد ...

ছাওবান ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে চালাতৰ ছালাম ফিৰাই তিনিবাৰ `আছতাগফিৰুল্লাহ‘ পাঠ কৰিছিল। তাৰ পিছত এই দুআ পাঠ কৰিছিল, (اللهم أنت السلام ومنك السلام، تباركت يا ذا الجلال والإكرام) ¬হে আল্লাহ! আপুনিয়ে শান্তি প্ৰদানকাৰী, শান্তি আপোনাৰ পৰাই প্ৰসাৰিত হয়, আপুনি বৰকতময়। হে মহিমাময় তথা মহানুভৱ।
ছহীহ - ইয়াক মুছলিমে বৰ্ণনা কৰিছে

ব্যাখ্যা

হাদীছটোত বৰ্ণিত হৈছে যে, নামাজৰ পিছত মুছল্লীয়ে তিনিবাৰ আচতাগফিৰুল্লাহ পাঠ কৰা মুস্তাহাব। তাৰ পিছত এই দুআ পঢ়িব লাগে, (اللَّهُمَّ أَنْتَ السَّلَامُ وَمِنْك السَّلَامُ، تَبَارَكْتَ يَا ذَا الْجَلَالِ وَالْإِكْرَامِ) ¬ "c2">“হে আল্লাহ! আপুনিয়ে শান্তি প্ৰদানকাৰী, শান্তি আপোনাৰ পৰাই প্ৰসাৰিত হয়, আপুনি বৰকতময়। হে মহিমাময় তথা মহানুভৱ”। ইয়াৰ বাহিৰেও নামাজৰ পিছত পঢ়িবলগীয়া আৰু বহুতো দুআ বিভিন্ন হাদীছত বৰ্ণিত আছে।

অনুবাদ: ইংৰাজী ফৰাচী স্পেনিচ তুৰ্কী উৰ্দু ইন্দোনেচিয়ান বোছনিয়ান ৰুচিয়ান বাংলা চাইনিজ ফাৰ্চি তাগালোগ হিন্দী ভিয়েতনামীজ ছিনহালী উইঘোৰ কুৰ্দী হাউছা পুৰ্তুগিজ মালয়ালম তেলেগু ছাৱাহিলী তামিল বৰ্মী থাই জাপানিজ পুস্তু আল বানিয়ান السويدية الأمهرية الهولندية الغوجاراتية الدرية
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. এই হাদীছৰ দ্বাৰা সেইসকল লোকৰ মন্তব্যক খণ্ডন কৰিব পাৰি যিসকলে কয় যে, ছালাম ফিৰোৱাৰ পিছত তাকবীৰ ক’ব লাগে।
  2. এইটোৰ দ্বাৰা প্ৰমাণিত হয় যে, ‘ছালাম’ (ৰক্ষাকাৰী, নিৰাপত্তা দানকাৰী) হৈছে আল্লাহৰ এটা নাম আৰু গুণ। তেওঁ যাৱতীয় দুর্বলতা আৰু দোষ-ত্রুটিৰ পৰা মুক্ত। তেৱেঁই বান্দাসকলক দুনিয়া আৰু আখিৰাতৰ অনিষ্টতাৰ পৰা ৰক্ষা কৰে তথা নিৰাপত্তা দান কৰে।
অধিক