عَنْ وَائِل بن حُجرٍ رضي الله عنه قَالَ:
صَلَّيْتُ مَعَ النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ، فَكَانَ يُسَلِّمُ عَنْ يَمِينِهِ: «السَّلَامُ عَلَيْكُمْ وَرَحْمَةُ اللَّهِ وَبَرَكَاتُهُ»، وَعَنْ شِمَالِهِ: «السَّلَامُ عَلَيْكُمْ وَرَحْمَةُ اللَّهِ».

[حسن] - [رواه أبو داود] - [سنن أبي داود: 997]
المزيــد ...

অয়েল বিন হুজৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ
মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে নামাজ পঢ়িছোঁ, তেখেতে সোঁফালে ছালাম ফিৰাই কৈছিলঃ "আচ্ছালামু আলাইকুম অৰাহমাতুল্লাহি অবাৰাকাতুহ"। এইদৰে বাওঁফালে ছালাম ফিৰাই কৈছিলঃ "আচ্ছালামু আলাইকুম অৰাহমাতুল্লাহ।"

[হাছান] - [(আবু দাঊদ)] - [ছুনান আবি দাঊদ - 997]

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে নামাজৰ পৰা যেতিয়া ছালাম ফিৰাইছিল তেতিয়া সোঁফালে মুখ কৰি কৈছিলঃ "আচ্ছালামু আলাইকুম অৰাহমাতুল্লাহি অবাৰাকাতুহ।" এইদৰে বাওঁফালে মুখ কৰি "আচ্ছালামু আলাইকুম অৰাহমাতুল্লাহ" বুলি কৈ ছালাম ফিৰাইছিল।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

  1. নামাজৰ শেষত দুয়োফালে ছালাম ফিৰাব লাগে। এইটো নামাজৰ এটা ৰুকন।
  2. কেতিয়াবা কেতিয়াবা ছালামত অতিৰিক্ত (অবাৰাকাতুহ) শব্দটো যোগ কৰা উত্তম। কিয়নো নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কেতিয়াবা কেতিয়াবাহে কৰিছিল, সদায় এনেকৈ কৰা নাছিল।
  3. নামাজত দুয়োফালে ছালাম ফিৰোৱাটো এটা ওৱাজিব ৰুকন। কিন্তু সোঁফালে আৰু বাওঁফালে মুখ কৰাটো হৈছে এটা মুস্তাহাব বিষয়।
  4. সোঁফালে আৰু বাওঁফালে মুখ ঘূৰোৱাৰ সময়ত (আচ্ছালামু আলাইকুম অৰাহমাতুল্লাহ) ক'ব লাগে, ইয়াৰ আগতো নহয় আৰু পিছতো নহয়।
অনুবাদ চাওক
ভাষা: الإنجليزية الأوردية الإسبانية অধিক (46)
অধিক