عن أَبي هُرَيْرَةَ رضي الله عنه:
أنه كَانَ يُكَبِّرُ فِي كُلِّ صَلَاةٍ مِنَ الْمَكْتُوبَةِ وَغَيْرِهَا، فِي رَمَضَانَ وَغَيْرِهِ، فَيُكَبِّرُ حِينَ يَقُومُ، ثُمَّ يُكَبِّرُ حِينَ يَرْكَعُ، ثُمَّ يَقُولُ: سَمِعَ اللهُ لِمَنْ حَمِدَهُ، ثُمَّ يَقُولُ: رَبَّنَا وَلَكَ الْحَمْدُ، قَبْلَ أَنْ يَسْجُدَ، ثُمَّ يَقُولُ: اللهُ أَكْبَرُ حِينَ يَهْوِي سَاجِدًا، ثُمَّ يُكَبِّرُ حِينَ يَرْفَعُ رَأْسَهُ مِنَ السُّجُودِ، ثُمَّ يُكَبِّرُ حِينَ يَسْجُدُ، ثُمَّ يُكَبِّرُ حِينَ يَرْفَعُ رَأْسَهُ مِنَ السُّجُودِ، ثُمَّ يُكَبِّرُ حِينَ يَقُومُ مِنَ الْجُلُوسِ فِي الِاثْنَتَيْنِ، وَيَفْعَلُ ذَلِكَ فِي كُلِّ رَكْعَةٍ، حَتَّى يَفْرُغَ مِنَ الصَّلَاةِ، ثُمَّ يَقُولُ حِينَ يَنْصَرِفُ: وَالَّذِي نَفْسِي بِيَدِهِ، إِنِّي لَأَقْرَبُكُمْ شَبَهًا بِصَلَاةِ رَسُولِ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ، إِنْ كَانَتْ هَذِهِ لَصَلَاتَهُ حَتَّى فَارَقَ الدُّنْيَا.
[صحيح] - [متفق عليه] - [صحيح البخاري: 803]
المزيــد ...
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত,
ৰমাজান মাহৰ চালাত বা আন কোনো মাহৰ চালাত ফৰজ হওক বা বেলেগ কোনো চালাত, প্ৰত্যেক চালাততে তেওঁ তাকবীৰ দিছিল। প্ৰথমে থিয় হোৱাৰ সময়ত তাকবীৰ দিছিল। ইয়াৰ পিছত ৰুকু কৰাৰ সময়ত তাকবীৰ দিছিল। (আকৌ ৰুকুৰ পৰা উঠোঁতে) ছামি আল্লাহু লিমান হামিদাহ কৈছিল। ইয়াৰ পিছত ৰুকুত যোৱাৰ আগতেই ৰাব্বানা অলাকাল হাম্দ পাঠ কৰিছিল। ইয়াৰ পিছত আল্লাহু আকবাৰ কৈ ছাজদাহ কৰিছিল। আকৌ ছাজদাৰ পৰা উঠোঁতে আল্লাহু আকবাৰ কৈছিল। পুনৰ ছাজদাহ কৰোঁতে আল্লাহু আকবাৰ কৈছিল, আকৌ ছাজদাৰ পৰা উঠোঁতে আল্লাহু আকবাৰ কৈছিল। দুই ৰাকাত শেষ কৰি বৈঠকৰ পৰা তৃতীয় ৰাকাতৰ বাবে উঠিবলৈও আল্লাহু আকবাৰ কৈছিল। এইদৰেই তেওঁ চালাত শেষ নোহোৱালৈকে প্ৰত্যেক ৰাকাততে তাকবীৰ দিছিল। চালাত শেষ কৰি তেওঁ কৈছিলঃ সেই সত্ত্বাৰ শপত, যাৰ হাতত মোৰ প্ৰাণ আছে, তোমালোকতকৈ মোৰ চালাত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ চালাতৰ সৈতে অধিক সাদৃশ্যপূৰ্ণ। পৃথিৱীৰ পৰা বিদায় লোৱাৰ সময় পৰ্যন্ত এইটোৱে আছিল নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ চালাতৰ পদ্ধতি।
[ছহীহ] - [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})] - [ছহীহ বুখাৰী - 803]
হাদীছটোত আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৱে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ চালাতৰ পদ্ধতিৰ এটা অংশ বৰ্ণনা কৰিছে। তেওঁ কৈছে যে, তেখেতে চালাতৰ বাবে থিয় হৈ প্ৰথমে তাকবীৰে তাহৰীমা দিছিল। ইয়াৰ পিছত ৰুকু কৰোঁতেও তাকবীৰ দিছিল, লগতে ছাজদাহ কৰোঁতে আৰু ছাজদাৰ পৰা উঠোঁতেও তাকবীৰ দিছিল। এইদৰে দ্বিতীয় ছাজদাহ দিয়াৰ সময়ত আৰু দ্বিতীয় ছাজদাৰ পৰা উঠোঁতেও তাকবীৰ দিছিল। এইদৰে তিনি বা চাৰি ৰাকাত বিশিষ্ট চালাতত প্ৰথম তাশ্বাহহুদৰ পৰা তৃতীয় ৰাকাতৰ বাবে উঠোঁতেও তাকবীৰ দিছিল। এইদৰেই তেখেতে প্ৰত্যেক ৰাকাততে তাকবীৰ দি চালাত সম্পন্ন কৰিছিল। তেখেতে ৰুকুৰ পৰা উঠোঁতে ছামি আল্লাহু লিমান হামিদাহ কৈছিল, লগতে থিয় হৈ থকা অৱস্থাতে কৈছিল, ৰাব্বানা লাকাল হাম্দ।
চালাতৰ পদ্ধতি উপস্থাপন কৰি আবু হুৰাইৰাই কৈছেঃ সেই সত্ত্বাৰ শপত, যাৰ হাতত মোৰ প্ৰাণ আছে, তোমালোকতকৈ মোৰ চালাত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ চালাতৰ সৈতে অধিক সাদৃশ্যপূৰ্ণ। পৃথিৱীৰ পৰা বিদায় লোৱাৰ সময় পৰ্যন্ত এইটোৱে আছিল নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ চালাতৰ পদ্ধতি।