+ -

عن حُذَيْفَةَ رضي الله عنه:
أَنَّ النَّبِيَّ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ كَانَ يَقُولُ بَيْنَ السَّجْدَتَيْنِ: «رَبِّ اغْفِرْ لِي، رَبِّ اغْفِرْ لِي».

[صحيح] - [رواه أبو داود والنسائي وابن ماجه وأحمد] - [سنن ابن ماجه: 897]
المزيــد ...

হুজাইফা ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত যে,
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে দুই ছাজদাৰ মাজত এই দুআটো পঢ়িছিলঃ "ৰাব্বিগফিৰ লী, ৰাব্বিগফিৰ লী।"

[ছহীহ] - [(আবু দাঊদ, ইবনে মাজাহ, নাছায়ী, আহমদ)] - [ছুনান ইবনে মাজাহ - 897]

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে দুই ছাজদাৰ মাজৰ বৈঠকত এই দুআটো বাৰে বাৰে পঢ়িছিল, "ৰাব্বিগফিৰ লী, ৰাব্বিগফিৰ লী।"
ৰাব্বিগফিৰ লীৰ অৰ্থ হৈছে, বান্দাই আল্লাহৰ ওচৰত নিজৰ গুনাহ মাৰ্জনাৰ আবেদন কৰা তথা দোষ-ত্ৰুটি গোপন ৰখাৰ প্ৰাৰ্থনা কৰা।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. ফৰজ হওক বা নফল নামাজ, দুই ছাজদাৰ মাজত এই দুআ পাঠ কৰাটো চৰীয়ত অনুমোদিত।
  2. ৰাব্বিগফিৰ লী, এবাৰ পাঠ কৰা ওৱাজিব, বাৰে বাৰে পাঠ কৰাটো মুস্তাহাব।
অনুবাদ: ইংৰাজী উৰ্দু ইন্দোনেচিয়ান উইঘোৰ বাংলা তুৰ্কী বোছনিয়ান ছিনহালী হিন্দী চাইনিজ ফাৰ্চি ভিয়েতনামীজ তাগালোগ কুৰ্দিশ হাওছা পৰ্তুগীজ মালয়ালম তেলেগু শ্বাহিলী তামিল বাৰ্মিজ থাই পুস্তু আলবেনীয়ান ছুইডিছ আমহাৰিক ডাচ গুজৰাটী কিৰ্গিজ নেপালী ইউৰোবা লিথুৱেনিয়ান দাৰী ছাৰ্বিয়ান ছোমালি কিনিয়াৰাৱাণ্ডা ৰোমানিয়ান হাংগেৰী চেক الموري মালাগাছী ইটালিয়ান ওৰোমো কান্নাড়া الولوف আজেৰি ইউক্ৰেইনীয়ান الجورجية
অনুবাদ চাওক
অধিক